নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইছিছৰে সম্পর্ক নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকাৰ!

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: চাকৰিৰ কার্যকালত সোঁৱে–বাঁৱে লুণ্ঠন চলাই পর্বতসম সম্পত্তিৰ গৰাকী হোৱা অসম আৰক্ষীৰ উপ–মহাপৰিদর্শক (ডি আই জি) ৰৌণক আলী হাজৰিকাই সম্পর্ক ৰাখিছিল কুখ্যাত সন্ত্রাসবাদী সংগঠন আইছিছৰে৷ এনেধৰণৰ সন্দেহ কৰা হৈছে শেহতীয়াকৈ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে দাখিল কৰা অভিযোগনামাত৷ আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাৰ পৃষ্ঠাই পৃষ্ঠাই ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে দাঙি ধৰা হৈছে ভয়ংকৰ তথ্য৷

তদন্তকাৰী সংস্থাটোৱে দাখিল কৰা বিভিন্ন তথ্যৰ আধাৰত কার্যতঃ স্পষ্ট হৈছে প্রতিবাৰ বিদেশ ভ্রমণতেই নিলম্বিত ডি আই জিজনে মৌলবাদী সংগঠন তথা সন্ত্রাসবাদী সংগঠনৰে সম্পর্ক ৰক্ষাৰ চেষ্টা চলাইছিল৷ অভিযোগনামাত উল্লেখ কৰা অনুসৰি ২০১১ চনৰ পৰা ২০২০ চনলৈ মুঠ ১১বাৰ বিদেশ ভ্রমণ কৰা ৰৌণক আলী হাজৰিকাই এবাৰহে ভ্রমণৰ অনুমতি লৈছিল৷ ইয়াৰ বিপৰীতে চৰকাৰৰ বিনা অনুমতিত তেওঁ ১০বাৰকৈ বিদেশ ভ্রমণত বাছি লৈছিল কেইবাখনো ইছলামিক ৰাষ্ট্র৷

তথ্য অনুসৰি নিলম্বিত ডি আই জিজনে বিগত ১০ বছৰত ইণ্ডোনেছিয়া, মালদ্বীপ, ডুবাই, বাংলাদেশকে ধৰি আন কেইবাখনো ৰাষ্ট্র ভ্রমণ কৰিছিল৷ ২০১১ চনত এবাৰ, ২০১২ চনত দুবাৰ, ২০১৩ চনত তিনিবাৰ আৰু ২০১৫ চনৰ পৰা ২০২০ চনলৈ এবাৰকৈ বিদেশ ভ্রমণ কৰিছিল৷

 

লক্ষণীয়ভাৱে এই বিদেশ ভ্রমণকালত নিজৰ ফালৰ পৰা ৰৌণক আলী হাজৰিকাই ব্যয় কৰা নাছিল এটকাও৷ স্বাভাৱিকতে প্রশ্ন উত্থাপন হৈছে বিদেশ ভ্রমণৰ বাবে তেওঁ কাৰ পৰা ধন পাইছিল? আৰক্ষীৰ বাৰম্বাৰ জেৰাৰ পাছতো এই সন্দর্ভত মুখ খোলা নাই অভিযুক্ত আৰক্ষী বিষয়াজনে৷ যোৱা ২৭ নৱেম্বৰত বিশেষ আদালতত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে দাখিল কৰা অভিযোগনামাত উল্লেখ কৰা এক ভয়ংকৰ তথ্য অনুসৰি ২০১৮ চনত ইণ্ডোনেছিয়া ভ্রমণ কৰিছিল ৰৌণক আলী হাজৰিকাই৷ ১২টা দিন ইণ্ডোনেছিয়াত কটোৱা ৰৌণক আলী হাজৰিকাই দেশখনৰ যি ঠাইত আছিল, সেই ঠাইৰ সৈতে ফিলিপাইন্ছৰ ৰাজধানী মেনিলাৰ যাতায়াত অতি সহজ৷

তথ্য অনুসৰি উক্ত অঞ্চলৰ পৰাই অভিযুক্ত আৰক্ষী বিষয়াজনে সঘনে গৈছিল মানিলালৈ৷ বিদেশ ভ্রমণত এনে কার্যসূচী স্বাভাৱিক লাগিলেও আন এক বিষয়ে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ চকু থিয় কৰাইছে৷ লক্ষণীয় দিশটো হ’ল যে ফিলিপাইন্ছৰ ৰাজধানী মানিলা ২০১৯ চনলৈকে আইছিছৰ ঘাটি ৰূপে পৰিচিত আছিল৷ এনে অৱস্থাত ইণ্ডোনেছিয়াৰ পৰা মানিলালৈ অভিযুক্ত ৰৌণক আলী হাজৰিকাৰ সঘন আৰু সহজ যোগাযোগৰ কাৰণ কি? এই বিষয়বোৰ নিলম্বিত আৰক্ষী বিষয়াজনক বাৰম্বাৰ প্রশ্ণৰ জৰিয়তে উত্থাপন কৰা হৈছিল যদিও ইয়াৰ কোনো সদুত্তৰ দিব পৰা নাই ৰৌণক আলী হাজৰিকাই৷ এনে অৱস্থাত তদন্তকাৰী সংস্থাটোৱে সন্দেহ কৰিছে যে বিদেশী চোৰাংচোৱাৰ ধনেৰে ৰৌণক আলী হাজৰিকাই সঘন বিদেশ ভ্রমণ কৰিছিল৷ ইয়াতে অন্ত পৰা নাই ৰৌণক আলী হাজৰিকাৰ বিদেশ ভ্রমণ যাত্রা৷ ২০২০ চনৰ ২০ আগষ্টৰ পৰা ৩০ ছেপ্ঢেম্বৰলৈকে মুঠ ৪০ দিন এইজন অভিযুক্ত আৰক্ষী বিষয়াই কটাইছিল ছুইজাৰলেণ্ডত৷

দেশখনৰ এখন বিশ্ববিদ্যালয়ত নিজৰ কন্যাক নামভর্তি কৰাবলৈ ৪০ দিন ছুইজাৰলেণ্ডত কটোৱা ৰৌণক আলী হাজৰিকাই এই ভ্রমণত অৱশ্যে নিজৰ ধন ব্যয় কৰাৰ লগতে চৰকাৰৰো অনুমতি লৈছিল৷ লক্ষণীয় বিষয়টো হ’ল যে ১১বাৰকৈ বিদেশ ভ্রমণ কৰা ৰৌণক আলী হাজৰিকাই প্রতিবাৰ ভ্রমণতে ব্যয় কৰিছিল কেইবালাখ টকা৷ কার্যতঃ তেওঁৰ ১১বাৰ বিদেশ ভ্রমণত ব্যয়ৰ হিচাপ কোটি টকাৰ ওপৰত৷ কিন্তু বিদেশ ভ্রমণ কৰিবলৈ তেওঁৰ হাতলৈ ক’ৰ পৰা আহিছিল ইমান বিশাল পৰিমাণৰ ধন? এই বিষয়টোক লৈয়ে তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰী দলটোৱে৷

মন কৰিবলগীয়া যে যোৱা ৫ অক্টোবৰত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্রেপ্তাৰ কৰা ৰৌণক আলী হাজৰিকাৰ সম্পত্তিৰ তালিকায়ো তদন্তকাৰী দলক স্তম্ভিত কৰিছে৷ দুবাৰকৈ নিলম্বিত আৰক্ষী বিষয়াজনৰ মহানগৰীৰ হেঙেৰাবাৰীস্থিত বাসগৃহত অভিযান চলাই তদন্তকাৰী দলটোৱে সম্পত্তি সন্দর্ভত লাভ কৰিছে অধিক তথ্য৷ আয় বহির্ভূত সম্পত্তি আহৰণ কৰা ৰৌণক আলী হাজৰিকাৰ বাসগৃহৰ প্রতিটো আচবাবেই যথেষ্ট ব্যয়বহুল৷ অধিকসংখ্যক আচবাব বিদেশৰ পৰা অনা৷ কি উৎসৰ ধনেৰে আৰক্ষী বিষয়াজনে এনেদৰে লক্ষ লক্ষ টকাৰ সম্পত্তি আহৰণ কৰিছিল, সেই সন্দর্ভতো অবিৰতভাৱে চলি আছে তদন্ত৷ আনকি তেওঁৰ পত্নী নুছৰত ৰৌণক আলী হাজৰিকাৰ সম্পত্তিৰ পৰিমাণো ৫০০ কোটি টকা হ’ব বুলিও তদন্তকাৰী দলে ধাৰণা কৰিছে৷

ইতিমধ্যে দুবাৰকৈ পত্নী নুছৰত ৰৌণক আলী হাজৰিকা জেৰাৰ সন্মুখীনো হৈছে৷ কিন্তু এনেবোৰৰ মাজতে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে দাখিল কৰা অভিযোগনামত নিলম্বিত ডি আই জিজনৰ আইছিছৰে সম্পর্ক ৰখা বিষয়টোৱে যথেষ্ট খলকনি সৃষ্টি কৰিছে৷ ইফালে শনিবাৰে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰৌণক আলী হাজৰিকাৰ জামিন আবেদন নাকচ হয়৷ তদাৰকী শাখাৰ ৬/২০২১ গোচৰ সন্দর্ভত জামিন বিচাৰি কৰা আবেদনৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ইয়াক নাকচ কৰে৷

You might also like