নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যাদৱ চন্দ্র নাথৰ গুৱাহাটীৰ বাসগৃহত দুর্নীতি নিবাৰকৰ অভিযান

ঘোচখোৰ ডিএফঅ’ৰ ঘৰত ৯ লক্ষাধিক টকাসহ নথিপত্র জব্দ

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ  ঘোচখোৰ ডিএফঅ’ যাদৱ চন্দ্র নাথৰ মহানগৰীৰ হেঙেৰাবাৰীস্থিত বাসগৃহৰ পৰা তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই নগদ ধনৰ লগতে কেতবোৰ নথিপত্র জব্দ কৰে৷ কালি লখিমপুৰত বন বিভাগৰ কার্যালয়ত দুর্নীতি নিবাৰক শাখাই ঘোচখোৰ ডিএফঅ’ যাদৱ চন্দ্র নাথ, এচিএফ জাছিম আহমেদক উৎকোচ লোৱাৰ সময়ত হাতে–লোটে গ্রেপ্তাৰ কৰিছিল৷ এই ঘটনাৰ পিছতে সন্ধিয়াৰ ভাগত দুর্নীতি নিবাৰক শাখাৰ আন এটা দলে যাদৱ চন্দ্র নাথৰ মহানগৰীৰ হেঙেৰাবাৰীৰ সাৰথি পথৰ ২৯ নম্বৰ বাসগৃহত তালাচী অভিযান চলায়৷ অভিযানৰ অন্তত দলটোৱে ঘোচখোৰ ডিএফ’ নাথৰ বাসগৃহৰ পৰা ৯,১৬,৪০০ টকাৰ লগতে কেতবোৰ নথিপত্র জব্দ কৰে৷ মঙলবাৰে আৰক্ষীৰ অতিৰিক্ত সঞ্চালক (আইন–শৃংখলা) জি পি সিঙে টুইটাৰযোগে এই কথা সদৰী কৰে৷

You might also like