নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ পৰা অসমলৈ আহি আছে ৬৯ জামাতী

নিয়মীয়া বাৰ্তা, ১৮ মেঃ  দিল্লীৰ পৰা ৬৯জন জামাতী উভতিছে অসমলৈ৷ দিল্লীৰ চুলতানপুৰী কোৱাৰেণ্টাইন চেণ্টাৰত ৪৫ দিন কোৱাৰেণ্টাইনত থকাৰ পিছত অসমৰ এই জামাতীসকলৰ ক’ভিড–১৯ পৰীক্ষা কৰা হয়৷ পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ পিছত এওঁলোকক বাছেৰে নতুন দিল্লীৰ পৰা অসমলৈ অহাৰ ব্যৱস্থা কৰিছে দিল্লী চৰকাৰে৷ শনিবাৰে যাত্রা আৰম্ভ কৰা এই জামাতীসকলে মঙল–বুধবাৰৰ ভিতৰত গুৱাহাটীত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে৷

  উল্লেখ্য যে অসমৰ ভিন্ন জিলাৰ এই আটাইকেইজন লোকেই দিল্লীৰ নিজামুদ্দিন মার্কাজত অনুষ্ঠিত তবলিগী জামাতত অংশগ্রহণ কৰিছিল৷ উল্লেখ্য যে ফৈছল আব্বাছী নামৰ এজন স্বেচ্ছাসেৱকে জামাতৰ এই সদস্যসকলক অসমলৈ উভতি অহাৰ ক্ষেত্রত সহায় কৰা বুলি প্রকাশ৷ তিনিখন বাছেৰে এই ৬৯ জন জামাতীক অসমলৈ ৰাওনা হ’বৰ বাবে দিল্লী চৰকাৰে অনুমতি দিয়া বুলি জানিব পৰা গৈছে৷ আব্বাছীয়ে সংবাদ মাধ্যমক জনোৱা মতে এই জামাতৰ সদস্যসকলৰ সকলো ধৰণৰ পৰীক্ষা চলোৱাৰ পিছত দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগে অসমলৈ উভতি যোৱাৰ অনুমতি দিছে৷ কোৱাৰেণ্টাইনৰ সময়ত বিশেষকৈ ৰমজান মাহ আৰম্ভ হোৱাৰ পিছৰে পৰা ইছলামধর্মী এই লোকসকলক দিল্লী চৰকাৰে খাদ্য–ফলমূল, খোৱাপানী আদিৰ ক্ষেত্রত বিশেষভাৱে যত্ন লৈছিল বুলি স্বেচ্ছাসেৱক আব্বাছীয়ে প্রকাশ কৰে৷

উল্লেখ্য যে দিল্লীৰ নিজামুদ্দিন মার্কাজত অনুষ্ঠিত তবলিগী জামাতত অংশগ্রহণ কৰা একাংশ ক’ভিড–১৯ আক্রান্ত ৰোগীয়েই অসমৰ লগতে সমগ্র দেশতে প্রথমে ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধি কৰিছিল৷ মার্চ মাহত অনুষ্ঠিত মার্কাজৰ এই তবলিগী জামাতত মালয়েছিয়া, ছৌদি আৰব আদিকে ধৰি সেই সময়ৰ ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধি পোৱা দেশৰ একাংশ প্রতিনিধিয়ে অংশগ্রহণ কৰিছিল৷ দেশজুৰি লকডাউন ঘোষণা কৰাৰ পিছত এই জামাতত অংশগ্রহণ কৰা একাংশ লোকে গোপনে থকাৰ পিছতে দেশজুৰি বিয়পি পৰে মহামাৰী ক’ৰোনা ভাইৰাছ৷ এই পৰিপ্রেক্ষিতত তবলিগী জামাতৰ মুৰব্বী মৌলানা ছাদৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় যদিও এই ধর্মীয় মৌলবাদীজনে লগে লগে আত্মগোপন কৰি এইপর্যন্ত পলাতক হৈ আছে৷

You might also like