বৰপেটাত অগপৰ জাতীয় ঐক্য সমাৰোহেৰে নিৰ্বাচনী ৰণডংকা
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে অসম গণ পৰিষদে। বৰপেটা পৌৰসভা খেলপথাৰত আজি অনুষ্ঠিত হয় অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ। সমাৰোহত উপস্থিত থাকে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীকে ধৰি দলটোৰ শীৰ্ষ নেতাসকল।
বৰগীতেৰে জাতীয় ঐক্য সমাৰোহৰ শুভাৰম্ভ কৰা অনুষ্ঠানত অগপৰ সভাপতি অতুল বৰাই ভাষণত কয়- ‘আমি বিজেপিৰে মিত্ৰতা কৰিছো, আৰু বিগত সময়ছোৱাত মিত্ৰজোঁটৰ অংশীদাৰ ৰূপে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে চেষ্টা কৰিছো। এই কথা ৰাইজে ভালদৰে হৃদয়ংগম কৰিছে।’
সভাপতি অতুল বৰাই লগতে কয় যে বৰপেটাত ভিন্ন ধৰ্মৰ লোকৰ মাজৰ ঐক্য কংগ্ৰেছ-এআইইউডিএফে ধ্বংস কৰিবলৈ অহৰ্নিশে চেষ্টা চলাই আছে। বহুসংখ্যক লোকৰ সমাগমেৰে অনুষ্ঠিত জাতীয় ঐক্য সমাৰোহৰ মাজেৰে অগপই নিজকে আগন্তুক নিৰ্বাচনী যুঁজত শক্তিসহ উপস্থাপন কৰাৰ লক্ষ্য লৈছে বুলি চৰ্চা চলিছে।