মে মাহত সম্পূৰ্ণ হব যোগীঘোপাত নিৰ্মীয়মাণ মাল্টিমডেল লজিষ্টিক পাৰ্ক নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ- বঙাইগাঁও জিলাৰ যোগীঘোপাত আন্তৰ্জাতিক বহুমুখী বাণিজ্যিক সৰবৰাহ কেন্দ্ৰ (মাল্টি মডেল লজিষ্টিক পাৰ্ক) নিৰ্মাণ হৈ থকা সময়তে আজি ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমৰ এটা দল নিৰ্মাণস্থলীত উপস্থিত হৈ কামৰ পৰ্য্যবেক্ষণ কৰে । ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰিচালন সঞ্চালক চাঞ্চল কুমাৰে বিভাগীয় উচ্চপদস্থ বিষয়াক লগত লৈ লজিষ্টিক পাৰ্ক নিৰ্মাণস্থলীত উপস্থিত হৈ কামৰ অগ্ৰগতিৰ খতিয়ান লয়। উল্লেখ্য যে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০২০ চনৰ ২০ অক্টোবৰত অশোক কাগজ কলৰ ভূমিত বহুমুখী বানিজ্যিক সৰবৰাহ কেন্দ্ৰৰ আধাৰ শিলা স্থাপন কৰে ।তিনি হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া বহুমুখী বানিজ্যিক সৰবৰাহ কেন্দ্ৰটো প্ৰথম পৰ্যায়ত ৬৯৩ কোটি টকা ব্যয় কৰিব ।
নিৰ্মাণ কাৰ্যটোত তিনিটা কোম্পানী ক্ৰমে চি ই চি প্ৰা: লি: ,আৰ চি পি আৰু ছামকন ইনফ্ৰাভেঞ্চাৰ এল এল পি প্ৰথম পৰ্যায়ৰ কাম কৰি আছে । বিষয়াগৰাকীয়ে আজি উক্ত স্থানত উপস্থিত হৈ কামৰ অগ্ৰগতিৰ খতিয়ান লয় ।প্ৰাপ্ত তথ্য মতে, লজিষ্টিক পাৰ্ক প্ৰথম পৰ্য্যায়ৰ নিৰ্মাণত তিনিটাকৈ কোম্পানীয়ে নিৰ্মাণ কাম আৰম্ভ কৰিছে ।ইয়াৰে আৰ চি পি কোম্পানীক ১৬৫’৯৪ কোটি টকাৰ পাৰ্ক নিৰ্মাণৰ ঠিকা লাভ কৰে। ইতিমধ্যে কোম্পানীটোৱে ৩৫.১৭ শতাংশ কাম সম্পন্ন কৰাৰ লগতে বাকী কাম অহা ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ চুক্তিবদ্ধ হয় ।চি এ চি প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে ৮০.০৭ কোটি টকাৰে পাৰ্ক নিৰ্মাণৰ কাম কৰাৰ ঠিকা লাভ কৰে । চি ই চি প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে ইতিমধ্যে ৪৭.৪১ শতাংশ কাম সম্পন্ন কৰাৰ লগতে বাকী থকা কাম অহা ৩ এপ্ৰিলৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ চুক্তিবদ্ধ হয় ।আনহাতে পাৰ্ক নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কামৰ ৰ ছামকন ইনফ্ৰাভেঞ্চাৰ এল এল পি নামৰ আন এটা কোম্পানীয়ে লাভ কৰে ।কোম্পানীটোৱে ২১.৮৪ কোটি টকাৰ পাৰ্ক নিৰ্মাণৰ কামৰ ঠিকা লাভ কৰে ।কোম্পানীটোৱে ১৩.১৫ শতাংশ কাম সম্পন্ন কৰাৰ লগতে বাকী কাম অহা ১ জুনত কাম সম্পূৰ্ণ কৰাৰ চুক্তিবদ্ধ হয় ।ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাথঁনি উন্নয়ন নিগমৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰিচালন সঞ্চালক গৰাকীয়ে আজি কোম্পানী সমুহে কৰা কামৰ খতিয়ান বুজ লয় ।বিষয়া গৰাকীৰ সৈতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ই ডি দ্বয় ক্ৰমে, পংকজ সিংহ আৰু ডব্লিউ ব্লাহৰ লগতে বিভাগীয় বিষয়া অভিযন্তা উপস্থিত থাকে।বিভাগীয় পৰিচালন সঞ্চালক গৰাকীয়ে জনোৱা মতে, মাল্টি মডেল লজিষ্টিক পাৰ্ক নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম অহা মে মাহৰ ভিতৰত সম্পূৰ্ণ হব ।সময়ত প্ৰথম পৰ্যায়ৰ কাম কোম্পানী সমুহে সম্পূৰ্ণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে পৰিচালন সঞ্চালক গৰাকীয়ে ।
