নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুলাই–আগষ্টত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

নিয়মীয়া বাৰ্তা ১০ জুনঃ অহা জুলাই–আগষ্ট মাহত উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ অসম মাধ্যমিক শিক্ষা সংসদে পৰীক্ষা কেন্দ্রৰ তত্ত্বাৱধায়কসকল পৰীক্ষাৰ বাবে সাজু হ’বলৈ জৰুৰী নির্দেশ দিছে৷ অসম মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্রক পংকজ বৰঠাকুৰে আজি প্রতিটো পৰীক্ষা কেন্দ্রৰ তত্ত্বাৱধায়কসকল এক নির্দেশযোগে এই বিষয়ে অৱগত কৰে৷ নির্দেশটোত পৰীক্ষা নিয়ন্ত্রক বৰঠাকুৰে কয় যে উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষা অহা জুলাই/আগষ্ট মাহত অনুষ্ঠিত কৰিব৷

ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত ৪০০ৰ অধিক পৰীক্ষার্থী থকা পৰীক্ষা কেন্দ্রৰ তত্ত্বাৱধায়কসকল ক’ভিড প্রট’কল অনুসৰি কাষতে থকা চৰকাৰী অথবা প্রাদেশীকৃত শৈক্ষিক প্রতিষ্ঠানত অতিৰিক্ত পৰীক্ষাগৃহ বিচৰাৰ বাবে নির্দেশ দিয়ে৷ মূলতঃ পৰীক্ষা কেন্দ্রসমূহত পৰীক্ষার্থীসকলে যাতে সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি পৰীক্ষা গৃহত বহিব পাৰে, তাৰ বাবেই এই ব্যৱস্থা কৰিবলৈ শিক্ষা সংসদৰ তৰফৰ পৰা নির্দেশ দিয়া হৈছে৷ শিক্ষা সংসদৰ এই নির্দেশৰ লগে লগে অহা জুলাই/আগষ্ট মাহত উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষা অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে বুলিব পাৰি৷

You might also like