নিয়মীয়া বাৰ্তা, ২১ জুলাই : পুনৰ জাগীৰোডৰ কিলিং নৈৰ বানে জটিল ৰূপ ধাৰণ কৰিছে। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ ফলত নিশাৰ ভিতৰতে সৃষ্টি হৈছে এই বানৰ। কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পৰ তিনিটা গেটেৰে প্ৰকল্পটোৰ কৰ্তৃপক্ষই খুলি দিছে পানী। ফলত এই বান্ধৰ পানীয়ে কিলিং নৈৰ জলপৃষ্ঠ বৃদ্ধি কৰাৰ ফলত জাগীৰোডৰ প্ৰায় অৰ্ধশতাধিক গাওঁ প্লাবিত হৈছে ৷ পলাহগুৰি, বৰখাল, কুমাৰবৰী, বৰগাঁও, গোভা, কুঠুৰী, ডাবৰঘাট আদি অঞ্চল বানৰ কৱলত। ক্ৰমান্বয়ে পানী বাঢ়ি থকাৰ ফলত বানাক্ৰান্তই ঘৰ বাৰী এৰি টালি-টোপোলা আৰু পশুধন সমূহক লৈ ওখ ঠাইলৈ ঢাপলি মেলিছে । জলপৃষ্ঠ দ্ৰুত হাৰত বৃদ্ধিৰ প্ৰতি লক্ষ্য জিলা প্ৰশাসনে কিলিং নৈৰ পাৰত বাস কৰা লোকসকলক তৎপৰতাৰে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে কিলিং নৈৰ জটিল বান পৰিস্থিতি মৰিগাঁও জিলা প্ৰশাসন, আৰক্ষী অধীক্ষক নন্দ সিং বৰকলা আৰু চক্ৰ বিষয়া সংঘমিত্ৰা বৰুৱাই প্ৰতিমুহূৰ্ততে পৰ্যবেক্ষণ কৰি আছে।