নিয়মীয়া বাৰ্তা ২ জুলাইঃ জোনাইত ২০খনৰো অধিক গাওঁৰ ৰাইজে স্বাধীনতাৰ আগৰে পৰা আজিলৈ দেখা পোৱা নাই এখনো পকী দলঙ৷ ধেমাজি জিলাৰ জোনাইত গড়কাপ্তানি বিভাগ, জনপ্ৰতিনিধি তথা ঠিকাদাৰৰ চৰম হেমাহিত আজিও সম্পূৰ্ণ নহল এখন পকী দলঙৰ নিৰ্মাণৰ কাম ৷ জোনাইৰ লোহিজান ঘাটৰ জোনাই নদীৰ ওপৰত আজি পৰা ২০বছৰ আগতে আৰম্ভ কৰা পকী দলৰ নিৰ্মাণ আজিও সম্পূৰ্ণ নোহোৱাত নদীখনৰ সিপাৰে থকা প্ৰায় ২০ খন গাঁৱৰ ৰাইজে জোনাই সদৰৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত ভূগিছে চৰম যাতনা৷ নদীখনৰ ওপৰত খৰালিত ৰাইজে নিজে বাঁহৰ দলং সাজি পাৰাপাৰ কৰে যদিও বাৰিষাত খৰস্ৰৰোতা জোনাই নদী সাধাৰণ টুলুঙা নাঁৱেৰে বিপদজনক ভাৱে যাতায়ত অব্যাহত ৰাখিছে বৃহৎ অঞ্চলটোৰ ৰাইজে৷ বছৰ বছৰ পিছত ৰাইজে এনদৰে নদীখন পাৰ কৰি আহিছে৷ চিকিৎসা, স্কুল, কলেজ, বেপাৰ বানিজ্যকে ধৰি বিভিন্ন কামত দৈনিক শ শ লোকে পাৰ কৰা নদীখন৷ যাৰফলত বাৰিষা কেবাবাৰো নাও দুৰ্ঘটনা হয় আজি পৰ্যন্ত কেবাজনো লোকৰ মৃত্যু ঘটিছে৷ প্ৰত্যেক বছৰ বাৰিষাত এই নদীখন পাৰাপাৰ হঁওতে নাও দুৰ্ঘটনাত মৃত্যু হয় মানুহৰ এই বাৰিষাটো এই নদীত নাও দুৰ্ঘটনা হয় এগৰাকী ১২ বছৰীয়া কিশোৰীৰ মৃত্যু হয়৷ ইমনৰ পিছতো কিন্ত কোনো গা লৰা নাই স্থানীয় বিধায়ক ভূৱন পেগু, সাসংদ প্ৰদান বৰুৱা তথা অসম চৰকাৰ বিয়াগোম গড়কাপ্তানি বিভাগৰ৷
যোৱা ২০ বছৰ আগতে এই জোনাই নদীৰ ওপৰত এখন পকী দলংৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল যদিও ঠিকাদাৰ, গড়কাপ্তানি বিভাগ আৰু জনপ্ৰতিনিধি সকলৰ হেমাহিত আজিলৈ এই দলঙৰ নিৰ্মান সম্পূৰ্ণ নহল৷ কেতিয়াবা কোনোবা বছৰত ঠিকাদাৰে নিৰ্মাণ আৰম্ভ কৰে যদিও আধাতে এৰি দিয়ে৷ পুনৰ নতুনকৈ কোনোবা এজন ঠিকাদাৰে আৰম্ভ কৰে আকৌ পুনৰ কাম স্থগিত হয় পৰে৷ যাৰফলত আজি পৰ্যন্ত এই দলংৰ কাম আধৰুৱা হয় থাকিল৷ ইমানৰ পিছতো গড়কাপ্তানি বিভাগ কিম্বা জোনাই মহকুমা প্ৰশাসনকে ধৰি জনপ্ৰতিনিধি সকলে কোনো ধৰণৰ নাঁও আদিৰ ব্যৱস্থা কৰি নিদিয়াত আজি বছৰ বছৰ ধৰি এই অঞ্চলৰ ৰাইছে দৈনিক ১০ টকাকৈ ভাড়া দি এখন টুলুঙা নাঁৱেৰে পাৰাপাৰ অব্যাহত ৰাখিছে৷ ইফালে বেৰাচাপৰি অঞ্চলৰ লুহিজান, মুণমুনি, কুটুম গাঁৱ, ৰোহিত পুৰ দেউৰী, ভলুকাগুৰি, মিলনতীৰ্থ, কেৰকেৰ আদিকে ধৰি প্ৰায় ২০ খন গাঁৱৰ চিয়াং নদীৰ বানৰ কবলত পৰাৰ সমান্তৰাল কৈ জোনাই সদৰৰ সতৈ যোগাযোগৰ ক্ষেত্ৰত নদীখনৰ ওপৰত দলং নথকাত ভূগিছে চৰম যাতনা৷ প্ৰতি বছৰে নিৰ্বাচন আহিলে জনপ্ৰতিনিধি সকলে আহি এই দলংৰ নিৰ্মাণ সোনকালে শেষ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও ফুটুকাৰ ফেনত পৰিণত হয় সকলো প্ৰতিশ্ৰুতিবোৰ৷ যাৰ ফলত আজি বছৰ পিছত বছৰ এনেদৰে এই ২০ খন গাওঁৰ প্ৰায় দহ সহ্ৰাধিক লোক অৱহেলিত আৰু নিষ্পেষিত হয় আছে৷