নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া জিলা কাৰাগাৰত বিনা চিকিৎসাই হাজোতীৰ মৃত্যু

বাৰ্তা ব্যুৰো, ২৭ আগষ্টঃ বিগত বৰ্ষত তিনিচুকীয়াৰ কাৰাগাৰত এগৰাকী মহিলা চিকিৎসাৰ অভাবত কৰুণভাৱে মৃত্যুক সাবটি লোৱাৰ এক গুৰুত্ব অভিযোগ শেহতীয়াকে পোহৰলৈ অহাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তিনিচুকীয়াত৷ বিশেষকৈ মৃত মহিলাগৰাকীৰ লগতে একে সময়তে তিনিচুকীয়াৰ কাৰাগাৰত থকা এগৰাকী হাজোতীয়ে পৰৱৰ্ত্তী পৰ্য্যায়ত মৃতকৰ ঘৰলৈ দিয়া এখন তিনি পৃষ্ঠাৰ চিঠিয়ে দাঙি ধৰিছে কাৰাগাৰৰ অন্য এক ছবি ৷ মৃত লীলা কৰ নামৰ মহিলাগৰাকীৰ একমাত্ৰ ভতিজাক প্ৰদীপ দাসে জানিবলৈ দিয়া মতে ফিলবাৰী থানাৰ অন্তৰ্গত বৰডুবি ফিলবাৰীৰ বাসিন্দা লীলা কৰক এটা গোচৰৰ আধাৰত থানাই আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছি ৷ পৰৱত্তী পয্যায়ত হাৰ্টৰ ৰোগী লীলা কৰে কাৰাগাৰত চিকিৎসা বিচাৰিছিল যদিও চিকিৎসাতো বাদেই সামান্য দৰবো পোৱা নাছিল ৷ লীলা কৰৰ পৰিয়ালৰ আন সদস্যই দৰৱ দিবলৈ যাওতে অপমান হে পাইছিল জেল কতৃপক্ষৰ পৰা ৷ আনকি লীলা কৰলৈ নিয়া কাপোৰ ফলমূল টকা পয্যন্ত লীলা কৰক  দিয়া নাছিল ৷ জানিব দিয়া মতে তিনিচুকীয়াৰ কাৰাগাৰৰ অধ্যক্ষক পৰিয়ালৰ সদস্যসকলে লীলা কৰক চিকিৎসাৰ কথা  কওতে অপমান কৰি খেদি পঠিওৱাৰ হে গুৰুত্বৰ অভিযোগ আছে৷ ইয়াৰ পৰৱত্তী পয্যায়ত লীলা কৰৰ জামিন লৈ কৰৰ ভতিজাক তথা পৰিয়ালৰ সদস্য সকলে কাৰাগাৰলৈ যাওতে কাৰাগাৰৰ সহকাৰী কাৰাধ্যক্ষই লীনা কৰা জেলত নাই তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত থকা বুলিহে জানিব দিয়ে৷ পৰিয়ালৰ সদস্যসকল ততাতৈয়াকে চিকিৎসালয়লৈ আহে যদিও জেল কতৃপক্ষক লোকে তাতো লগ ধৰিব নিদিলে ৷ পৰৱত্তী অৱস্থাত লীলা কৰৰ মৃতু হল বুলি জানিব দি উকা কাগজত চহী কৰাই লৈছিল৷ কৰৰ একমাত্ৰ ভতিজাকে জানিব দিয়া মতে চিকিৎসা নোপোৱাৰ বাবে আনকি কাৰাগাৰলৈ অহা দুগৰাকী চিকিৎসকে লীলা কৰক শীঘ্ৰে উন্নত চিকিসাৰ দিবলৈ জনোৱাৰ পাছতো কাৰাগাৰ কতৃপক্ষই কোনো ব্যৱস্হাই নললে৷ যাৰ বাবে পৰৱত্তী সময়ত কাৰাগাৰৰ বাৰান্দাতে আন মহিলা হাজোতীৰ সৈতে বহি থাকোতেই হথাৎ লীলা কৰ ঢলি পৰি উশাস নিশাহ বন্ধ হৈ যায়।  তাৎপয্যপূৰ্ণভাৱে এই সকলো কথা উক্ত বেনামী চিঠি খনত লিখাৰ ওপৰি লীলা কৰ কাৰাগাৰৰ ভিতৰতে মৃত্যু হোৱা বুলি দাবী কৰে৷ ৰহস্যপূৰ্ণ তিনিপৃষ্ঠা জোৰা চিঠিখন পৰিয়ালে পোৱাৰ পাছতে হুলস্হুল লাগে পৰিয়ালৰ সদস্যসকলৰ মাজত ৷ যাৰবাবে সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰি মৃত লীলা কৰৰ পৰিয়ালে মানৱ অধিকাৰ আয়োগ, তিনিচুকীয়াৰ মূখ্য ন্যায়িক দণ্ডাধীষ, মহিলা আয়োগ..আই জি জেল গুৱাহাটি,তিনিচুকীয়াৰ উপায়ুক্ত,আৰক্ষী অধীক্ষকৰ লগতে অসমৰ মূখ্যমন্ত্ৰলৈ লিখিত অভিযোগ আৰু তদন্তৰ দাবী জনাই পত্ৰ প্ৰেৰণ কৰে ৷ যাৰ পৰৱত্তী পয্যায়ত যোৰহাটস্হ DIG কাৰাগাৰ বিষয়া আহি এক তদন্ত কৰে যদিও কোনো কঠোৰ ব্যৱস্হা নোলোৱাৰ অভিযোগ উঠিছে ৷ মৃত লীলা কৰৰ পৰিয়ালে দাবী কৰা তিনিচুকীয়া কাৰাগাৰৰ অধ্যক্ষ উৎপল দুৱৰা,.কাৰাধ্যক্ষ প্ৰবিন তামুলি আৰু সহকাৰী কাৰাধ্যক্ষ ৰিটুৰাজ চেতিয়াই লীলা কৰৰ মৃত্যঃ বাবে দায়ী কৰি কঠোৰ শাস্তিৰ দাবী কৰিছিল যদিও বিষয়টি গাপ দিবৰ বাবে ৰিটুৰাজ চেতিয়াক গৃহ জিলা শিৱসাগৰলৈ বদলি কৰিয়ে তদন্ত শেষ কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷ টকা নিদিলে কোনো কাম নকৰা কাৰাগাৰৰ বিষয়া চিপাহী সকলে তিলমানো কয়দি ,হাজোতিক সহায় কৰাতো বাদেই পৰিয়ালৰ সদস্য সকলকো লগ কৰিব নিদিয়ে বুলি মৃত লীলা কৰৰ পৰিয়ালৰ সদস্যসকলে নিয়মীয়া বাৰ্তাক জানিবলৈ দিয়ে৷ শেষতীয়াকে সমগ্ৰ বিষয়টি লৈ উচিৎ তদন্তৰ দাবীত পৰিয়ালৰ সদস্য সকলে বিভিন্ন জনৰ ওচৰত কাকুটি মিনতি কৰি থকাৰ পৰতে মানব অধিকাৰ আয়োগে তিনিচুকীয়াৰ আয়ুক্তলৈ দিয়া চিঠিৰ পৰিপেক্ষিতত আয়ুক্তই যাৱতীয় তদন্তৰ নিদেশ দিছে৷ ইতিমধ্যে আয়ুক্ত কায্যালয়ৰ এগৰাকী কায্যবাহী দন্ডাধীশে  তিনিচুকীয়া জিলা কাৰাগাৰৰ কাৰাধ্যক্ষ প্ৰবিন তামুলী, মৃত লীলা কৰৰ স্বাস্থ্য পৰীক্ষা কৰা দুই চিকিৎসক বৰ্ণালী বৰুৱা, চয়তা ধান্দি আৰু মৃতাৰ ভতিজাকক তলব কৰিছে ৷ তিনিচুকীয়াৰ জিলা কাৰাগাৰত বিনা চিকিৎসাই হাজোতী মৃত্যু হোৱাৰ ঘটনাই এতিয়া ৰাজ্যখনৰ কাৰাগাৰ ব্যৱস্থাক লৈ সন্দেহৰ আঙুলি উঠিছে৷ সকলোৰে চকুত ভাহি উঠিছে কাৰাগাৰ সমূহৰ কলা অধ্যায় ৷
প্ৰেৰক ৰঞ্জিত দত্ত
You might also like