ৰাজ্যত খোলা থাকিব আন্তঃজিলা যাতায়াতঃ কাৰ্ফিউ সময়তো চলিব পাৰিব নৈশ বাছ
নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ ৰাজ্যত অমিক্রনৰ সংক্রমণ আৰু শেহতীয়া ক’ভিড পৰিস্থিতি সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে ক’ভিডৰ নতুন এছঅপি ঘোষণা কৰে। শনিবাৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব এই নতুন এছঅপি। শুকুৰবাৰে বিয়লি দিছপুৰৰ জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা অথবা এটা ভেকচিন লোৱা সকলৰ বাবে হ’ব সম্পূৰ্ণ কাৰ্ফিউ।
আন্তঃজিলা যাতায়াত সম্পৰ্কত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ৰাজ্যত খোলা থাকিব আন্তঃজিলা যাতায়াত। কাৰ্ফিউ সময়তো চলিব পাৰিব নৈশ বাছ। কিন্তু সকলো যাত্ৰী দুটা ভেকচিন লোৱা হ’ব লাগিব।
ইপিনে চিটি বাছতো ১০০ শতাংশ যাত্ৰীৰ অনুমতি দিয়া হৈছে। কিন্তু সকলো যাত্ৰী দুটা ভেকচিন লোৱা হ’ব লাগিব। আনহাতে থিয় হৈ যাব নোৱাৰিব কোনো যাত্ৰী।
লগতে অটোত দুটা ভেকচিন লোৱা ৩ জন যাত্ৰী উঠিব পাৰিব। নিয়ম ভংগ কৰিলে বাহনৰ গৰাকীয়ে ভৰিব লাগিব ২৫০০০ জৰিমনা।