নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱন অসমক অব্যাহতি আলফা(স্বা)ৰ

স্বাধীন অসমৰ সপোন লৈ দুকুৰি বছৰ পূর্বে অৰুণ্যলৈ গৈছিল

নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ নি‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) এজন লৌহস্থিতিৰ বিশিষ্ট সতীর্থৰ ওপজা মাটিলৈ ওভতনি যাত্রাত সংগঠনৰ প্রতিজনৰ হৈ শুভকামনা জনালো৷ এয়া আলফা স্বাধীনৰ সভাপতি তথা সর্বাধিনায়ক ডাঃ অভিজিৎ অসমৰ সংবাদ মাধ্যমলৈ প্রেৰণ কৰা বিবৃত্তিৰ কিয়দংশ৷ বিবৃত্তিটোত আৰু কোৱা হৈছে – ‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ বিত্ত সম্পাদক, মেজৰ জেনেৰেল জীৱন অসমক স্বাস্থ্য আৰু বর্তমানৰ প্রতিকূল অৱস্থানত সুচিকিৎসাৰ অভাৱত আপোনাৰ বাবে আমি অত্যন্ত চিন্তিত৷ সেয়ে, আমাৰ সংগঠনৰ পৰা ঘৰলৈ গৈ চিকিৎসা লোৱা আৰু পৰিয়ালৰ মাজত জীৱনৰ বাকী কাল কটোৱাৰ মনোবাঞ্ছাক গ্রাহ্য কৰি আজিৰ পৰা কার্যকৰী হোৱাকৈ সংগঠনৰ সকলো দা–দায়িত্বৰ পৰা অব্যাহতি প্রদান কৰি সা–সন্মানে বিদায় অনুমোদন কৰা হ’ল৷’

সুদীর্ঘ ৩৯ বছৰীয়া সহস্র সংগ্রামৰ অন্তত আলফা (স্বাধীন)ৰ পৰা অব্যাহতি লৈ মেজৰ জেনেৰেল জীৱন মৰাণ ওৰফে গুণত (গুণধৰ) ডাঙৰীয়াই স্ব–গৃহলৈ উভতি আহিছে৷ আলফাৰ কেন্দ্রীয় নেতৃত্বৰ শীর্ষ তথা বর্ষীয়ান নেতাজনক স্বাস্থ্যজনিত কাৰণত অব্যাহতি দিয়া বুলি উক্ত বিবৃত্তিৰ পৰা জানিব পৰা গৈছে৷ ইফালে আলফাৰ অৱসৰপ্রাপ্ত বিষয়া জীৱন মৰাণে এৰিথৈ যোৱা কাকপথাৰৰ ওৱন গাঁৱৰ আপোন ঘৰখনত কেতিয়া ভৰি দিয়াৰ সৌভাগ্য ঘটে সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও সংবাদ মাধ্যমৰ পৰা তেওঁৰ প্রত্যাগমনৰ কথা জানিব পাৰি পৰিয়ালৰ সকলোৱে আনন্দত আত্মহাৰাহৈ পৰিছে৷ উল্লেখ্য যে সম্প্রতি জীৱন মৰাণৰ পত্নী মাধুৰী চেতিয়া ফুকন ওৰফে ৰঞ্জনাই দুগৰাকী অবিবাহিতা কন্যাসহ ডুমডুমাৰ ৰূপাইত এটা ভাডা ঘৰ লৈ বসবাস কৰি আছে৷ তেওঁৰ বৰকন্যাক জাগুনলৈ বিয়া দিছে৷ উল্লেখ্য যে জীৱন মৰাণে মুখ্য বৈদেশিক বিষয়া হিচাপে দায়িত্বত থাকি বিশেষকৈ নাগা মুক্তাঞ্চল অদ্যাপি সুচাৰুৰূপে ধৰি ৰাখিবলৈ সক্ষম হৈছে৷

একেদৰে অপাৰেচন বজৰংগ আৰু ৰাইনৰ সময়ত জীৱন মৰাণে আলফাৰ তিনিচুকীয়া জিলাস্থিত সাধাৰণ মুখ্য কার্যালয় (জি এছ কিউ)টোৰ কোনো হানি–বিঘিনি নোহোৱাকৈ সামৰিক অভিযান পৰিচালনা কৰিছিল৷ সেইখিনি সময়ত তেওঁ ‘অফিচাৰ অন স্পেচিয়েল ডিউটী’ (অ’এছ ডি)ৰ দায়িত্বত আছিল৷ অ’ এছ ডিৰ দায়িত্বত থাকি তেওঁ কোনো জনসম্পদৰ ক্ষতি সাধন হ’বলৈ দিয়া নাছিল৷ এয়া জীৱন অসমৰ এসময়ৰ জনৈক সংগ্রামী সতীর্থৰ ভাষ্য৷ তেওঁ আৰু কয় যে প্রায় ৬৮ বছৰ বয়সৰ জীৱন মৰাণে বজৰংগ–ৰাইন’ অভিযান কালত অসম–ৰুণাচলপ্রদে সীমান্তৱর্তী টেঙাপানীস্থিত সামৰিক প্রশিক্ষণ কেন্দ্রৰ সফল সমাপ্তি ঘটাইছিল৷ আলফাৰ কেন্দ্রীয় সমিতি অর্থাৎ সাধাৰণ পৰিষদৰো সদস্য জীৱন অসমে আলফাৰ শান্তি আলোচনা প্রক্রিয়াৰো অন্যতম অংশীদ্বাৰ বিষয়া আছিল৷ প্রায় সকলো আলফা নেতাৰে বিশ্বাসভাজন জীৱন অসমে সেইখিনি সময়ত আলফাৰ সেনাধ্যক্ষ, উপসভাপতি তথা বর্তমানৰ লেফটেনেণ্ট জেনেৰেল পৰেশ অসমৰ পৰামর্শ অনুসৰি জি এছ কিউৰ অস্ত্র (৫টাৰ বাদেৰ ভাণ্ডাৰ লুকুৱাই ৰাখিছিল৷ কাৰণ আলোচনাৰ প্রক্রিয়া আৰম্ভ কালত দিল্লীয়ে জি এছ কিউৰ সদস্যৰ সংখ্যা পাঁচজনত সীমাবদ্ধ ৰাখিবলৈ চর্ত বান্ধি দিছিল৷ প্রসংগত উল্লেখ্য যে ১৯৯৭বর্ষত লিবাৰেচন টাইগাৰছ অৱ অৰুণাচল আৰু অৰুণাচল ড্রেগন ফেডাৰেচন আদি সশস্ত্র সংগঠনৰ জন্মৰ আঁৰত জীৱন অসমৰ অৰিহণা নিহিত হৈ থকাৰ কথাও জানিব পৰা গৈছে৷ তেওঁৰ সম্পর্ক অল ত্রিপুৰা টাইগাৰ ফ’চৰেও সৌহার্দ্যপূর্ণ আছিল৷ অতি তাৎপর্যপূর্ণ বিষয়টো হ’ল জীৱন অসম ওৰফে জীৱন মৰাণ দীর্ঘদিনৰ পৰাই দিল্লীৰ আতিথ্য গ্রহণ কৰি আছে বুলিও এক অসমর্থিত সূত্রই প্রকাশ কৰিছে৷

You might also like