কেগৰ প্রতিবেদনে উদঙালে জলসিঞ্চনৰ ভয়ংকৰ দুর্নীতিঃ ৩০০ কোটি ব্যয়েৰে নির্মাণ কৰা ৭৩টা প্রকল্পৰ ১৮টাৰেই নাই অস্তিত্ব
নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ ৰাজ্যৰ কৃষক জনতাই পথাৰত পানী যোগানৰ লক্ষ্যৰে জলসিঞ্চন বিভাগে গ্রহণ কৰি অহা বিভিন্ন প্রকল্প যে এক লুণ্ঠনৰ আহিলা হৈ পৰিছে, সেয়া পুনৰ স্পষ্ট হৈছে ভাৰতৰ নিয়ন্ত্রক আৰু মহাহিচাপ পৰীক্ষকৰ (কেগ)ৰ প্রতিবেদনত৷ জলসিঞ্চনৰ আঁচনিৰ ফলাফলসমূহৰ ওপৰত কার্য সম্পাদন হিচাপে কেগে চলোৱা পৰীক্ষাত এই তথ্য পোহৰলৈ আহিছে৷
অসম বিধানসভাত সোমবাৰে দাখিল হোৱা কেগৰ প্রতিবেদন অনুসৰি ২০১১ চনৰ মার্চ মাহৰ পৰা ২০১৭ চনলৈ ৩,২৭৩.৫৮ কোটি টকা ব্যয়েৰে সম্পূর্ণ হোৱা ১,১৪৪টা ক্ষুদ্র জলসিঞ্চন আঁচনিৰ ভিতৰত ২৯৯.৭০ কোটি টকা ব্যয়েৰে সম্পূর্ণ হোৱা ৭৩টা জলসিঞ্চন আঁচনিৰ ওপৰত পৰীক্ষা চলোৱা হৈছিল৷ এই ৭৩টা আঁচনি সম্পূর্ণ হোৱা বুলি বিভাগটোৱে দেখুৱাইছে যদিও ইয়াৰে ১৮টা প্রকল্প ত্রুটিপূর্ণ নির্মাণেৰে আৰু মেৰামতিৰ অভাৱত প্রায় নিশ্ছিহ্ণ হৈ পৰিছে৷ এই প্রকল্পসমূহৰে দুটা প্রকল্প অন্য উদ্দেশ্যত ব্যৱহাৰ হোৱাত প্রকল্প দুটা এনেয়ে পৰি থকাৰ লগতে আন তিনিটা প্রকল্প ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে৷ কেগৰ প্রতিবেদন অনুসৰি জলসিঞ্চন বিভাগে প্রতিটো প্রকল্পৰ বাবে গড় হিচাপত ব্যয় কৰিছে ৪.১১ কোটি টকা৷
তদুপৰি বিভাগটোৱে সম্পূর্ণ হোৱা বুলি দেখুওৱা এই ৭৩টা প্রকল্পৰ ভিতৰত ১৮টা প্রকল্পৰ ২৫ শতাংশ কামেই ত্রুটিপূর্ণ আৰু মেৰামতিৰ অভাৱত জহি–খহি গৈ অকার্যকৰী হৈ আছে৷ আন ২৫টা প্রকল্পৰ নলাৰ বেৰ ভাঙি থকাৰ ফলত সঠিকভাৱে জলসিঞ্চন কৰিব পৰা হোৱা নাই৷ এইসমূহ ত্রুটিপূর্ণ নলাৰ বাবদ ব্যয় কৰা হৈছিল ২৬৪.০৮ কোটি টকা৷
কেগৰ প্রতিবেদন অনুসৰি ১৮টা অকার্যকৰী প্রকল্পৰ ৭টা প্রকল্প সম্পূর্ণ হোৱাৰ পাছত অকার্যকৰী হৈ আছে আৰু ১১টা প্রকল্প ক্ষতিগ্রস্ত হোৱাৰ বাবে বিগত ৩–৪ বছৰ ধৰি মেৰামতিৰ অভাৱত অকার্যকৰী হৈ আছে এই প্রকল্পসমূহ৷ ফলত কোটি টকা ব্যয়েৰে ৰূপায়িত এই আঁচনি কেইখনৰ পৰা কার্যতঃ কোনো ধৰণৰ সুফল নাপালে সংশ্লিষ্ট অঞ্চলসমূহৰ কৃষকে৷ এনেদৰে কোটি কোটি টকা ব্যয় কৰা জলসিঞ্চন বিভাগটোৱে ২০১৯ চন পর্যন্ত ২৭ লাখ হেক্টৰ ভূমিতহে পানী যোগান ধৰিবলৈ সম্ভৱ হৈছে৷ যি সময়ত অসমৰ ৭৮.৪৪ লাখ হেক্টৰ কৃষিভূমিত পানীৰ অভাৱত সঠিকভাৱে কৃষিকার্য সম্পাদন হোৱা নাই, তেনে সময়ত কোটি কোটি টকা ব্যয়েৰে প্রকল্প গ্রহণতে দায়িত্ব সামৰিছে বিভাগটোৱে৷
লক্ষণীয়ভাৱে ২৭ লাখ হেক্টৰ কৃষিভূমিত ২০ হেক্টৰ ভূমিত ভূ–গর্ভৰ জলেৰে আৰু ৭ লাখ হেক্টৰ ভূমিত ক্ষুদ্র জলসিঞ্চন আঁচনিৰ জৰিয়তে পানী যোগান ধৰা হয়৷