নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : আজি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত আয়োজন কৰে এক প্লাজমা দান শিবিৰ। উক্ত শিবিৰত কৰ’ণা যুদ্ধত জয়ী হোৱা ৫৩ গৰাকী লোকে স্ব ইচ্ছাৰে প্লাজমা দান কৰে । এনেদৰেই আৰু বহু কভিড যুদ্ধত জয়ী হৈ অহা লোকে স্ব ইচ্ছাৰে প্লাজমা দান কৰিব বুলি আশা কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ বিষয়-ববীয়া সকলে। কাৰণ প্লাজমা দান হৈছে ৰক্ত দানৰ দৰেই এক মহান দান। উল্লেখ্য যে , প্লাজমা দানৰ জৰিয়তে আৰু বহু কৰ’ণা ৰোগী সম্পূৰ্ন ৰূপে সুস্থ হৈ উঠিব পাৰে বুলি চিকিৎসা বিজ্ঞানৰ জ্ঞাত হৈছে ।
আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী যোগেন মোহন, ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাচা আৰু জিলা বিজেপিৰ সভাপতিকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ বিষয়-ববীয়া সকল।