নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আর্থিক দৈন্যঃ চিকিৎসাৰ পৰা বঞ্চিত যোৰহাটৰ শিল্পী সোণাৰাম গায়ন

নিয়মীয়া বাৰ্তা ২৮ এপ্রিলঃ ১৯৮৭ চনৰ পহিলা ব’হাগত যোৰহাটৰ কাছাৰী মৈদানত ম’হৰ পিঠিত উঠি ঢোল–পেঁপা বজাই ৰাজ্যজুৰি খলকনিৰ সৃষ্টি কৰা ঢ়োল–পেঁপা সম্রাট সোণাৰাম গায়ন (বতলু) অসুস্থতাত ভুগি বর্তমান শয্যাগত হৈ আছে৷ উত্তৰ–পশ্চিম যোৰহাট ঢেকৰগঢ়াৰ নামনি গায়ন গাঁও নিৱাসী তথা শিল্পী সোণাৰাম গায়নে আর্থিক দৈন্যত পৰি উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ পৰিছে৷ একালত ৰাজ্যজুৰি পৰিচিত ঢোল–পেঁপা সম্রাট সোণাৰাম গায়নৰ এতিয়া একমাত্র সম্বল হৈ পৰিছে বিছনাখন৷

                     উল্লেখ্য যে এসময়ত ৰঙালী বিহুৰ প্রাক্ক্ষণত এইগৰাকী শিল্পীয়ে ৰাজ্যৰ বিভিন্ন প্রান্তত একনিষ্ঠভাৱে ঢ়োল–পেঁপাৰ প্রশিক্ষণ প্রদান কৰি ঢুলীয়া, পেঁপুৱৈ সৃষ্টিৰে অসমীয়াৰ লোক–সংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ লগতে তেওঁ হাত আৰু মুখেৰে ঢ়োল–পেঁপা পৰিৱেশন কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল৷ আর্থিক দৈন্যত দিশহাৰা হৈও শিপাক ধৰি ৰখাৰ চেষ্টা কৰিছিল ৭০ ঊর্ধ্বৰ এইগৰাকী শিল্পীয়ে৷ কিন্তু কিছুদিন পূর্বে এক ৰোগত আক্রান্ত হৈ বর্তমান শয্যাগত হৈ আছে৷ তেওঁৰ পৰিয়ালে যিকোনো উপায়েৰে চিকিৎসা অব্যাহত ৰাখিছে যদিও আর্থিক দৈন্যৰ ফলত উন্নত চিকিৎসাৰ পৰা শিল্পীজন বঞ্চিত হোৱাত পৰিয়ালটোৰ মূৰত যেন সৰগ ভাগি একপ্রকাৰ দিক্বিদিক্ হেৰুৱাব লগাত পৰিছে৷ ইফালে বিহুৰ বতৰত ঢ়োল–পেঁপাৰ যাদুৰে শৰীৰত লহৰ তোলা শিল্পী সোণাৰাম গায়নক আজি পর্যন্ত চৰকাৰী আঁচনিয়ে নোপোৱাটো অতি দুর্ভাগ্যজনক হিচাপে চিহ্ণিত হৈছে৷ কিন্তু ইয়াৰ মাজতে বিগত সময়ত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ যোৰহাট জিলা সমিতি আৰু কেইবাটাও বিহু অনুষ্ঠানে শিল্পীজনাক অসমীয়াৰ বৰঘৰ চহকী কৰাত অৱদান আগবঢ়োৱাৰ বাবে সম্বর্ধনা জনায়৷ কিন্তু আজি যেন নিজৰ বিছনাখন আৰু পৰিয়ালটোৰ বাদে মাত এষাৰ লগাবলৈ কাষত নাই কোনো ব্যক্তি, অনুষ্ঠান–প্রতিষ্ঠান অথবা চৰকাৰী বিষয়া–কর্মচাৰী৷ চকুৰ পানীৰে বাট নেদেখা ঢ়োল–পেঁপাৰ সম্রাট তথা শিল্পী সোণাৰাম গায়নৰ লগতে তেওঁৰ দৰিদ্র পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াই বুকুত সাহস দিবলৈ কোনো সুহূদয় ব্যক্তি অথবা অনুষ্ঠান–প্রতিষ্ঠান আগবাঢ়ি আহিবনে? চৰকাৰৰ অভিলাষী আঁচনিয়ে এইজন দৰিদ্র শিল্পীক ঢুকি পাব কেতিয়া? এইবোৰ প্রশ্ণই যেন এতিয়া পৰিয়ালটোক মর্মাহত কৰি তুলিছে৷

You might also like