নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত বন্যাৰ্তক বান সাহায্য প্ৰদান, বিজ্ঞানসন্মত মথাউৰি নিৰ্মাণৰ দাবীত আছু-গোৰ্খা ছাত্র সন্থাৰ ধৰ্মঘট

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ জোনাই আঞ্চলিক ছাত্ৰ সন্থা , বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্র সন্থাৰ যৌথ উদ্যোগত দুঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে। জোনাই শ্বহীদ বেদী প্ৰাঙ্গনত ৰূপায়ণ কৰা দুঘন্টীয়া অৱস্থান ধৰ্মঘট অনুষ্ঠানত জোনাইত চিয়াং নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ ভাৱে টাৰি মাজগাঁৱৰ শান্তিপুৰৰ তিনিআলিলৈ প্ৰায় ৪.৫ কোটি ব্যয়সাপেক্ষে নিৰ্মাণ হৈ থকা মথাউৰি বিজ্ঞানসন্মত ভাৱে নিৰ্মাণ কৰা , অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰি স্থায়ী সমাধান কৰাৰ লগতে বানাক্ৰান্ত ৰাইজক পৰ্য্যাপ্ত পৰিমানে বান সাহাৰ্য্য প্ৰদান কৰা লগতে বিভাগীয় মথাউৰিৰ বাহিৰত ৰৈ যোৱা টাৰি মাজগাওঁ, মিলনতীর্থ, বেংগুলি বস্তি গাৱঁত এশৰো অধিক লোকৰ ঘৰ-বাৰী বছৰৰ ছমাহ বৰষুণৰ পানীত ডুব গৈ থকা পৰিলক্ষিত হৈছে। গতিকে অতি শীঘ্ৰে সহকাৰী কাৰ্যবাহী অভিযন্তা-বিষয়া কৰ্মচাৰী সকলক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ ,বালিৰে মথাউৰি নিৰ্মাণ কৰি কাম শেষ কৰিব বিচৰা ঠিকাদাৰক অতি শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহণ , টাৰি মাজগাওঁ, বেংগলি বস্তি আৰু মিলনতীৰ্থ ৰাইজৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা আদি বিভিন্ন দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে। বিভিন্ন শ্লোগানেৰে অৱস্থান ধৰ্মঘটস্থলী উত্তাল কৰি তোলে। লগতে উক্ত সমস্যাসমূহ স্থায়ী সমাধানৰ দাবীত জোনাই মহকুমাৰ মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ গগৈ,সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা, উপ – সভাপতি হিৰণ শৰনীয়া, ৰবি কছাৰী, জোনাই মহকুমাৰ ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰী, উপ-সভাপতি কল্লোল কোঁৱৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতিম বড়া, সহকাৰী সাধাৰণ সম্পাদক লুহিত গজমেৰ, বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ মন্টু সোনোৱাল , সাধাৰণ সম্পাদক দিৰেন নৰহ প্ৰমুখ্যে জিলা ছাত্ৰ সন্থা আৰু জোনাই আৰু বাহিৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া, জোনাই ৰাইজ উপস্থিত থাকে।

প্ৰেৰক কৰবী দলে

You might also like