নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিত প্ৰলয়ংকাৰী বানত, ১৭৮ গাওঁ পানীৰ তলত,খাদ্যৰ সংকটত বানক্ৰান্ত ৰাইজ

বানত শ শ হেক্টৰ, কৃষিভূমি বিনষ্ট

নিয়মীয়া বাৰ্তা ৩০ জুনঃ ধেমাজি জিলাত চিয়াং-লালী , ব্ৰহ্মপুত্ৰ, কুমটিয়া, জিয়াঢল, গাইনদী, চিলেৰ নৈ উপনৈসমূহৰ পানী ফেনেফুটুকাৰে বাঢ়ি অহাৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ জিলাখনত জলমগ্ন হৈছে মুঠ ১৭৮ খন গাঁও, ইয়াৰে ধেমাজি ৫ খন, চিচিবৰগাঁও ২৬ আৰু জোনাই ১৪৭ খন গাঁৱৰ বানৰ কবলত পৰাৰ লগতে ৭১৬৯৭ লোকৰ ধেমাজি জিলাত মুঠ ২৯৪৮হেক্টৰ, কৃষিভূমি এতিয়া পানীৰ তলত৷ জিলাখনত বানৰ কবলত শ শ পৰিয়ালে ঘৰ-দুৱাৰ এৰি আশ্ৰয় লৈছে ওখ মথাউৰিত৷ মথাউৰি আশ্ৰয় লোৱা মানুহৰ উপৰি জীৱ-জন্তু ভুগিছে খাদ্যৰ লগতে খোৱাপানীৰ সংকটত। যোৱা কেবাদিনো দি থকা নেৰা নেফেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি অহা নৈ উপনৈৰ পানীয়ে জিলাৰখনৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে৷

প্ৰাপ্ত খবৰ অনুসৰি ধেমাজি জিলাৰ বৰ ডেকেৰা, সৰু ডেকেৰা, সাচুলি, বাহিৰ জানমিচুক, ভলুকাগুৰি পথাৰ, গৰৈমাৰী, হালমাৰী, গৰৈমাৰী পথাৰ, টাৰি মাজগাঁৱ বেৰা সোনোৱাল, দেউৰী গাঁৱ, টাৰি কছাৰী, টাৰি মাজঁ গাওঁ, টাৰি নেপালী, টাৰি বেঙ্গলী, নং ২ টাৰি বস্তি, বেৰাচাপৰিঘাট, জলডুবি, নলনি পাম, বেৰা মাজগাঁৱ, কেৰকনি মাজগাঁৱ, হেমপুৰ, কাপাতালি লালুং, বৰধাম লালুং, বিষ্ণুপুৰ, বেবেলি গাইজন, বৰখেল, বেৰাচিৰা, দিহিৰি কছাৰী, উজানি কছাৰী, নিমনি কছাৰী,, লাপং ৰংপুৰিয়া, শিমলুগুৰি, বালিচাপৰি, কঠাল চুক, নামনি দিহিৰি, জানমিচুক, ভলুকাগুৰি, মেধি পমোৱা, চনাৰিঘাট, চুমনলা, , কেচুৰমুখ, বালি ম, কাৰেং চাপৰি, বাহিৰ আমগুৰি, দক্ষিণ আমগুৰি , ৰাজাপুৰ আদি অঞ্চলত চিয়াং-লালী , ব্ৰহ্মপুত্ৰ, কুমটিয়া, জিয়াঢল, গাইনদী, চিলেৰ নৈ বাঢ়নী পানীত বুৰ গৈছে৷ যাৰ ফলত মথাউৰি ওপৰত দিন কটাবলগীয়া হৈছে প্ৰায় সাত শতাধিকৰো অধিক বন্যাৰ্তই৷ তদুপৰি পশুধনৰ খাদ্যৰ অভাৱত বানাক্ৰান্ত লোসকলে হাঁহাকাৰ কৰিবলগীয়া হৈছে৷

You might also like