নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত বৃদ্ধি জাপানিজ এনকেফেলাইটিছ আক্ৰান্ত

বিশেষ বাৰ্তা, ৩ আগষ্টঃ ৰাজ্যৰ চৌদিশে এতিয়া জাপানিজ এনকেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ লোৱাৰ প্ৰাকক্ষণত ডিব্ৰুগড় জিলাতো স্বাস্থ্য বিভাগ সস্তম হোৱা পৰিলক্ষিত হৈছে।অদ্যপৰিমিত জিলাখনত এই ৰোগত কোনো লোকৰে মৃত্যু হোৱা নাই যদিও জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা আজিৰ তাৰিখত ১৮লৈ বৃদ্ধি পাইছে।আনহাতেদি জাপানীজ এনকেফেলাইটিজ সদৃশ ৰোগত জিলাখনৰ ২৭ ব্যক্তি এই পৰ্যন্ত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। ইফালে ডেংগুত ৯ আৰু মেলেৰিয়াত ৬ লোক জিলাখনত চিকিৎসাধীন হৈ আছে যদিও কোনো লোকৰে মৃত্যু হোৱা খবৰ লাভ কৰা হোৱা নাই। ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে বৰ্তমানলৈ জিলাখনৰ বিভিন্ন প্ৰান্তত ৯৭ দিন ফগিং, ৪৮৩২৫খন ঔষধি আঁঠুৱা বিতৰণৰ লগতে ৩৫৮৪ স্থানত সজাগতা শিবিৰৰ উপৰি ৪৭ দিন ৰাইজক মহৰ পৰা সজাগ হবলৈ মাইকযোগে প্ৰচাৰ কৰি আহিছে। ডিব্ৰুগড় জিলাৰ নাহৰণী আৰু টেঙাখাত স্বাস্থ্য খণ্ডৰ অৰ্ন্তগত অঞ্চল বিশেষ স্পৰ্শকাতৰ বুলি বিবেচিত হৈছে।
প্ৰেৰক বিভাষ দুৱৰা
You might also like