নিয়মীয়া বাৰ্তা, ৮ জুলাই : নলবাৰীত পুনৰ অনিয়ম আৰু বিসংগতিৰে চলিছে পথ নিৰ্মাণৰ কাম। চৰম ভেকোঁভাওনাৰে পাগলাদিয়া মথাউৰি ওপৰত পকী পথ নিৰ্মাণ কাৰ্য চলি থকাৰ ৰাইজে অভিযোগ তুলিছে। বিশেষকৈ ভৰ বাবিষাৰ সময়ত এনে মথাউৰি পথ নিৰ্মাণৰ কাম চলি থকাত পথ খহি পৰি বিধ্বস্ত প্ৰায় ৰূপ লৈছে। জানিব পৰা মতে জিলা খনৰ পূৱ প্ৰান্তৰ পাগলাদিয়া নদীৰ বৰমূৰিকোনা দলঙৰ কাষেৰে যোৱা সোণকুৰিহা-বিজুলীঘাট মথাউৰিৰ ওপৰত বহু কৌটি টকীয়া আঁচনিৰ মথাউৰি পথ নিৰ্মাণৰ কাম বৰ্তমানে চলি আছে। বাৰিষাৰ বাবে এই নিৰ্মাণ কাৰ্যত ভেকোঁভাওনাৰ সৃষ্টি হৈছে। ইপিনে, বিগত কিছুদিনত হোৱা বৰষুণত পাগলাদিয়াৰ বৰমূৰিকোণা দলংৰ কাষৰ নৱ নিৰ্মিত প্ৰায় দুশ মিটাৰ মথাউৰি পথ খহি পৰিছে।ব্লক পথচোৱাৰ দুই কাষৰ অংশ মাটি খহি বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত হৈ পৰিছে।ফলত পথ চোৱাৰে যান-বাহন যাতায়াত কৰাত বিপজ্জনক হৈ পৰিছে। মথাউৰি পথ নিৰ্মাণৰ দায়িত্ব পোৱা সংশ্লিষ্ট ঠিকাদাৰে অতি লৰালৰিকৈ নিৰ্মাণ কাৰ্য চলোৱা বুলি অভিযোগ উঠিছে।যাৰ বাবে বৰষুণতে খহিবলৈ লৈছে । ইপিনে মথাউৰিৰ ঠায়ে ঠায়ে গৰাখনীয়া হৈছে। বিগত বছৰ সমুহত গৰাখনীয়া প্ৰ্তিৰোধৰ বাবে পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছিল যদিও ই ভেকোভাওনাত পৰিনত হৈছে। সংশ্লিষ্ট ঠিকাদাৰ কেইজনে পাল মৰা কাম কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে । আনহাতে কেবাটাও পথ এতিয়াও নিৰ্মানৰ কাম আধৰুৱা কৰি থৈছে । পাইকাৰকুছি-কমাৰকুছি পথটি আজিও আধাৰুৱা হৈয়ে থাকিল। পাইকাৰকুছিৰ বাঁহৰ তলৰ অংশটি কাম নকৰাকৈ থৈ দিয়া বাবে ৰাইজৰ যাতায়তত বহুত অসূবিধা হৈছে । প্ৰায় দুই-তিনিশ মিটাৰ পথৰ অংশটিত দ’ গাতৰ সৃষ্টি হৈছে। কেবাখনো যান বাহন ইতিমধ্যে দুৰ্ঘটনাৰ সন্মুখীন হৈছে। ঠিকাদাৰ গৰাকীয়ে এই পথছোৱা কিয় কাম কৰা নাই ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি হৈছে। ৰাইজে এই পথছোৱা শীঘ্ৰে কাম কৰিবলৈ দাবী জনাইছে।
প্ৰেৰক শ্বাহ আলম আহমেদ