যোগীঘোপাৰ সংস্কৃতিৱান যুৱক, ইউটিউবাৰ-কৰিঅ’গ্ৰাফাৰ মমিনুল হকৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৫ মেঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ সংস্কৃতিৱান যুৱক মমিনুল হকৰ আজি পুৱা প্ৰায় ৭ বজাত আকস্মিক মৃত্যুৰ বাতৰিয়ে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ২৬ বছৰ। জানিব পৰা মতে, যোগীঘোপাৰ কাবাইটাৰী গাঁৱৰ বাসিন্দা আতোৱাৰ আলীৰ পুত্ৰ মমিনুল হকে কিছুদিনৰ পৰা পেটৰ বিষত আক্ৰান্ত হৈ আছিল ।হঠাৎ যোৱানিশা তেওঁৰ পেটৰ বিষ অধিক অনুভৱ কৰাত তেওঁ অসুস্থ হৈ পৰে । আজি পুৱাই পৰিয়ালৰ লোকে তেঁওক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ নিয়ে। তেওঁক চিকিৎসালয়লৈ নিয়াৰ পথত আধা বাটতে নিয়তিৰ ওচৰত হাৰ মানি শেষ নিশ্বাস ত্যাগ কৰে।অতি অমায়িক স্বভাৱৰ যুৱকজনৰ অকাল মৃত্যুৰ খবৰ অঞ্চলটোত বিয়পি পৰাত তেওঁৰ বাসগৃহত বিভিন্নজন উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । মমিনুল হক অঞ্চলটোৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত থকাৰ লগতে বিভিন্ন গীতত কৰিঅ’গ্ৰাফাৰ কৰিছিল। তেওঁ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ছাত্ৰ-ছাত্ৰীক নৃত্যৰ প্ৰশিক্ষণ দি আহিছিল । যোগীঘোপাৰ ব্ৰহ্মপুত্ৰ হুঁচৰি দলৰ বিহুৱা আৰু অঞ্চলটোৰ জনপ্ৰিয় ইউটিউবাৰ আছিল তেওঁ ।আজি বিয়লি ইছলাম ধৰ্মীয় ৰীতি মতে তেওঁৰ জানাজা সম্পন্ন কৰে ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস