নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ মন্ত্ৰী পীযুষ হাজৰীকাই আজি শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত মাদুৰি জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অসম চৰকাৰৰ আহোম জনগোষ্ঠীৰ বিশেষ উন্নয়ন পুঁজি সমিতিৰ উদ্যোগত, মাদুৰি জয়মতী স্মৃতি দিৱস স্থায়ী সমিতিৰ লগতে বৃহত্তৰ মাদুৰি, মেছাগড়, মঠিয়াছিগাবাসী আৰু বিভিন্ন দল সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা ৩৪৪ সংখ্যক মহীয়সী জয়মতী স্মৃতি দিৱস উদযাপনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।
মন্ত্ৰীগৰাকীয়ে লগতে জয়মতী স্মৃতি ক্ষেত্ৰৰ আধাৰশিলাও স্থাপন কৰে। অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ ইতিহাসৰ এগৰাকী চিৰ নমস্য মহীয়সী জয়মতী কুঁৱৰীৰ অদম্য সাহস আৰু স্বদেশ স্বজাতিৰ বাবে কৰা আত্মত্যাগ আমাৰ সকলোৰে বাবে এতিয়াও আদৰ্শ আৰু প্ৰেৰণাৰ উৎস। মন্ত্ৰীগৰাকীয়ে কয় যে আহোম ৰাজত্বৰ ৰাজনৈতিক অস্থিৰতাৰ সময়চোৱাত জয়মতী কুঁৱৰীৰ মহান আত্মত্যাগৰ অবিহনে পৰৱৰ্তী সময়ৰ আহোম ৰাজত্বৰ ইতিহাসে হয়তো অন্য ৰূপ পালেহেঁতেন। মন্ত্ৰী হাজৰীকাই ভাষণ প্ৰসংগত আৰু কয় যে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে আহোমসকলৰ ঐতিহ্যক ৰক্ষা কৰাৰ বাবে দায়বদ্ধতাৰে কাম কৰি আছে। আহোম সেনা নায়ক লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী দেশৰ ৰাজধানীত উদযাপন, চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি, লাচিত বৰফুকনৰ মৈদাম সংৰক্ষণ, ব্ৰঞ্জৰ প্ৰতিমূৰ্তি তথা সংগ্ৰহালয় নিৰ্মাণ, আলাবৈ ৰণ স্মাৰক নিৰ্মাণ আদি পদক্ষেপেৰে চৰকাৰে আহোম ৰাজত্বৰ ঐতিহ্যক প্ৰাসংগিক আৰু চিৰ যুগমীয়া কৰি ৰখাৰ প্ৰয়াস কৰি আহিছে বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে৷ উল্লেখযোগ্য যে আজি আধাৰশিলা স্থাপন কৰা মহীয়সী জয়মতী স্মৃতি ক্ষেত্ৰৰ বাবে অসম চৰকাৰে প্ৰাথমিক পৰ্যায়ত চাৰি কোটি টকাৰ পুঁজি মুকলি কৰি দিছিল। মন্ত্ৰী হাজৰীকাই আজিৰ বক্তব্যত এই মহীয়সী জয়মতী স্মৃতি ক্ষেত্ৰৰ বাবে ৰাজ্য চৰকাৰৰ পৰা আৰু ২০ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে মন্ত্ৰী যোগেন মহন, বিধায়ক সুশান্ত বৰগোহাঁই, বিশিষ্ট বুৰঞ্জীবিদ ড° পুষ্প গগৈ আৰু বিভিন্ন দল সংগঠনৰ বহুকেইজন বিষয়ববীয়া উপস্থিত আছিল ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান