নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামধেনুসদৃশ মিত্রতাৰে খেলিব উপ–নির্বাচন

বিজেপি–ইউপিপিএল অগপৰ যৌথ সংবাদ মেল

নিয়মীয়ী বাৰ্তা ৭ অক্টোবৰঃ আগন্তুক উপ–নির্বাচনক লৈ বিৰোধী দলৰ মাজত চলি থকা অৰিয়াৰি, আক্রমণ–প্রতিআক্রম বিপৰীতে ৰামধেনুসদৃশ মিত্রতাৰে নির্বাচনত অৱতীর্ণ হ’ব মিত্রজোঁট৷ বুধবাৰে এই কথা স্পষ্ট কৰিলে অগপ, বিজেপি আৰু ইউ পি পি এল দলৰ তিনি নেতৃত্বই৷ উল্লেখ্য যে উপ–নির্বাচনত পাঁচ সমষ্টিত বিজেপিয়ে তিনিটা সমষ্টিত আৰু ইউ পি পি এলে দুটা সমষ্টিত প্রার্থিত্ব প্রক্ষেপ কৰিছে৷ অহা ৩০ অক্টোবৰত হ’ব লগা ভোটগ্রহণৰ বাবে আজিৰে পৰা আৰম্ভ হ’ব মনোনয়ন দাখিলৰ প্রক্রিয়া৷

ইয়াৰ প্রাক্ক্ষণত বুধবাৰে আমবাৰীস্থিত অগপৰ মুখ্য কার্যালয়ত তিনিওটা দলে আয়োজন কৰে এখন বিশেষ সংবাদ মেলৰ৷ এই সংবাদ মেলতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ স্পষ্ট ঘোষণা– মনোনয়ন দাখিলৰ সময়ত মিত্রজোঁটৰ প্রার্থীক সংগ দিব তিনিওটা দলৰ শীর্ষ নেতৃত্বই৷ সভাপতি কলিতাই কয়– তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টিৰ বাবে ইউ পি পি এলৰ প্রক্ষেপিত প্রার্থীয়ে মনোনয়ন দাখিল কৰিব আৰু এই মনোনয়ন দাখিলত উপস্থিত থাকিব তিনিওটা দলৰ সভাপতিসকল৷ একেদৰে থাওৰা, ভৱানীপুৰ আৰু মৰিয়নিত মনোনয়ন দাখিলৰ সময়তো মুখ্যমন্ত্রীৰ লগতে তিনিও দলৰ সভাপতি উপস্থিত থাকিব৷

অগপক প্রশংসা কৰি ভৱেশ কলিতাৰ মন্তব্য– মিত্রতাৰ নীতি সুন্দৰভাৱে পালন কৰি আহিছে অগপই৷ তদুপৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰৰ দুই দায়িত্বশীল মন্ত্রী হিচাপে অতুল বৰা আৰু কেশৱ মহন্তয়ো বিভাগ পৰিচালনা কৰাত যথেষ্ট সফল হৈছে৷ ক’ভিড পৰিস্থিতিক স্বাস্থ্যমন্ত্রী হিচাপে নিয়ন্ত্রণ কৰাত সফলতা লাভ কৰা বাবে কেশৱ মহন্তক ৰাজ্যিক সভাপতিগৰাকীয়ে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে৷

আনহাতে সংবাদ মেলত অগপ সভাপতি অতুল বৰাই ২০১৬ চনত বিজেপিৰ সৈতে গঢ়া এই মিত্রতাই ৰাইজৰ আস্থা বুটলিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি ৰামধেনুসদৃশ এই মিত্রতাই আগন্তুক উপ–নির্বাচনত পুনৰ মিত্রজোঁটলৈ সফলতা আহিব বুলি মন্তব্য কৰে৷ বৈঠকত উপস্থিত থকা ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে উপ–নির্বাচনত মিত্রজোঁটে জয়লাভ কৰাটো নিশ্চিত বুলি মন্তব্য কৰে৷ তেওঁ কয়– মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত মিত্রদলৰ এই চৰকাৰখনে সকলো পর্যায়তে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ বড়োভূমিত ৰামধেনুসদৃশ এই মিত্রতাক ৰাইজে আঁকোৱালি লৈছে আৰু এই মিত্রতাৰ জৰিয়তে ইউ পি পি এলে উপ–নির্বাচনত দুয়োখন আসন লাভ কৰাটো নিশ্চিত বুলি কয়৷

