নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহা বন্যাৰ্তলৈ সহায়ৰ হাত সাংবাদিকৰ লগতে নগাঁৱৰ অনুসূচিত জাতিৰ কেইবাটাও জাতীয় সংগঠনৰ

নিয়মীয়া বাৰ্তা, ২৬মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ ৰহা, বঢ়মপুৰ আৰু নগাঁও সদৰ সমষ্টিৰ বিভিন্ন অঞ্চলত কপিলী আৰু বৰপানী নদীৰ প্ৰলয়ংকৰী বানে বিস্তৃত অঞ্চল ডুবাই পেলোৱাত কৃষক ৰাইজৰ লগতে হাজাৰ হাজাৰ লোক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰহা সমষ্টিৰ  বিস্তৃত অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজ এই প্ৰলয়ংকাৰী বানত ঘৰ-দুৱাৰ এৰি আশ্ৰয় লৈছে বিদ্যালয়, নামঘৰ তথা অন্যান্য ওখ ঠাইত । বৃহৎ অঞ্চলটোৰ জনসাধাৰণৰ ঘৰ-দুৱাৰ, পোহনীয়া জীৱ-জন্তুৰ লগতে নষ্ট হৈছে খেতি-খোলাও। এই বানাক্ৰান্ত অঞ্চলৰ ভিতৰত দুৰ্গাজান ,জাকৰুৱা আৰু দেওবালিত আশ্ৰয় শিবিৰত থকা জনতাৰ মাজত বৃহস্পতিবাৰে অকনি সহানুভূতিৰ হাত আগবঢ়াইছে সাংবাদিকৰ লগতে নগাঁৱৰ কেইবাটাও জাতীয় সংগঠনে। সাংবাদিক কল্লোল শইকীয়া আৰু সদৌ অসমীয়া কৈৱৰ্ত সন্মিলনীৰ নগাঁও জিলা সমিতি, কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা নগাঁও জিলা, অনুসূচিত জাতি পৰিষদ নগাঁও জিলা, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ আৰু নিউজ চেভেন অসম এন ইৰ যৌথ উদ্যোগত দুইশতাধিক বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। সমাজকৰ্মী তথা সাংবাদিক কল্লোল শইকীয়া, চাৰিওটা সংগঠনৰ নেতৃবৰ্গ মনোৰঞ্জন দাস, গৌতম শইকীয়া, জয়ন্ত কুমাৰ দাস, সঞ্জীৱ দাস,  প্ৰাঞ্জল দাস, দীপ দাস আৰু জেষ্ঠ সাংবাদিক কাচেম আহমেদকে ধৰি কেইবাগৰাকী বিষয়ববীয়াই এই বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে। উল্লেখ্য যে, সাংবাদিক কল্লোল শইকীয়া তথা সংগঠনকেইটাই বিগত আঠ দিনে নগাঁও জিলাৰ বানবিধস্ত এলেকাসমূহৰ সহস্ৰাধিক বানাক্ৰান্তৰ মাজত বান সাহায্য বিতৰণ কৰি আহিছে ৷

প্ৰেৰক ভৱজ্যোতি ডেকা

You might also like