নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়ন্ত বৰাৰ ন্যায়ৰ দাবীত সৰৱ দল-সংগঠন : ২৯ জুলাইত বৰহোলাত আন্দোলন ঘোষণা

  • ডেৰ মাহৰ পিছতো ৰাজহুৱা নহ’ল তদন্তৰ প্ৰতিবেদন
  •  লিখিত প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা মন্ত্ৰী-সাংসদক সমালোচনা, প্ৰতাৰক আখ্যা

নিয়মীয়া বাৰ্তা,  ২৬ জুলাইঃ যোৱা ১৫ জুনৰ মাজনিশা সেনা-আৰক্ষীয়ে অভিযান চলাই যোৰহাট জিলাৰ সীমান্তৱৰ্তী বালিজান ১৫ নং ব্লকৰ ২৫ বছৰীয়া যুৱক জয়ন্ত বৰাক উঠাই লৈ যোৱাৰ পিছতে ৰহস্যজনকভাবে মৃত্যু হোৱা ঘটনাৰ তদন্তৰ প্ৰতিবেদন আজি প্ৰায় ডেৰ মাহে ৰাজহুৱা নহ’ল। ফলত ন্যায়ৰ অপেক্ষাত থকাদল-সংগঠন আৰু স্থানীয় ৰাইজে চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে বৰহোলাত পুনৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলন ঘোষণা কৰাৰ পৰিস্থিতি উদ্ভৱ হৈছে। উল্লেখ্য যে জয়ন্তৰ মৃত্যুৰ পিছদিনাই প্ৰতিবাদমুখৰ হৈ পৰা ৰাইজৰ কাষত মন্ত্ৰী-সাংসদৰ এটা দল উপস্থিত হৈ জয়ন্তৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন সাত দিনৰ ভিতৰতে ৰাজহুৱা কৰি দুষীক উচিত শান্তি প্ৰদান কৰা হ’ব বুলি লিখিত প্ৰতিশ্ৰুতি দি গৈছিল। কিন্তু আজি ৪৬ দিন পাৰ হোৱাৰ পিছতো মন্ত্ৰী-সাংসদৰ সেই প্ৰতিশ্ৰুতি কাৰ্যকৰী নহ’ল এজন নিৰিহ যুৱকক হত্যা কৰাৰ পিছত অসম চৰকাৰৰ এই প্ৰৱঞ্চনা কোনো কাৰণতে মানি লোৱা নহ’ৱ বুলি অভিযোগ তুলি পুনৰ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।

