নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকিয়াজুলিত জন ঔষধি দিৱসত অংশগ্ৰহণ সাংসদ কামাখ্যা তাচাৰ

# ঢেকিয়াজুলিত জন ঔষধি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কাজিৰঙা লোকসভা সমষ্টিৰ
সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ ৷
# “জন ঔষধি কেন্দ্ৰত সুলভ মূল্যত উপলব্ধ ঔষধ ক্ৰয় কৰি উপকৃত হ’বলৈ ৰাইজক আহ্বান জনালে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।

বিশেষ বাৰ্তা, ৭ মাৰ্চঃ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত জন ঔষধি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে
কাজিৰঙা লোকসভা সমষ্টিৰ
সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷
আজি ৭ মাৰ্চ তাৰিখে জন ঔষধি দিৱস উপলক্ষে
ঢেকিয়াজুলি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত অনুষ্ঠিত হোৱা জন ঔষধি দিৱসত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই উপস্থিত থাকি জন ঔষধি কেন্দ্ৰত সুলভ মূল্যত উপলব্ধ ঔষধ ক্ৰয় কৰিবলৈ ৰাইজক আহ্বান জনায় ।
সাংসদ কামাখ্যা প্ৰসাদ তাছাই সংবাদমাধ্যমত জনায় যে, প্ৰধানমন্ত্ৰীৰ এক অভিলাষী আঁচনি
জন ঔষধি কেন্দ্ৰৰ যোগেদি সৰ্বসাধাৰণ ৰাইজ যথেষ্ট উপকৃত হ’ব পাৰে ।যিসমূহ দৰৱৰ মূল্য বজাৰত অত্যাধিক বেছি সেইসমূহ ঔষধ জন ঔষধি কেন্দ্ৰত অতি কম দামত ৰাইজে ক্ৰয় কৰিব পাৰে ।“দাম কম দৰৱ উত্তম” শ্লোগানেৰে সেয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে জন ঔষধি কেন্দ্ৰৰ দৰৱ ক্ৰয় কৰিবলৈ আহ্বান জনাইছে বুলি কয় সাংসদগৰাকীয়ে। ইয়াৰ দ্বাৰা জনসাধাৰণক আৰ্থিকভাৱে সকাহ দিয়াৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলিও কয় কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই । কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তত এনেদৰে প্ৰায় ১৫ হাজাৰখন জন ঔষধি কেন্দ্ৰ স্থাপন কৰি এক অভিলাষী আঁচনি গ্ৰহণেৰে ৰাইজক সকাহ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বহুলোকে এতিয়াও জন ঔষধি কেন্দ্ৰৰ উপকাৰিতা সন্দৰ্ভত অৱগত নহয় বুলি জনায় সাংসদগৰাকীয়ে ৷সাংসদগৰাকীয়ে এইক্ষেত্ৰত আশাকৰ্মীসকলক উদ্দেশ্যি কয় যে, আশাকৰ্মীসকলে সৰ্বসাধাৰণ ৰাইজক জন ঔষধি কেন্দ্ৰৰ দৰৱ কম মূল্যত উপলব্ধ হোৱা সন্দৰ্ভত অৱগত কৰিলে সাধাৰণ ৰাইজ বাৰুকৈয়ে লাভান্বিত হ’ব।সাংসদগৰাকীয়ে জন ঔষধি দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে মহকুমা স্বাস্থ্য বিষয়া প্ৰদীপ কুমাৰ নাথৰ লগতে সম জিলা আয়ুক্ত দ্যুতিভা বৰাইয়ো জন ঔষধি দিৱসৰ সাৰমৰ্ম সম্পৰ্কে ভাষণ প্ৰদান কৰি উপস্থিত আশা কৰ্মীসকলৰ লগতে ৰাইজক মুগ্ধ কৰে ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম জিলা আয়ুক্ত দ্যুতিভা বৰা,মহকুমা স্বাস্থ্য বিষয়া প্ৰদীপ কুমাৰ নাথ ,পৌৰপতি সুস্মিতা দাস,বিজেপিৰ ঢেকিয়াজুলি মণ্ডলৰ সভাপতি কাজু দ্বীপ,যুৱ মৰ্চাৰ শোণিতপুৰ জিলাৰ বিষয়ববীয়া ইন্দুভূষণ নাথ,স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলৰ ব্যক্তিগত সহায়ক টংকেশ্বৰ কুমাৰ,ঢেকিয়াজুলি পৌৰ সভাৰ ৱাৰ্ড কমিচনাৰসকল প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

প্ৰেৰকঃ কল্পজ্যোতি নাথ

You might also like