আজমল ফাউণ্ডেচন-হোজাই জিলা প্ৰশাসনৰ উদ্যোগত “বিশ্ব ধঁপাতবিৰোধী দিৱস”উদযাপন
নিয়মীয়া বার্তা, ৩১ মে : সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি আজি হোজাই জিলা প্ৰশাসন আৰু আজমল ফাউণ্ডেচনৰ উদ্যোগত বিশ্ব ধঁপাতবিৰোধী দিৱস-২০২২ উদযাপন কৰা হয়। হোজাইৰ আদৰ্শ বজাৰৰ আজমল কলেজ অৱ আৰ্টছ কমাৰ্চ এণ্ড চাইন্স কলেজত এক সজাগতা মূলক অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত আজমল গ্ৰুপ অৱ কলেজৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা এক নাটৰ জৰিয়তে ধঁপাতৰ বিৰুদ্ধে সজাগ কৰাৰ প্ৰয়াস কৰে৷ ইয়াৰ উপৰিও হোজাই চহৰত ছাত্ৰ-ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰী আৰু আজমল ফাউণ্ডেচনৰ সমূহ বিষয়াবৱীয়াসকলে মিলিত হৈ প্ৰায় ৬০০ লোকৰ এক সমদল উলিয়াই ধপাঁতৰ অপকাৰিতা সন্দৰ্ভত সকলোকে সজাগ কৰাৰ প্ৰয়াস কৰে৷ এই অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ সঞ্চালক খচৰুল ইছলাম, হোজাই ৰাজহ চক্ৰ বিষয়া চন্দন বুঢ়াগোহাঁই উপস্থিত থাকি ভাষণ প্ৰদান কৰে। উল্লেখযোগ্য যে “বিশ্ব ধঁপাতবিৰোধী দিৱস” উপলক্ষে আজমল গ্ৰুপ অৱ কলেজৰ ১০হাজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ধপাঁত বিৰোধী শ্লোগান লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । এই দিৱসৰ লগত সংগতি ৰাখি ডবকাৰ চাংমাজি এম ই স্কুলৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে এক সজাগতা সমদল উলিয়ায়।
প্ৰেৰক কিশলয় ডি গোস্বামী