ধুবুৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি অচিন্ত্য মল্ল বুজৰবৰুৱা; জুভেনাইল জাষ্টিছ আইন সন্দৰ্ভত আলোচনা
লিংগ সংবেদনশীলতাক লৈ প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকা উন্মোচন
নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ জুভেনাইল জাষ্টিছ আইনৰ অধীনত ধুবুৰী জিলাত স্থাপিত ন্যায়িক আদালতৰ কাম-কাজ সন্দৰ্ভত চৰ্চা কৰাৰ বাবে আজি পুৱা ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন তিনিমহীয়া পৰ্যালোচনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি অচিন্ত্য মল্ল বুজৰবৰুৱাই । ধুবুৰী জিলা শিশু সুৰক্ষা গোট আৰু ধুবুৰী জিলা ন্যায়িক বিভাগৰ যৌথ উদ্যোগত আয়োজিত সভাখনত মুখ্য অতিথিৰ বক্তব্যত বিচাৰপতি অচিন্ত্য মল্ল বুজৰবৰুৱাই জুভেনাইল জাষ্টিছ (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, ২০১৫ৰ ওপৰত থকা নেতিবাচক দিশবোৰৰ পৰ্যালোচনা কৰে আৰু এই ক্ষেত্ৰত তেখেতৰ অধ্যয়ন আৰু ব্যক্তিগত জীৱনত পোৱা অভিজ্ঞতাৰ ভিত্তিত এটা সাৰুৱা ভাষণ দিয়ে৷ সভাত উপস্থিত থাকি ধুবুৰী জিলা আৰু সত্ৰ ন্যায়াধীশ থানেশ্বৰ কলিতাই জুভেনাইল জাষ্টিছ (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, ২০১৫ ৰ ওপৰত এটা তত্বগধুৰ তথা শৈক্ষিক ভাষণ প্ৰদান কৰে৷
ধুবুৰী জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ ডি এম হুছেইনে আদৰণি ভাষণ দিয়া সভাখনৰ আঁত ধৰে প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ তথা মুন্সিফ আলিছা আখতাৰে৷ সভাত ধুবুৰীৰ উপায়ুক্ত অন্বামুথন এম পি, আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ, ধুবুৰী আদালতৰ আটাইকেইজন সন্মানীয় বিচাৰপতি, উকিল সন্থাৰ সভাপতি, শিশু সুৰক্ষা সমিতিৰ ধুবুৰী জিলাৰ বিষয়ববীয়া সকল, বিভিন্ন থানাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া, অৰ্ধ ন্যায়িক স্বেচ্ছাসেৱকসকল, জুভেনাইল জাষ্টিছৰ সৈতে জড়িত ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিয়ে ভাগ লয়৷ সভাই ধুবুৰীৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাম-কাজৰ সলায় লোৱা লগতে জুভেনাইল জাষ্টিছ আইনৰ সম্পূৰ্ণৰূপে প্ৰতিফলন কৰাৰ বাবে সংশ্লিষ্ট সকলোকে আহ্বান জনাই৷ সভাখনত এটা প্ৰশ্নোত্তৰ শিতানো ৰখা হৈছিল য’ত কেবাজনো ব্যক্তিয়ে আইনখনৰ বিভিন্ন ধৰণৰ ব্যাখ্যা উচ্চ ন্যায়ালয়ৰ সন্মানীয় বিচাৰপতি অচিন্ত্য মল্ল বুজৰবৰুৱাৰ পৰা বিচাৰে৷ শিশু সুৰক্ষা আৰু ন্যায় বিষয়ক ব’ৰ্ডৰ তত্বাবধায়ক প্ৰিন্সিপাল মেজিষ্ট্ৰেট তথা অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ মিনাক্ষী শৰ্মাই সভাত শলাগৰ শৰাই আগবঢ়ায়৷
ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মানীয় বিচাৰপতি অচিন্ত্য মল্ল বুজৰবৰুৱাই ধুবুৰী জিলা লিংগ সংবেদনশীলতা আৰু আভ্যন্তৰীন অভিযোগ সমিতিৰ উদ্যোগত প্ৰস্তুত কৰা এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে৷ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰি বিচাৰপতিগৰাকীয়ে কয় যে আজিৰ ইন্টাৰনেটৰ যুগত প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকাই তেওঁক শৈশৱৰ কথা মনত পেলাই দিছে৷ ধুবুৰী জিলা ন্যায়িক বিভাগৰ সকলো শাখাক লৈ গঠন কৰা সমিতিখনে ধুবুৰীৰ বিভিন্ন স্থানত লিংগ বৈষম্যকেন্দ্ৰীক কৰ্মশালা, সজাগতাসভা আদি অনুষ্ঠিত কৰি আহিছে৷ আদালত চৌহদত আজি উন্মোচন কৰা প্ৰাচীৰ পত্ৰিকাই জিলা ন্যায়িক বিভাগ, উকিল সন্থা, অধিবক্তাৰ চেম্বাৰত হ’ব পৰা সম্ভাব্য সকলো লিংগ বৈষম্যতা দূৰীকৰণত সকলোকে সজাগ কৰিব বুলি আশা কৰা হৈছে৷
প্ৰেৰকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী