নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিল ৰোগত আক্ৰান্ত মন্দিয়াৰ জামাল : মুখ্যমন্ত্ৰীৰ সহায় ভিক্ষা পৰিয়ালৰ

নিয়মীয়া বাৰ্তা, ১ আগষ্ট : এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণগাথা। বাঘবৰৰ মন্দিয়া বজাৰৰ চফল যুৱক পিতৃহাৰা নুৰজামাল ওৰফে জামাল বিগত এবছৰ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ বিছনাত শয্যাগত হ’বলগীয়া হৈছে। উল্লেখযোগ্য যে নুৰজামাল ওৰফে জামালক পৰিয়ালৰ লোকে এবছৰ পূৰ্বে এটি জটিল ৰোগৰ অস্ত্ৰোপ্ৰচাৰ কৰিছিল। অৱশ্যে অস্ত্ৰোপ্ৰচাৰৰ পিছৰে পৰা যুৱকজনৰ দেহত এক অসহনীয় বিষৰ সূচনা হয়। যদিও আজিলৈকে যুৱকজনৰ দেহটিৰ বিষৰ কোনো নিৰাময় নঘটিল। বৰঞ্চ দিনকদিনে যুৱকজনৰ শাৰীৰিক স্থিতি অধিক জটিলতাৰ ফালে ঢাৱমান হৈছে। কিন্তু এতিয়া চিকিৎসকৰ পৰামৰ্শ মতে যুৱকজনৰ প্ৰয়োজন হৈছে উন্নত চিকিৎসাৰ। কিন্তু সৰ্বস্বান্ত পৰিয়ালটি অৰ্থৰ অভাৱত সম্প্ৰতি চিকিৎসা কৰাত অপাৰগ হৈ পৰিছে।সেয়ে এতিয়া দুৰ্ভোগীয়া মাতৃ আৰু যুৱক জনৰ স্ত্ৰীয়ে বিচাৰিছে মুখ্যমন্ত্ৰী তথা হৃদয় ৱান লোকৰ অকণমান সহায় ভিক্ষা। অৱশ্যে যুৱকজনৰ চিকিৎসাৰ সহায় হোৱাকৈ মন্দিয়া জিলা পৰিষদৰ প্ৰাক্তন সদস্য আবুল কালাম আজাদে কিছু আৰ্থিক সহায় আগবঢ়া। সমান্তৰালকৈ ৰুগীয়া যুৱক নুৰজামাল ওৰফে জামাল নামৰ যুৱকজনৰ একমাত্ৰ কন্যা সন্তানৰ টিউচনৰ দায়িত্ব মন্দিয়া ৰামধেনু টিউচন চেন্টাৰৰ স্বতাধিকাৰী দেৱান নুৰজামাল হকে গ্ৰহণ কৰে। সেয়ে কোনো হৃদয়ৱানে অসহায় পৰিয়ালটিক সহায় কৰিব বিচাৰে তেন্তে যুৱক জনৰ স্ত্ৰী মঞ্জোৱাৰা খাতুনৰ নামত থকা মন্দিয়া শাখাৰ UCO বেংকৰ একাউণ্ট নম্বৰ : 28230110060964 IFSC CODE: UCBA 0002823 তথা 9085640122 ফোনপেʼ নম্বৰত সহায় কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like