গুৱাহাটীত অনুষ্ঠিত ক্রেতা–বিক্রেতা সন্মিলনত কৃষকৰ সামগ্রী দেখি অভিভূত
অসমৰ নেমু–চাউল–আদা ৰপ্তানিত আগ্রহ বহু উদ্যোগপতিৰ
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ অসমত উৎপাদিত চাউল, নেমু, মাটিকঁঠাল, আদাকে ধৰি বিভিন্ন সামগ্রী বিদেশলৈ ৰপ্তানি কৰিবলৈ আগ্রহ প্রকাশ কৰিছে কেইবাগৰাকীও উদ্যোগপতি তথা বিদেশত প্রতিষ্ঠিত ৰপ্তানিকৰাীয়ে৷ গুৱাহাটীৰ তাজ ভিভাণ্টাত অনুষ্ঠিত ক্রেতা–বিক্রেতা সন্মিলনত অংশগ্রহণ কৰি নেদাৰলেণ্ডছ, ওমান, ছুইজাৰলেণ্ড, ডুবাই আদিৰ দৰে দেশলৈ বিভিন্ন সামগ্রী ৰপ্তানি কৰা উদ্যোগপতিয়ে ৰাজ্যত উৎপাদিত সামগ্রীসমূহ ৰপ্তানি কৰাৰ আগ্রহ প্রকাশ কৰে৷
অৱশ্যে এইক্ষেত্রত সাময়িকভাৱে প্রতিবন্ধকতাৰ সৃষ্টি কৰা আন্তঃগাঁথনিৰ সমস্যা দূৰ কৰাৰ লগতে সামগ্রীসমূহৰ মূল্য সংযোজন কৰিবলৈ তেওঁলোকে আহ্বান জনায়৷ আজি এই সন্মিলনত অংশগ্রহণ কৰি কৃষিমন্ত্রী অতুল বৰাই কয় যে অসমৰ পুনৰ নির্মাণৰ বাবে অসম চৰকাৰে ৰাজ্যখনৰ কৃষিখণ্ডৰ বিকাশত অগ্রাধিকাৰ ভিত্তিত গুৰুত্ব আৰোপ কৰিছে৷ এইক্ষেত্রত চৰকাৰে গ্রহণ কৰা বিভিন্ন সংস্কাৰমুখী সিদ্ধান্তৰ বাবেই আজি ৰাজ্যখনৰ নতুন প্রজন্মৰ উদ্যোগীৰ বাবে প্রথম পছন্দ হৈ উঠিছে অসমৰ কৃষিখণ্ড৷
কেন্দ্রীয় চৰকাৰৰ কৃষি আৰু সংশোধিত খাদ্য ৰপ্তানি উন্নয়ন প্রাধিকৰণ, চমুকৈ এপেডাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত আন্তর্জাতিক ক্রেতা–বিক্রেতা সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি কৃষিমন্ত্রী বৰাই কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ সামগ্রিক বিকাশৰ ক্ষেত্রত উত্তৰ–পূর্বাঞ্চলক বিশেষ গুৰুত্ব দিয়াৰ ফলত আজি এই অঞ্চলটো কৃষি উদ্যোগীৰ বাবে আকর্ষণীয় ক্ষেত্র হৈ পৰিছে৷ কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহৰ বিকাশৰ জৰিয়তে অসমক দেশৰ পাঁচখন অগ্রণী ৰাজ্যৰ এখন হিচাপে পৰিগণিত কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৃষিখণ্ডৰ ব্যাপক সংস্কাৰ সাধনত গুৰুত্ব দিছে৷ ইয়াৰ ফলত ৰাজ্যখনৰ বহুতো শিক্ষিত যুৱক–যুৱতীয়ে অসমৰ স্বকীয়তাৰে ভৰা নেমু টেঙা, কমলা টেঙা, লিচু, আনাৰস, মালভোগ কল, বিভিন্ন শাক–পাচলি, মছলাজাতীয় শস্য আদিৰ ৰপ্তানি উদ্যোগৰ সৈতে জড়িত হৈ পৰিছে৷ কৃষি ৰপ্তানিৰ সৈতে জড়িত দেশ–বিদেশৰ বিভিন্ন সন্থাৰ প্রতিনিধিসকলক উদ্দেশ্যি কৃষিমন্ত্রী বৰাই কয় যে জৈৱ–বৈচিত্র্যৰে ভৰা অসমৰ কৃষিজাত পণ্য সামগ্রী ৰপ্তানিৰ বাবে অসম চৰকাৰে আন্তঃগাঁথনি সৃষ্টিত গুৰুত্ব আৰোপ কৰিছে৷
অসমৰ জহা চাউল, কোমল চাউল, বৰা চাউল আদি ৰপ্তানিৰ বাবে উদ্যোগীসকলক অসম চৰকাৰে সকলোধৰণৰ সহায় আগবঢ়াব বুলিও মন্ত্রী বৰাই তেওঁৰ ভাষণত উল্লেখ কৰে৷ এছিয়ান দেশসমূহৰ দুৱাৰডলিত অৱস্থিত অসমে কৃষি ৰপ্তানিৰ দিশটোক বিশেষ সম্ভাৱনা বহন কৰাৰ বিষয়ে উল্লেখ কৰি মন্ত্রী বৰাই এইক্ষেত্রত উপযুক্ত ব্যৱস্থা গ্রহণ কৰি ৰাজ্যখনৰ কৃষি উদ্যোগীসকলক আকর্ষিত কৰিবলৈ এপেডাক আহ্বান জনায়৷ সন্মিলনত কৃষিজাত পণ্য ৰপ্তানিকাৰক, কৃষক উৎপাদক সংস্থা আৰু কৃষকসকলৰ সক্ষমতা বৃদ্ধিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয় আৰু এপেডাৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়৷ সন্মিলনত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আৰু কৃষি উৎপাদন আয়ুক্ত ড০ আশিস কুমাৰ ভুটানী, এপেডাৰ অধ্যক্ষ এম অংগমুথু আৰু ডুবাইস্থিত লুলু গ্রুপৰ সঞ্চালক জুলফিকৰ কাডাৱাথেও ভাষণ দিয়ে৷ অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজ্যৰ লগতে ইউনাইটেড আৰব এমিৰেটছ, নেদাৰলেণ্ডছ, ওমান, বাংলাদেশ, গ্রীছ আদি দেশৰ ৰপ্তানিকাৰীকসকলে অংশ গ্রহণ কৰে৷