জকাই খামটি ঘাটৰ সমীপত কেন্দ্ৰীয় চৰকাৰৰ আয়ুস দপ্তৰৰ অধীনত আয়ুৰ্বেদ চিকিৎসালয় স্থাপন হ’বঃ সৰ্বানন্দ সোণোৱাল
- “মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিকাশ আৰু উন্নয়নৰ বাবে লোৱা জনমুখী পদক্ষেপৰ বাবেই উন্নয়নৰ ধ্বজা বহন কৰিবলৈ সক্ষম হৈছে”
নিয়মীয়া বাৰ্তা, ৭ মে’: ডিব্ৰুগড়ৰ জকাই খামটি ঘাটৰ সমীপত কেন্দ্ৰীয় চৰকাৰৰ আয়ুস দপ্তৰৰ অধীনত আয়ুৰ্বেদ চিকিৎসালয় স্থাপন হ’ব। আজি ডিব্ৰুগড়ত এইদৰে ৰাজহুৱা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি জকাই আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ নৱ নিৰ্মিত ৰঙ্গমঞ্চ উদ্বোধন কৰি কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ, আৰু আয়ুস দপ্তৰৰ কেবিনেট মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ভাষণত কয়-‘অসমীয়া নতুন বছৰ ব’হাগেই দিয়ে প্ৰকৃতিৰ বতৰা,প্ৰকৃতিৰ গছ লতা তৰু,তৃণৰে ভৰপুৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা , বহাগ মানেই পুৰণিক পাহৰি নতুন আদৰা এক লোকংস্কৃতিৰৰ উৎসৱ ৰঙালী বিহু পৰম্পৰাগত লোকাচাৰ, আধ্যাত্মিক দৰ্শনেৰে অনুপ্ৰাণিত কৰে আমাক’।
উল্লেখ্য যে মুখ্যমন্ত্ৰী হৈ থকা সময়তে জকাই আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সভাত অঞ্চলটোত ৰাজহুৱা প্ৰেক্ষাগৃহৰ বাবে কৰা আবেদন নিবেদৰ ফলশ্ৰুতিতে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ২০১৮-২০১৯ বৰ্ষৰ মুখ্যমন্ত্ৰী আছুতীয়া অনুমোদিত পঞ্চাছ লাখ টকাৰ পূজিৰে নৱনিৰ্মিত ৰঙ্গমঞ্চটো উদ্ধোধন কৰি দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ বাবে গ্ৰহন কৰা বিকাশৰ ধাৰা আৰু অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ বাবে গ্ৰহণ কৰা পদক্ষেপ তথা সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ বাবে লোৱা জনমুখী পদক্ষেপৰ কাৰণেই অসমৰ সকলো দিশতেই উন্নয়নৰ ধ্বজা বহন কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত জকাই অঞ্চলটোৱে উন্নতিৰ ক্ষেত্ৰত নতুন দিগন্ত সূচনা কৰি প্ৰগতিৰ দিশত খোজ দিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে মন্তব্য কৰে।
অসমীয়া লোক সংস্কৃতিৰ প্ৰকৃত মূল্যায়ন, বিহু লোক সংস্কৃতিৰ ধাৰণাৰে ব্ৰতাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাষণ প্ৰসঙ্গত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে জকাই আঞ্চলিক ৰঙ্গ মঞ্চটোৰ সংৰক্ষণ আৰু সৰ্বাংগসুন্দৰ কৰি ৰাখিবলৈ ৰাইজৰ একান্তই সহযোগ লাগিব বুলি উল্লেখ কৰে। ৰঙ্গমঞ্চৰ দৰে ৰাজহুৱা সম্পদে অঞ্চলটোৰ সাংস্কৃতিক, সামাজিক, আধ্যাত্মিক, অনুষ্ঠান উৎসৱ উদযাপনৰ ক্ষেত্ৰত উপকৃত হ’ব বুলি প্ৰকাশ কৰাৰ লগতে জকাই অঞ্চলৰ জকাই খামটি ঘাটৰ সমীপত কেন্দ্ৰীয় চৰকাৰৰ আয়ুস দপ্তৰৰ অধীনত আয়ুৰ্বেদ চিকিৎসালয় স্থাপন হ’ব বুলি ৰাজহুৱাকৈ ঘোষণা কৰে।জকাই আঞ্চলিক ৰঙালী বিহু সন্মিলন সভাপতি মোলেন চন্দ্ৰ গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানটোত আদৰণি ভাষণত লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই জকাই অঞ্চলটোত যাতায়ত,শিক্ষা, ক্ৰীড়া, বৌদ্ধিক, বাণিজ্যিক, আদি সকলো দিশতে বি জে পি মিত্ৰজোঁট চৰকাৰৰ দিনতেই পূৰ্বতকৈ বহু গুণে উন্নয়ন হৈছে বুলি উল্লেখ কৰি কয় যে জকাই আঞ্চলিক ৰঙ্গমঞ্চ তাৰেই আশাৰ ৰেঙনি হিচাপে জকাই বাসীৰ বাবে সম্পদ ৰূপে বিদ্যমান হৈ থাকিব।
উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত জকাই অঞ্চলৰ সৰ্বাংগীন উন্নতিৰ দিশত প্ৰতিফলিত হৈছে বুলি প্ৰকাশ কৰে। অনুষ্ঠানত বি জে পি ৰাজ্যিক উপ-সভাপতি অজয় কোৱঁৰ,অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা,অসম গৃহ নিৰ্মাণ বিভাগৰ উপাধ্যক্ষ সুভাষ দত্ত, বৰবৰুৱা জিলা পৰিষদৰ সদস্যা পুষ্পাঞ্জলী সোণোৱাল ,ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা,সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী দীপুৰঞ্জন মাক্ৰাৰী,বি জে পি খনিকৰ মণ্ডলৰ সভাপতি ৰাহুল দেৱ সোণোৱাল, লাহোৱাল মণ্ডলৰ সভাপতি কুমুদ দত্ত, ক্ৰীড়া সংগঠক নিৰঞ্জন শইকীয়া, প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি,জকাই আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ কাৰ্যকৰ্তা সকলৰ উপৰিও স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। উল্লেখ্য যে আজিৰে আৰম্ভ হোৱা জকাই আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ পূৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে হয়। অনুষ্ঠানটো আতঁ ধৰা সমাজকৰ্মী তথা বি জে পি যুৱনেতা জোনটি গগৈয়ে জকাই আঞ্চলিক ৰঙালী বিহুৰ সন্মিলনৰ সকলো বিষয় ববীয়াক কৃতজ্ঞতা জনায়।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।