মই ভীতিগ্ৰস্ত হৈ বিজেপি ত্যাগ কৰিছিলোঃ যতীন বৰা
নিয়মীয়া বাৰ্তা, ১৭ আগষ্টঃ পুনৰ বিজেপিলৈ উভটিল অভিনেতা যতীন বৰা। এক সংবাদমেল যোগে এই কথা সদৰী কৰিলে যতীন বৰাই। CAA আন্দোলন অসমৰ বাবে কলংকিত অধ্যায়। সকলোৱে এনে ভয়ানক সময় কেতিয়াও দেখা নাছিল। CAA আন্দোলনে অসমৰ বহু ক্ষতি কৰিলে আৰু ৫জনকৈ নিৰীহ যুৱকে প্ৰাণ হেৰুৱালে।
‘মই ২০১৫চনত বিজেপিলৈ আহিছিলো। ৰাজনীতি লৈ মোৰ কোনো উচ্চাকংক্ষা নাই শিল্পীসকলৰ বাবে কিবা এটা কৰাৰ স্বাৰ্থতহে মই বিজেপিত যোগ দিছো। শিল্পীসকলৰ ভাল কামৰ বাবে চৰকাৰৰ সদিচ্চা নিশ্চিতভাৱে লাগিব। অসমৰ সাংস্কৃতিক জগতখন আগুৱাই নিবলৈ বিজেপিৰ বাদে অন্য বিকল্প নাই’
তেওঁ লগতে কয় যে ৰাজনৈতিক অভিলাষ নথকাকৈ অসমৰ শিল্পী কলা-কুশলীৰ বাবে মই ঘূৰি অহাটো প্ৰয়োজন আছে। পূৰ্বৰ দৰে সক্ৰিয়ভাৱে দলৰ কাম কৰি যোৱাৰো প্ৰতিশ্ৰুতি দিয়ে যতীন বৰাই। CAA আন্দোলনৰ সময়ত মই ভীতিগ্ৰস্ত হৈ বিজেপি ত্যাগ কৰিছিলো বুলিও কয় অভিনেতাগৰাকীয়ে।