নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযুষ হাজৰিকাৰ

নিয়মীয়া বাৰ্তা,  ২৯ জুলাই : জাগীৰোডত প্ৰধানমন্ত্ৰী আৱাস যোজনা (চহৰাঞ্চল) গৃহৰ আধাৰশিলা স্থাপন ৷ জাগীৰোডৰ ৮ গৰাকী হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্য ও নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই গৃহ নিৰ্মানৰ শুভাৰম্ভণি কৰে ৷ ইয়াৰ পিচতে জাগীৰোডৰ গড়কাপ্তানী বিভাগৰ বাংলোত চৌহদত অনুষ্ঠিত এক স্ভাত হিতাধিকাৰীসকলক ৮০ হাজাৰ টকাকৈ প্ৰথম কিস্তিৰ চেক বিতৰণ কৰে ৷ ভাষন প্ৰসঙ্গত মন্ত্ৰী হাজৰিকাই কয় যে জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ এলেকাত প্ৰায় ৪২০ টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ অনুমোদন হৈছে। তাৰে ৩০৬ টা গৃহৰ আজি শুভাৰম্ভ কৰা হয়। আগন্তুক এমাহৰ ভিতৰত নগৰাঞ্চলত ২৫ হাজাৰ গৃহৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব। লগতে তেঁও কয় যে জাগীৰোডৰ উন্নয়নৰ বাবে বহু আঁচনি লোৱা হৈছে। জাগীৰোডত ৩০ কোটি টকাৰ নলা নিৰ্মান হৈছে, ৰেলৱে উৰনীয়া সেতু নিৰ্মান চলি আছে, জাগীৰোডৰ ৯০ শতাংশ ৰাস্তা বনোৱা হৈছে, জাগীৰোডত ৮৫ টা ষ্ট্ৰীট লাইট দিয়া হৈছে আৰু আগন্তুক দিনত বহু উন্নয়ন মূলক কামৰ পৰিকল্পনা ইতিমেধ্যে প্ৰস্তুত হৈছে। অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, মৰিগাঁৱৰ উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক নন্দসিং বৰকলা, নগৰ উন্নয়ন বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা, মিচন সঞ্চালক সুভাষীশ দাস, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিত নেওগৰ লগতে বহু বিশিষ্ট ব্যক্তি ৷ আনহাতে উক্ত কাৰ্যসূচীৰ পিছতে কংগ্ৰেছ দলৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা-কৰ্মীয়ে মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিত বিজেপিত যোগদান কৰে ৷ মৰিগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী মজবুল নেহাৰ, নেলী মণ্ডল কংগ্ৰেছৰ উপসভাপতি লোহিত চৌধুৰী, নেলী মণ্ডল মহিলা কংগ্ৰেছৰ সভানেত্ৰী কল্পনা মল্লিক আৰু সদস্য আৰতি মল্লিকৰ লগতে গোভা পঞ্চায়তৰ বহু কেইগৰাকী কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান কৰে। এই যোগদান কাৰ্য্যসূচীত মৰিগাঁৱৰ বিধায়ক, মৰিগাঁও জিলা বিজেপিৰ সভাপতিও উপস্থিত থাকে।

You might also like