ইফালে মিত্রজোঁটৰ সংগী হ’বলৈ বি পি এফে চলাই থকা প্রচেষ্টা সন্দর্ভত  ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে বড়োভূমিত বিজেপিৰ সংগী ইউ পি পি এল৷ বি প এফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে যদি মিত্রজোঁটৰ সংগী হোৱাৰ কথা কৈছে, সেয়া তেওঁৰ নিজা বক্তব্য৷ এতিয়াও মিত্রজোঁটৰ অংশীদাৰ হোৱা নাই হাগ্রামা মহিলাৰী৷

উল্লেখ্য যে শেহতীয়াকৈ হাগ্রামা মহিলাৰীয়ে মুখ্যমন্ত্রীৰ সৈতে হোৱা আলোচনাৰ জৰিয়তে আগন্তুক নির্বাচনত মিত্রজোঁটক সহায় কৰিব বুলি মুকলিকৈ ঘোষণা কৰিছে৷ আনকি গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিত মিত্রজোঁটৰ প্রার্থীৰ মনোনয়ন দাখিলৰ সময়ত নিজে উপস্থিত থকাৰ কথা ব্যক্ত কৰিছে৷ এই বক্তব্যৰ বিপৰীতে  ভৱেশ কলিতাই বি পি এফ এতিয়াও মিত্রজোঁটৰ সংগী হোৱা নাই বুলি কৰা মন্তব্যই যথেষ্ট চর্চা সৃষ্টি কৰিছে৷
অগপত যোগ দিলে শতাধিক কংগ্রেছীয়ে
আমবাৰীস্থিত অগপৰ মুখ্য কার্যালয়ত আজি অনুষ্ঠিত হোৱা এক যোগদান কার্যসূচীত বৰাক উপত্যকাৰ শতাধিক কংগ্রেছী সদস্যই আঞ্চলিক দলটোত যোগদান কৰে৷ সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত অনুষ্ঠিত এই যোগদান কার্যসূচীত সভাপতি অতুল বৰাই দলটোত যোগদান কৰা প্রতিজনকে ফুলাম গামোচাৰে আদৰণি জনায়৷
ভৱানীপুৰ–গোসাঁইগাঁই এআইইউডিএফৰ প্রার্থী ঘোষণা
ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ বাবে অহা ৩০ অক্টোবৰত হ’বলগীয়া উপ–নির্বাচনত এ আই ইউ ডি এফ দলে ভৱানীপুৰ আৰু গোসাঁইগাঁও সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব৷ আজি দলটোৱে দুই সমষ্টিৰ বাবে আনুষ্ঠানিকভাৱে প্রার্থী ঘোষণা কৰে৷ ভৱানীপুৰ সমষ্টিত অধিবক্তা জুব্বাৰ আলী আৰু গোসাঁইগাঁও সমষ্টিত খাইৰুল আলাম খন্দকাৰক টিকট দিয়া হৈছে৷ উল্লেখ্য যে যোৱা বিধানসভা নির্বাচনত ভৱানীপুৰ সমষ্টিটো এ আই ইউ ডি এফে দখল কৰিবলৈ সক্ষম হৈছিল৷

মষ্টিটোত নির্বাচিত বিধায়ক ফণী তালুকদাৰে পৰৱর্তী পর্যায়ত দলত্যাগ কৰি বিজেপিত যোগদান কৰাত উপ–নির্বাচন আহি পৰে৷ যোৱা ২০১১ চনৰ পৰাই একেৰাহে তিনিটাকৈ বিধানসভা নির্বাচনত ভৱানীপুৰত এ আই ইউ ডি এফে জয়লাভ কৰাৰ সূত্রেই এইবাৰো উপ–নির্বাচনত দলটোৱে প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈ আজি প্রার্থী ঘোষণা কৰে৷ আনহাতে, যোৱা বিধানসভা নির্বাচনত মহাজোঁটৰ হৈ এ আই ইউ ডি এফে নির্বাচনী যুঁজত অৱতীর্ণ হোৱা বাবে গোসাঁইগাঁও সমষ্টিটো বি পি এফক এৰি দিছিল যদিও ২০০৬, ২০১১ আৰু ২০১৬ চনৰ বিধানসভা নির্বাচনত সমষ্টিটোত এ আই ইউ ডি এফ দল দ্বিতীয় স্থানত থকাৰ লগতে সামান্য ভোটৰ ব্যৱধানত পৰাজিত হোৱা হেতু এইবাৰ উপ–নির্বাচনত দলটোৱে গোসাঁইগাঁৱতো প্রার্থী ঘোষণা কৰিছে৷

You might also like