উল্লেখ্য যে ,যোগীঘোপাত নিৰ্মাণ হৈ থকা আন্তৰ্জাতিক বহুমুখী বানিজ্যিক সৰবৰাহ কেন্দ্ৰ (মাল্টি মডেল লজিষ্টিক হাব) নিৰ্মাণৰ আৰম্ভণিতে ব্যাপক দুৰ্নীতি তথা অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।নিৰ্মাণ কাৰ্যৰ আৰম্ভণিতে বেৰ নিৰ্মাণত চি ই চি প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে দুৰ্নীতিৰ সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। বৰ্তমান নিৰ্মাণ হৈ থকা চাৰী সীমা বেৰৰ মাটিৰ তলৰ টাইবীম নিৰ্মাণত পৰ্যাপ্ত পৰিমাণত শিল-বালি ,চিমেন্ট নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ।আনহাতে বেৰৰ কিছু অংশত অতি নিম্নমানৰ ইটাৰ লগতে মাটি মিহলি বালিৰে বেৰ নিৰ্মাণ কৰে ।কোম্পানীটোৱে প্ৰশাসনিক ভৱন নিৰ্মাণতো ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । লজিষ্টিক হাবৰ প্ৰশাসনিক ভৱন নিৰ্মাণৰ পাইলিং ১৮ মিটাৰৰ পৰিৱৰ্তে ১২ মিটাৰ কৰি থকা বুলি গুৰুতৰ অভিযোগ উঠিছে ।
আনহাতে অতি নিম্নমানৰে শিল বালি ,চিমেন্টৰে নলা নিৰ্মাণ কৰাত নলাৰ কিছু অংশত ফাট মেলে । স্থানীয় এগৰাকী ঠিকাদাৰৰ এক অখ্যাত কোম্পানীৰ হৈ এগৰাকী ক্ষেত্ৰ অভিযন্তাই সমগ্ৰ দুৰ্নীতি সংঘটিত কৰি থকা বুলি অভিযোগ উত্থাপিত হৈছে । অভিযন্তা গৰাকীয়ে ঠিকাদাৰৰ ৰূপ ধাৰণ কৰাত কাম সমুহ নিম্ন মানৰ হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে ।এনেবোৰ অভিযোগ উত্থাপিত হৈ থকা সময়তে আজি হঠাৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰিচালন সঞ্চালক গৰাকীয়ে উপস্থিত হৈ কামৰ খতিয়ান লয় । উল্লেখ্য যে, বিষয়া গৰাকীয়ে উপস্থিত হোৱাৰ পূৰ্বে দীৰ্ঘদিনৰ পৰা মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ থকা কাবাইটাৰী-বালাপাৰা সংযোগী গড়কাপ্তানি পথত শিল-বালি পেলাই কালি দিনে নিশাই মেৰামতি কৰে ।আনহাতে লজিষ্টিক পাৰ্কৰ ভিতৰত অস্থায়ী ভাবে হেলিপেড নিৰ্মাণ কৰা পৰিলক্ষিত হয় ।সময়ে সময়ে কোম্পানীৰ সমুহৰ বিৰুদ্ধে পাৰ্কৰ নিৰ্মাণ কাৰ্যত দুৰ্নীতিৰ অভিযোগ উঠি আহিছে যদিও সেয়া ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাথঁনি উন্নয়ন নিগমে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই । আজিও অনুৰূপ ভাবে বিভাগীয় পৰিচালন সঞ্চালকৰ লগতে শীৰ্ষ বিষয়া-অভিযন্তাই কামৰ খতিয়ান ল’বলৈ আহি কেৱল মাত্ৰ মানচিত্ৰ, কাগজে-পত্ৰে আদি পৰ্য্যবেক্ষণ কৰা পৰিলক্ষিত হয় ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস