নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘চীনৰ পৰা অহা আক্ৰমণকাৰী চাওলুং চুকাফা’

নিয়মীয়া বাৰ্তা, ১৮জুনঃ বৰ অসমৰ ভেঁটি গঢ়া চাওলুং চুকাফাৰ বিৰুদ্ধে  কটু মন্তব্য গৰ্গ চেতাৰ্জী নামৰ এজন লোকৰ। চীনৰ পৰা অহা আক্ৰমণকাৰী চুকাফা, চুকাফা দিৱসক অসমক দিৱস হিচাপে পালন কৰাক লৈও বিৰূপ মন্তব্য কৰে লোকজনে।

কলকাতাৰ এই লোকজনৰ অসম বিৰোধী মন্তব্যৰ বাবে ডিব্ৰুগড়ৰ ভাস্কৰ গগৈ নামৰ এজন লোকে ৰুজু কৰিছে গোচৰ। শীঘ্ৰে এই বিষয়ত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভাস্কৰ গগৈৰ।

এই সন্দৰ্ভত ভাস্কৰ গগৈয়ে কয় যে ভাৰত আৰু চীনৰ মাজত যিহেতু মতানৈক্য চলি আছে গতিকে এনে ধৰণৰ মন্তব্যই নিশ্চয়কৈ অসম তথা অসমবাসীক লৈ দেশবাসীৰ মাজত বিৰূপ প্ৰভাৱ সৃষ্টি কৰিব। তেওঁ আলফাকে ধৰি বিজেপিক সাঙুৰি ধৰিছে গতিকে ই এক ৰাজনৈতিক ষড়যন্ত্ৰও হ’ব পাৰে বুলিও সংবাদমাধ্যৰ আগত কয় ভাস্কৰ গগৈয়ে।

You might also like