আজি দুপৰীয়া জয়ন্ত বৰাৰ বালিজানৰ বাসগৃহত জয়ন্ত বৰা হত্যাকাণ্ডৰ ন্যায় দাবী সমিতিয়ে এখন প্ৰতিবাদী সভা আয়োজন কৰে৷ সমিতিৰ অন্যতম আহ্বায়ক নৰেন বৰাই সভাপতিত্ব কৰা সভাত উদ্দেশ্য বাখ্যা কৰে চুতীয়া ছাত্ৰ সন্থাৰ নেতা অংশুমান শইকীয়াই। জয়ন্ত বৰাৰ পৰিয়াল, স্থানীয় ৰাইজ আৰু দল সংগঠনৰ উদ্যোগত গঠন হোৱা ন্যায় দাবী সমিতিৰ আহ্বায়ক মণ্ডলীয়ে অতি ক্ষোভেৰে কয় যে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা, ৰাজ্যিক মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈয়ে ৰাইজক দিয়া লিখিত প্ৰতিশ্ৰুতি ৭ দিন বাদেই ৪৬ দিন অতিক্ৰম কৰাৰ পিছতো আজিও জয়ন্ত বৰা হত্যাকাণ্ডৰ তদন্তৰ সন্দৰ্ভত ৰাইজে কোনো কথা জানিবলৈ সক্ষম হোৱা নাই। ন্যায় দাবী সমিতিয়ে চৰকাৰ তথা প্ৰশাসনক প্ৰশ্ন কৰে যে অভিযুক্ত সেনা আৰক্ষীক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থতেই তদন্তৰ ফাইল লুকুৱাই দিয়া হ’ল নেকি ? উচ্চপদস্থ আৰক্ষী বিষয়াৰ নেতৃত্বত পোষ্টমৰ্টেম ৰিপৰ্টক গাপ দিয়া তথা ভুৱা ৰিপ’ৰ্ট প্ৰস্তুতৰ কাৰচাজিৰ সন্দেহ ইতিমধ্যে গাঁওবাসীৰ মনত ঘনীভূত হৈছে । কেৱল অভিযুক্ত আৰক্ষী বিষযাক নিলম্বন কৰিয়েই চৰকাৰৰ দায়িত্ব শেষ নেকি ? সভাত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে ললিত গগৈৰ তদন্ত সমিতিৰ অগ্ৰগতি সমন্ধে ৰাইজ অৱগত নহয় । চৰকাৰী কেবিনেট মন্ত্ৰীয়ে সাত দিনৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে। বৰ্তমান ৰাইজৰ বিশ্বাস আৰু আস্থা নাইকিয়া হৈছে। আজি পৰ্যন্ত হত্যাৰ গোচৰত অভিযুক্তক কিয় গ্ৰেপ্তাৰ কৰা নহল ? কিয় তথ্য প্ৰমাণ, সাক্ষী নষ্ট কৰাৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব থকা দোষী এছ ডি পি অ’ অমৃত কুমাৰ হোজাই, অ’ চি মিন্টু কুমাৰ সন্দিকৈ, সেনা বিষয়া শচীন সিনহাক গ্ৰেপ্তাৰ কৰা নাই ? তাৰোপৰি ৰাইজে পূৰ্বৰ পৰা দাবী জনাই অহা জিলা ন্যায়াধীশৰ নেতৃত্বত এক ন্যায়িক তদন্ত সমিতি গঠন কৰা নহ’ল কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে। ন্যায়িক তদন্তৰ সমান্তৰালভাৱে সমগ্ৰ ঘটনাটোক চি বি আই তদন্তৰ বাবে প্ৰথমতে পৰা ৰাইজ তথা দল সংগঠনে দাবী জনাই আহিছে যদিও গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজিও নিশ্চুপ। এজন ভূমিপুত্ৰক হত্যা কৰা ঘটনাই কিয় হৃদয় গলাব পৰা নাই অসমৰ মুখ্যমন্ত্ৰীৰ। বিদ্যুৎ শইকীয়াই আৰু প্ৰশ্ন কৰে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি আৰক্ষী, সেনাৰ হাতত মানুহ নিহত হলে নিজাকৈ দিব লগা বিভাগীয় এজাহাৰ দিয়া হৈছিল নে নাই ? যদি হৈছিল সেই সম্পৰ্কে ৰাইজক অৱগত কৰিব লাগে। জয়ন্তৰ মাতৃ লীলা বৰাই কয় যে কিছুদিনৰ আগতে তেওঁলোকৰ বাসগৃহত চি আই ডি আৰু গাওঁবুঢ়া উপস্থিত হৈ তেওঁলোকৰ হাতত পোষ্টমৰ্টেম ৰিপৰ্ট মজুত আছে বুলি জনাইছিল। মোৰ একমাত্ৰ পুত্ৰ জোনক (জয়ন্ত বৰা) নিশা মোৰ কাষৰ পৰা আজুৰি নি সিহঁতি তাক হত্যা কৰি পেলালে। মই এতিয়া অকলশৰীয়া। হত্যাকাৰীৰ নাম সহ মই নিজেই এজাহাৰ দিয়া পাছতো এতিয়ালৈকে সিহঁতি মুকলিকৈ ঘূৰি ফুৰিছে। মোক মোৰ পুত্ৰ হত্যাৰ ন্যায় লাগে বুলি দুখেৰে মাতৃ লীলা বৰাই। এই প্ৰতিবাদী সভাত কৃষক মুক্তিৰ তৰফৰ পৰা প্ৰমোদ গগৈয়ে কয় যে বিজেপি চৰকাৰে অসমত গুপ্ত হত্যাৰ আৰম্ভনি কৰিছে। তদুপৰি তদন্তৰ নামত ভেকোভাওনা হোৱাৰহে সন্দেহ হৈছে । পোষ্টমৰ্টেম ৰিপ’ৰ্ট কিয় ৰাজহুৱা নকৰে ? পৰিয়ালৰ অজ্ঞাতে কেনেকৈ পোষ্টমৰ্টেম কৰাইছিল প্ৰশাসনে তাৰ উত্তৰ আমাক লাগিব। সভাত কৃষক মুক্তিৰ ৰাজীৱ চুতীয়াই কয় জয়ন্ত হত্যাৰ তদন্তৰ বাবে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আজিও গ্ৰহণ কৰা নাই। চুতীয়া ছাত্ৰ সন্থাৰ নেতা অংশুমান শইকীয়াই কয় যে জয়ন্ত বৰাৰ পোষ্টমৰ্টেম ৰিপৰ্ট দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে গাফিলতি কৰিছে। আগন্তক দিনত আমি আইনৰ আশ্ৰয় লৈ ৰিপৰ্ট সংগ্ৰহ কৰিব লাগিব। বৰহোলাৰ ৰাইজ আৰু বেছিদিন ক্ষান্ত হৈ নাথাকে ।

ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ উপ সভাপতি প্ৰফুল্ল শইকীয়াই ন্যায় নোপোৱালৈকে সংগ্ৰাম অব্যাহত ৰাখিব লাগিব বুলি হুংকাৰ প্ৰদান কৰে। ন্যায় দাবী সমন্বয় সমিতিৰ অন্যতম আহ্বায়ক তথা সভাৰ সভাপতি নৰেন বৰা কয় যে ৰাইজে প্ৰথমৰ পৰা দাবী উত্থাপন কৰাৰ পিছতো মুখ্যমন্ত্ৰীয়ে কিয় চি বি আই তদন্ত দিয়া নাই। আচলতে অসমৰ গৃহ বিভাগে অসমীয়া তেজাল ডেকাৰ নৃশংস হত্যাৰ প্ৰকৃত বিচাৰ নকৰি কাক ৰক্ষণাবেক্ষণ দিব খুজিছে ? বৰহোলাৰ ৰাইজে জয়ন্ত হত্যাকাৰীৰ শাস্তি নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত ৰাখিব । সমিতিৰ আহ্বায়ক তথা গঞা মুক্তিৰ সম্পাদক দ্বীপ সোনোৱালেও কেৱল আৰ্থিক ক্ষতিপূৰণ দি জয়ন্তৰ ন্যায়ৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাত ক্ষোভ প্ৰকাশ কৰে। সভাত উপস্থিত স্থানীয় মহিলা সকলে কয় যে জয়ন্ত বৰাৰ পাশবিক হত্যাকাণ্ড প্ৰতিবাদত আমাৰ প্ৰতিগৰাকী মহিলাৰ মনত জ্বলি থকা জুইকুৰা ন্যায় নোপোৱা পৰ্যন্ত নুনোমাই। হত্যাকাৰী হাৰি যাব নোৱাৰিব।

আজিৰ প্ৰতিবাদী সভাৰ পৰা জয়ন্ত বৰাৰ হত্যাকাণ্ড ন্যায় দাবী সমন্বয় সমিতিয়ে চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰি কয় যে অতিশীঘ্ৰে জয়ন্ত হত্যাৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰক, ইয়াৰ পৃথকে জিলা ন্যায়াধীশৰ জৰিয়তে এক তদন্ত সমিতি গঠন কৰক, উচ্চতম ন্যায়ালয়ৰ হত্যাকাণ্ড সম্পৰ্কীয় প্ৰাথমিক নিৰ্দেশনা অনুসৰি জড়িত আটাইকেইজন সেনা আৰক্ষীক গ্ৰেপ্তাৰ কৰক, পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰক। সভাত যুৱ ছাত্ৰ পৰিষদৰ বিজু শইকীয়া, ছাত্ৰ মুক্তিৰ যোৰহাট জিলাৰ কাৰ্যকৰী সভাপতি অংকুৰ সোণোৱাল, গোলাঘাট জিলাৰ সম্পাদক সুপ্ৰতিম ৰাজখোৱা, বৰহোলা আঞ্চলিকৰ হেমন্ত শইকীয়া আদিও উপস্থিত থাকে। সভাত ন্যায় দাবী সমন্বয় সমিতিয়ে অনাগত দিনত গ্ৰহণ কৰিব লগা প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভতো আলোচনা কৰে । সমন্বয় সমিতিৰ সজাতি দলে অহা ২৭ জুলাইত ৰাজ্যৰ আগশাৰী বিশিষ্ট অধিবক্তাৰ লগত আলোচনা মিলিত হব আৰু সেইমৰ্মে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সংগ্ৰহৰ ব্যৱস্থা কৰিব। আৰু উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিব। অহা ২৯ জুলাইত হত্যকাৰীক গ্ৰেপ্তাৰ আৰু ন্যায় প্ৰদানৰ দাবীত ক’ৰোনাৰ সম্পৰ্কীয় বিধি সম্পূৰ্ণৰূপে পালন কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত জনসাধাৰনক একত্ৰিত কৰি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰো হুংকাৰ দিয়ে প্ৰতিবাদী ৰাইজে।

You might also like