নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত আঠ বছৰে আবদ্ধ টার্বাইন নিলে গেৰুকামুখলৈ

মাজনিশা অভয়াপুৰীত উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ শীঘ্রে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য সম্পূর্ণ কৰিবলৈ তৎপৰ হৈ উঠিছে নির্মাণকাৰী সংস্থা এন এইচ পি চি৷ প্রতিনিশাই গেৰুকামুখৰ প্রকল্পস্থলীলৈ নির্মাণ সামগ্রী সৰবৰাহ অব্যাহত আছে৷ বিভিন্ন দল–সংগঠনৰ প্রতিবাদ–প্রতিৰোধ নেওচি প্রশাসনৰ নিৰাপত্তা বেহুৰ মাজেৰে সৰবৰাহ কৰি থকা হৈছে বিভিন্ন স্থানত আবদ্ধ হৈ থকা যন্ত্রাংশ৷ কালি নিশাও যোগীঘোপাৰ আন্তঃৰাষ্ট্রীয় নদী বন্দৰত সুদীর্ঘ ৮ বছৰ ধৰি আবদ্ধ হৈ থকা টার্বাইনৰ যন্ত্রাংশ বৃহৎ ট্রেইলৰত লৈ গেৰুকামুখ অভিমুখে ৰাওনা হয়৷ প্রাপ্ত বাতৰি অনুসৰি কালি নিশা ১০.৩০ বজাত আঠখনকৈ বৃহৎ ট্রেইলৰত টার্বাইনৰ বৃহৎ যন্ত্রাংশ যোগীঘোপাৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প অভিমুখে ৰাওনা হয়৷ এই খবৰ লাভ কৰি বঙাইগাঁও জিলা ছাত্র সন্থাই যন্ত্রাংশ কঢ়িওৱা বাহনসমূহ বাধা দিবলৈ ৰাজপথলৈ ওলাই আহে৷ নিশা প্রায় ২ বজাত অভয়াপুৰীৰ দেওহাটীত ছাত্র সন্থাৰ সদস্যসকলে পথ অৱৰোধ কৰি উত্তাল পৰিস্থিতি সৃষ্টি কৰে৷ আছু কর্মীসকলে দেওহাটী ৰে’ল ক্রছিঙৰ ওচৰত ‘বিজেপি চৰকাৰ হায় হায়’, ‘সর্বানন্দ সোণোৱাল মুর্দাবাদ’, ‘মিছলীয়া নৰেন্দ্র মোদী, ৰাজনাথ সিং হায় হায়’ আদি শ্লোগান দিয়ে৷ প্রতিবাদৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পলৈ কঢ়িওৱা টার্বাইনৰ যন্ত্রাংশ কঢ়িয়াই নিয়াত কিছু বাধাপ্রাপ্ত হয় যদিও আৰক্ষীয়ে প্রতিবাদকাৰীসকলক্ আঁতৰাই কঠোৰ নিৰাপত্তাৰ মাজেৰে টার্বাইনৰ যন্ত্রাংশ লক্ষ্যস্থানলৈ পঠিওৱাৰ ব্যৱস্থা কৰে৷ প্রতিক্রিয়া প্রকাশ কৰি বঙাইগাঁও জিলা আছুৱে কয় যে বিজেপিয়ে বৃহৎ নদীবান্ধ প্রকল্প বন্ধ কৰিব বুলি প্রতিশ্রুতি দিছিল যদিও দলটোৱে ক্ষমতালৈ আহিয়ে ২০১২ চনৰ পৰা আবদ্ধ হৈ থকা টার্বাইনৰ যন্ত্রাংশসমূহ কঢ়িয়াই নি বৃহৎ নদীবান্ধৰ সপক্ষে থিয় দি দুমুখীয়া চৰিত্র উদঙাই দিছে৷ সেয়ে বঙাইগাঁও জিলা ছাত্র সন্থাই বৃহৎ নদীবান্ধৰ কঠোৰ প্রতিবাদী কার্যসূচী গ্রহণ কৰিব বুলিও সকীয়াই দিয়ে৷

You might also like