বাঘজান তৈলক্ষেত্র সম্পূর্ণ বন্ধৰ নির্দেশঃ ২২ তেল–গেছ খাদত চলাব নোৱাৰিব খনন–উৎপাদন
নিয়মীয়া বাৰ্তা, ২১ জুনঃ তিনিচুকীয়াৰ বাঘজান তৈলখাদত সংঘটিত ভয়াৱহ গেছ নির্গমন আৰু অগ্ণিকাণ্ডই জীৱন–জীৱিকা আৰু জৈৱ–বৈচিত্র্যৰ প্রতি নমাই আনিছে ভাবুকি৷ চৰকাৰী নীতি–নির্দেশনাক অংগুষ্ঠ প্রদর্শন কৰি খননকার্যত চলাই অহা অইল ইণ্ডিয়াৰ বাঘজান তৈলক্ষেত্রত খনন–উৎপাদন সম্পূর্ণৰূপে বন্ধ কৰিবলৈ নির্দেশ দিছে অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদে৷
যাৱতীয় অনুমতি নোহোৱাকৈয়ে তথা আইন বিৰুদ্ধ কার্যৰ বাবে তৈলক্ষেত্রখনত কৰি অহা খনন–উৎপাদনৰ বাবে এই নির্দেশনা জাৰি কৰিছে খর্গহস্ত পৰিষদে৷ তদুপৰি তৈল খননৰ সময়ত পালন কৰিবলগীয়া বহু নীতি–নিয়ম বছৰ বছৰ ধৰি অইল ইণ্ডিয়াই ভংগ কৰি অহাৰো গুৰুতৰ তথ্য উন্মোচিত হৈছে পৰিষদৰ শেহতীয়া নির্দেশনাত৷ অইল ইণ্ডিয়াৰ আৱাসিক মুখ্য কার্যবাহীলৈ কালি পৰিষদে প্রেৰণ কৰা এখন জাননীত উল্লেখ কৰা অনুসৰি প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ পৰা কোনো অনুমতি নোহোৱাকৈয়ে তেওঁলোকে চলাই আহিছিল বাঘজান তৈলক্ষেত্রৰ খনন–উৎপাদনৰ কাম৷ ইয়াৰ জৰিয়তে অইল ইণ্ডিয়াই জল আইন–১৯৭৪, বায়ু আইন–১৯৮১ আৰু পৰিৱেশ (সুৰক্ষা) আইন–১৯৮৬ গুৰুতৰ ৰূপে ভংগ কৰিছে৷
জাননীখনত উল্লেখ কৰা অনুসৰি তৈল খনন–উৎপাদনৰ ক্ষেত্রত জুলিয়া আৱর্জনা নিষ্কাশনৰ বাবে কোনোধৰণৰ বিজ্ঞানসন্মত ব্যৱস্থা গ্রহণ কৰা নাছিল অইল ইণ্ডিয়াই৷ তদুপৰি ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ অন্তর্গত পৰিৱেশ স্পর্শকাতৰ মণ্ডলৰ অন্তর্গত মাগুৰী মটাপুং বিলৰ পৰা মাত্র ৫০০ মিটাৰ দূৰত্বত অৱস্থিত বাঘজান তৈলক্ষেত্রই ব্যাপক ভাবুকি সৃষ্টি কৰা বুলিও পৰিষদৰ জাননীখনত কোৱা হৈছে৷ তৈল খনন–উৎপাদন আৰু গেছখাদৰ পৰা নির্গমন হোৱা পৰিৱেশৰ প্রতি হানিকাৰক আৱর্জনা মাগুৰী মটাপুং জলাশয়লৈ নোযোৱাৰ বাবে পৃথকে নলা–নর্দমাৰ ব্যৱস্থা কৰিব লাগিছিল৷ কিন্তু এই ক্ষেত্রত ব্যর্থ হৈছে অইল ইণ্ডিয়া৷ একেদৰে খনন–উৎপাদনৰ সময়ত হ’ব পৰা যিকোনো দুর্ঘটনাৰ বাবে স্থাপন কৰিবলগীয়া সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰাতো অইল ইণ্ডিয়া ব্যর্থ হোৱা বুলি পৰিষদে জাননীখনত উল্লেখ কৰিছে৷
তদুপৰি তৈল খনন–উৎপাদনৰ নামত অইল ইণ্ডিয়াই ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যান আৰু মাগুৰী মটাপুং জলাশয়ত থকা প্রাণীকুল ধ্বংস কৰিছে বুলিও গুৰুতৰ অভিযোগ কৰিছে জাননীখনত৷ উপযুক্ত সুৰক্ষামূলক ব্যৱস্থা গ্রহণ নকৰাকৈ তৈল খনন–উৎপাদন কৰি অহাৰ বাবেই শেহতীয়া দুর্ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰা জাননীখনৰ জৰিয়তে পৰিষদে শীঘ্রে ৫নং খাদত সংঘটিত অগ্ণিকাণ্ড নির্বাপিত কৰিবলৈ নির্দেশ দিছে৷ আনহাতে, যাৱতীয় বিধি অনুসৰি প্রতিবছৰে অইল ইণ্ডিয়াই বার্ষিক প্রতিবেদন প্রদূষণ নিয়ন্ত্রণ পৰিষদক দাখিল কৰাটো বাধ্যতামূলক৷ কিন্তু অইল ইণ্ডিয়াই কোনোধৰণৰ প্রতিবেদন পৰিষদক দাখিল কৰা নাই৷ উল্লেখ্য যে দীর্ঘদিনে অইল ইণ্ডিয়াই কৰি অহা এনেধৰণৰ নীতি–নিয়ম ভংগৰ বিৰুদ্ধে যোৱা ১০ জুনত এখন কাৰণ দর্শোৱাৰ জাননীও প্রদূষণ নিয়ন্ত্রণ পৰিষদে জাৰি কৰিছিল৷ অৱশ্যে এই কাৰণ দর্শোৱাৰ জাননীৰ উত্তৰ প্রদান কৰিবলৈ অধিক সময় বিচাৰিছিল অইল ইণ্ডিয়াই৷
প্রদূষণ নিয়ন্ত্রণ পৰিষদে কাৰণ দর্শোৱাৰ জাননীৰ উত্তৰ প্রদান কৰিবলৈ অধিক সময় প্রদান কৰিবলৈ অমান্তি প্রকাশ কৰিছে৷ সেয়েহে উক্ত নীতি–নিয়মসমূহ ভংগ কৰি অহাৰ পৰিপ্রেক্ষিতত প্রদূষণ নিয়ন্ত্রণ পৰিষদে পৰিৱেশ সুৰক্ষা আইনৰ ৫ নম্বৰ ধাৰা, জল (প্রদূষণ নিয়ন্ত্রণ আৰু প্রতিৰোধ) আইনৰ ৩৩ এ ধাৰা আৰু বায়ু (প্রদূষণ নিয়ন্ত্রণ আৰু প্রতিৰোধ) আইনৰ ৩১ এ ধাৰাৰ অধীনত লাভ কৰা ক্ষমতা অনুসৰি বাঘজান তৈলক্ষেত্রত খনন–উৎপাদন সম্পূর্ণৰূপে বন্ধ কৰিবলৈ নির্দেশ দিছে৷ উল্লেখ্য যে বাঘজান তৈলক্ষেত্রত থকা মুঠ খাদৰ সংখ্যা হৈছে ২২টা৷ ইয়াৰে ১৮টা তৈলখাদ আৰু চাৰিটা গেছখাদ৷ যোৱা ২৭ মে’ৰ পুৱা ১০.৩০ বজাত বাঘজানৰ ৫ নম্বৰ তৈলখাদত গেছ–তেল নির্গমন হোৱাৰ লগতে ৯ জুনত অগ্নিকাণ্ড সংঘটিত হৈছিল৷ তেতিয়াৰ পৰা খাদটোৰ অগ্নি নির্বাপণ কৰিবলৈ সক্ষম হোৱা নাই অইল ইণ্ডিয়া৷
ইতিমধ্যে বিদেশৰ পৰা বিশেষজ্ঞ আনি তৈল খাদটোত সংঘটিত অগ্ণি নির্বাপণৰ চেষ্টা চলাইছে যদিও বিফল হৈছে তৈল প্রতিষ্ঠানটো৷ বাঘজানত সংঘটিত এই ভয়াৱহ ঘটনাৰ ফলত সমীপৱর্তী অঞ্চলসমূহৰ লোকসকলে ঘৰ–বাৰী এৰি আশ্রয় শিবিৰত থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে নিজৰ আইন ভংগকাৰী কার্যকলাপৰ বাবে বাঘজান তৈলক্ষেত্রত বন্ধ কৰি দিয়াৰ পৰিপ্রেক্ষিতত ব্যাপক লোকচানৰ সন্মুখীন হ’ব অইল ইণ্ডিয়া৷ তৈলক্ষেত্রখনৰ চাৰিটা গেছ খাদত দৈনিক গড়ে ১.৫ এম এম এছ চি এম গেছ উৎপাদন হোৱাৰ বিপৰীতে তেল উৎপাদন হয় ১২০০ কে এল পি ডি৷