নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন বিভাগৰ অভিযানঃজোৰশিমুলীত অবৈধ কাঠ ফলা মিল জব্দ

চাম্পুপাৰাত ৩ লাখ টকাৰ ফলা কাঠ জব্দ

নিয়মীয়া বাৰ্তা, ৮ জুনঃ দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত সম্প্ৰতি অব্যাহত আছে বন ধ্বংস অভিযান । বন বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বন বিষয়াৰ ছত্ৰ ছায়াতে বন ধ্বংস অভিযান অব্যাহত থকা বুলি প্ৰায়েই একাংশ স্থানীয় লোকে অভিযোগ কৰি আহিছে । হয়টো বন বিভাগৰ এই দুৰ্নীতি গ্ৰস্ত বন বিষয়া সকলৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগে ব্যৱস্থা গ্ৰহণ নকৰিলে বন ধ্বংস চলিয়েই থাকিব । উল্লেখ্য যে পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত জোৰশিমুলীত আজি বামুনীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ বন সংৰক্ষক বিষয়া লক্ষেশ্বৰ দাসৰ নেতৃত্বত বন বিভাগৰ এটি অভিযানকাৰী দলে আজি দিনৰ প্ৰায় ১০ বজাৰ পৰা অভিযান চলাই হানিফ আলীৰ নামৰ এজন লোকৰ কাঠ ফলা মিল এটা জব্দ কৰিবলৈ সক্ষম হয় । হানিফ আলীয়ে কাঠ ফলা মিলটো ঘৰৰ ওচৰৰ এজন লোকৰ ঘৰত লুকৱাই ৰাখিছিল । বন বিভাগে গোপন সূত্ৰে এই খবৰ লাভ কৰি আজি অভিযান চলাই মিলটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উক্ত মিলটোৰ গৰাকী হানিফ আলী সম্প্ৰতি পলাতক হৈ আছে । ইয়াৰ পিছতে বন সংৰক্ষক বিষয়া লক্ষেশ্বৰ দাসৰ নেতৃত্বত বন বিভাগৰ এটি দলে চাম্পুপাৰাত অভিযান চলাই ২০০ কেবি ফলা শাল কাঠ জব্দ কৰে । যোৱা নিশা এই চোৰাং কাঠ খিনি মানুহ এঘৰৰ তাত এখন গাড়ীৰে আনি ৰাখিছিল । বন বিভাগৰ অভিযানকাৰী দলটোৱে আজি চোৰাং কাঠ খিনি জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত কাঠ খিনি মূল্য প্ৰায় ৩ লাখ টকা হব । জব্দ কৰা কাঠ ফলা মিল আৰু ফলা কাঠ খিনি সম্প্ৰতি বামুনীগাঁও বনাঞ্চলিক কাৰ্যালয়লৈ অনা বুলি জানিব পৰা গৈছে ।

You might also like