নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হামাছৰ আক্ৰমণক ভয়ংকৰ প্ৰত্যুত্তৰ ইজৰাইলী সেনাৰ

বিশেষ বাৰ্তা, ১১ অক্টোবৰঃ হামাছৰ বিৰুদ্ধে ইজৰাইলৰ সেনাৰ আক্রমণে লৈছে ভয়ংকৰ ৰূপ৷ হামাছৰ ঘাটি চিনাক্তৰে গাজাষ্ট্রিপত ইজৰাইলি সেনাই আকাশমার্গেৰ বোমাবর্ষণ কৰি ধ্বংসস্তূপ কৰি পেলাইছে৷ ইফালে হামাছেও ইজৰাইলী সেনাৰ আক্রমণক প্রতিহত কৰাৰ বাবে প্ৰত্যুত্তৰ দিছে৷ ফলত হামাছ আৰু ইজৰাইলী সেনাৰ যুদ্ধত প্ৰায় ৩৬০০ লোক নিহত হৈছে৷ হামাছৰ আক্রমণত ইজৰাইলত ১২০০ অধিক লোক নিহত হোৱাৰ বিপৰীতে ইজৰাইলী সেনাৰ আক্রমণত গাজাষ্ট্রিপত হাজাৰোধিক লোক নিহত হৈছে৷ আনপিনে ইজৰাইলৰ ভূমিত ১৫০০তকৈ অধিক হামাছ সন্ত্রাসবাদৰ মৃতদেহ উদ্ধাৰ কৰিছে ইজৰাইলৰ সেনাই৷ হামাছৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈ থকাৰ সময়তে ইজৰাইলী সেনাৰ ওপৰত আক্রমণত চলাইছে লেবাননৰ হিজবুল্লাহ আৰু ছিৰিয়াৰ জেহাদী সংগঠনে৷ কার্যতঃ হামাছৰ সমান্তৰালকৈ ইজৰাইলী সেনাই লেবানন আৰু ছিৰিয়াৰ সৈতে যুদ্ধত লিপ্ত হ’বলগীয়া হোৱাত এই যুদ্ধ এতিয়া পশ্চিম এছিয়া দেশৰ মাজত সম্প্রসাৰিত হোৱাৰ ইংগিত দিছে৷ ইজৰাইলী সেনাই লেবাননৰ সীমান্তত টেংকেৰে অৱতৰণ কৰি আক্রমণ চলোৱাৰ সমান্তৰালকৈ আকাশীমার্গেও বোমা নিক্ষেপ কৰিছে৷ লেবাননৰ পৰা হিজবুল্লাহ ইজৰাইলৰ ভূমিলৈ আক্রমণ অব্যাহত ৰাখিছে৷ ঠিক তেনেদৰে ছিৰিয়াৰ পৰাও জেহাদী সংগঠনে আক্রমণ চলাই আছে৷ এই যুদ্ধই তীব্রতৰ ৰূপ ধাৰণ কৰাৰ মাজতে আজি ইজৰাইলত অৱতৰণ কৰে প্রথমখন অস্ত্রভর্তি মার্কিন বিমান৷ আমেৰিকা যুক্তৰাষ্ট্রই হামাছৰ বিৰুদ্ধে যুদ্ধত ইজৰাইলক সকলো দিশত সহায় করাৰ প্রতিশ্রুতিমর্মে আজি প্রথমখন অস্ত্রভর্তি বিমান দেশখনত অৱতৰণ কৰোৱায়৷ ইজৰাইলী সেনাই আকাশমার্গেৰে গাজাষ্ট্রিপৰ হামাছৰ মন্ত্রালয়ৰ লগতে মছজিদ, মুছলিম বিশ্ববিদ্যালয়তো বোমা নিক্ষেপ কৰিছে৷ ইজৰাইল আক্রমণৰ মাষ্টাৰ মাইণ্ড হামাছৰ নেতা মহম্মদ ডেইফৰ বাসগৃহত থকা পৰিয়ালৰ আটাইকেইজন সদস্য নিহত হৈছে৷ এই তথ্য হামাছৰ নেতাই আনুষ্ঠানিকভাৱে প্রকাশ কৰিছে৷ ইজৰাইলী সেনাই গাজাষ্ট্রিপৰ লগতে ৱেষ্টবেংকতো আকাশীমার্গেৰে অভিযান চলাই আছে৷ আনপিনে দীর্ঘদিন ধৰি যুদ্ধৰ বাবে অংগীকাৰবদ্ধ হোৱা হামাছে ইজৰাইলৰ এছকেলন চহৰত ধাৰাষাৰ বোমা নিক্ষেপ কৰি আছে৷ ইজরাইলী সেনা আৰু হামাছ সন্ত্রাসবাদীৰ আক্রমণ–প্রত্যাক্রম বিশ্বৰ বিভিন্ন দেশৰ নাগৰিক নিহত হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ১১জন লোক এই আক্রমণত নিহত হোৱাৰ লগতে ব্রাজিল, কম্বোদিয়া, কানাডা, আয়াৰলেণ্ড, মেক্সিকো, নেপাল, পানামা, পাৰাগুৱে, ৰাছিয়া, শ্রীলংকা, থাইলেণ্ড আৰু ইউক্রেইনৰ নাগৰিক নিহত হৈছে৷ ইজৰাইলী সেনাই গাজাষ্ট্রিপত চলোৱা আক্রমণত আঠজন সাংবাদিক নিহত হোৱাৰ লগতে দুজন সাংবাদিক সন্ধানহীন হৈ আছে৷ গাজাৰ পৰা প্রকাশিত বাতৰি মতে নিহত সাংবাদিককেইগৰাকী হৈছে ছাইড অল টাভিল, মহম্মদ ছুভ, হিছাম এণ্ড নাৱাছে, ইব্রাহিম লাফি, মহম্মদ ছাৰগুন, মহম্মদ এছ ছালেহি, এছাড ছেমলা আৰু ছেলাম মিমে৷ সন্ধানহীন সাংবাদিক দুগৰাকী হৈছে নিডাল অল হাহিডি আৰু হেছেন আব্দুল ৱাহিদ৷ আনহাতে এই যুদ্ধত ইজৰাইলৰ পক্ষত আমেৰিকা, ব্রিটেইন, ফ্রান্স, জার্মানী, ভাৰত আদিকে ধৰি অনেক দেশে ঠিয় দিয়াৰ বিপৰীতে হামাছ সন্ত্রাসবাদীৰ সপক্ষত থিয় দিছে বিশ্বৰ ইছলামী জেহাদী সংগঠনসমূহে৷ হামাছ সন্ত্রাসবাদী আৰু ইজৰাইলৰ যুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে তুৰস্কই এই যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে সকলো ধৰণৰ মধ্যস্থতাৰ বাবে সাজু বুলি ঘোষণা কৰিছে৷ তুৰস্কৰ ৰাষ্ট্রপতি ৰিছিপ টাঈপ এর্ডোগানে এই যুদ্ধৰ মধ্যস্থতাকাৰী হিচাপে দায়িত্ব গ্রহণ কৰিবলৈ সাজু বুলি ঘোষণা কৰি ইজৰাইললৈ আমেৰিকা যুক্তৰাষ্ট্রই অস্ত্রভর্তি বিমান প্রেৰণ কৰাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে৷ ৰাষ্ট্রপতিগৰাকীয়ে আনকি আমেৰিকাই ভূমধ্য সাগৰত ৰণতৰী মোতায়েন কৰাৰ বিষয়টো সমালোচনা কৰি মার্কিন প্রশাসনৰ এনে সিদ্ধান্তই গাজাত নৰসংহাৰৰ সৃষ্টি কৰিব বুলি দাবী কৰিছে৷

You might also like