নিয়মীয়া বাৰ্তা ১৩ জুনঃ বাগসা জিলাৰ জালাহ ৰাজহ চক্রৰ অন্তর্গত কদমগুৰি গাঁৱত বহিঃৰাজ্যৰ পৰা অহা ২জন যুৱক ক’ৰোনা আক্রান্ত হোৱাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়৷ বহিঃৰাজ্যৰ পৰা অহা যুৱক ক্রমে ধনজিত দাস আৰু ব্রজেন দাসক প্রথমতে মুছলপুৰস্থিত খাৰুৱাজান কোৱাৰেণ্টাইন চেণ্টাৰত যোৱা ২৯ মে’ৰ পৰা ৰাখি ২ জুনত দুয়োজনৰে ছোৱাব পৰীক্ষা কৰে৷ যোৱা ৫ জুনত পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছিল৷ বিভাগীয় কর্তৃপক্ষই পজিটিভ ৰোগীৰ সংস্পর্শত অহাৰ সন্দেহত পুনৰ ছোৱাব পৰীক্ষা কৰাত ১১ জুনত দুয়োজনৰে পৰীক্ষাৰ ফলাফল পজিটিভ ওলায়৷ প্রথম পৰীক্ষাৰ ফলাফল নিগেটিভ ওলোৱাত যোৱা ৭ জুনত দুয়োজন যুৱক ঘৰলৈ আহে৷ গাঁৱৰ ৰাইজে গাঁৱতে থকা প্রাথমিক বিদ্যালয়খনত দুয়োজনকে আছুতীয়াকৈ থকাৰ ব্যৱস্থা কৰি দিয়ে আৰু ৰোগৰ কোনো লক্ষণ দেখা নোপোৱাত ৰাইজে কালি দুয়োজনকে ঘৰলৈ যাবলৈ দিয়ে৷ ইতিমধ্যে বিভাগীয়ভাৱে দুয়োজনৰে দ্বিতীয় পৰীক্ষাৰ ফলাফল পজিটিভ অহা বুলি জানিব পাৰি ৰাইজ আতংকিত হৈ পৰে৷ আজি শিমলা আৰক্ষী থানাৰ অন্তর্গত জালাহ আৰক্ষী পহৰা চকীৰ আৰক্ষী আৰু জালাহ প্রাথমিক স্বাস্থ্য কেন্দ্রৰ স্বাস্থ্যকর্মীয়ে ১০৮ গাড়ীৰে যুৱক দুজনক বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰিছে৷ স্বাস্থ্যকর্মীসকলে যুৱক দুজনৰ পৰিয়ালৰ লোকসকলক আছুতীয়াকৈ থকাৰ পৰামর্শ দিছে আৰু গাঁওখন কোৱাৰেণ্টাইন অঞ্চল হিচাপে ঘোষণা কৰা হ’ব পাৰে বুলি এক সূত্রত প্রকাশ৷