নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্যোতিপ্রসাদ শইকীয়াৰ বিয়োগ

দৈনিক অসমৰ প্রাক্তন সম্পাদক–আমোলা

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ বিশিষ্ট লেখক, সাংবাদিক, অৱসৰপ্রাপ্ত প্রশাসনিক বিষয়া জ্যোতিপ্রসাদ শইকীয়াই (৭৫) বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে৷ গুৱাহাটীৰ চানমাৰিস্থিত নিজা বাসভৱনত পুৱা ৭.৫৫ বজাত ইহলীলা সম্বৰণ কৰা সাংবাদিক–লেখকগৰা মৃত্যুৰ সময়ত তেওঁৰ পত্নী আৰু দুজন পুত্রক এৰি থৈ গৈছে৷ উল্লেখ্য যে ১৯৪৫ চনৰ জুন মাহত শিৱসাগৰৰ আমগুৰিত জন্মলাভ কৰা প্রয়াত জ্যোতিপ্রসাদ শইকীয়াই স্কুলীয়া শিক্ষা গুৱাহাটীত গ্রহণ কৰিছিল৷ উজান বজাৰৰ মাণিক চন্দ্র এম ই স্কুলত প্রাথমিক শিক্ষা আৰু পাণবজাৰৰ ডনবস্ক’ত হাইস্কুলীয়া শিক্ষা সম্পন্ন কৰি শ্বিলঙৰ ছেইণ্ট এন্থনী স্কুলত কিছুদিন শিক্ষা গ্রহণ কৰা শইকীয়াই কলেজীয়া শিক্ষা দিল্লীৰ পৰা শেষ কৰে৷ কটন কলেজত কিছুদিন ছাত্র জীৱন অতিবাহিত কৰা জ্যোতিপ্রসাদ শইকীয়াই ১৯৬৩ চনত কটনিয়ানৰ সম্পাদনা কৰিছিল৷ ১৯৬৯ত আছাম ট্রিবিউন কাকতত ষ্টাফ ৰিপ’টাৰ হিচাপে কার্যনির্বাহ কৰা প্রয়াত শইকীয়াই গুৱাহাটী ৰিপ’টার্ছ গীল্ডৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল৷ ‘সাপ্তাহিক নীলাচল’ কাকততো তেওঁ নিয়মীয়া প্রবন্ধ লিখিছিল৷ আনহাতে, ২০০৬ চনত তেওঁ ‘দৈনিক অসম’ কাকতৰ সম্পাদকৰ দায়িত্ব পালন কৰে৷ ১৯৬৯ চনত সাংবাদিকতাৰে কর্মজীৱন আৰম্ভ কৰা জ্যোতিপ্রসাদ শইকীয়াই বাংলাদেশৰ মুক্তিযোদ্ধা আন্দোলনৰ বিস্তৃত তথ্য আৰু বাতৰি উপস্থাপনৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা লৈছিল৷ সেই সময়ত ‘টাইমছ অৱ ইণ্ডিয়া’ৰ ষ্টাফ কৰেছপণ্ডেছ ৰূপে আগৰতলাত নিয়োজিত আছিল প্রয়াত শইকীয়া৷ ভাৰত–বাংলাদেশ সীমান্তৰ পৰাই মুক্তিযোদ্ধা আন্দোলন প্রত্যক্ষ কৰি তেওঁ প্রকাশ কৰা প্রতিবেদনে যথেষ্ট গুৰুত্ব লাভ কৰিছিল৷ ১৯৭৫ চনত তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক পদত যোগদান কৰা জ্যোতিপ্রসাদ শইকীয়াই সেই সময়ত প্রয়াত প্রাক্তন মুখ্যমন্ত্রী শৰৎ সিংহৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰিছিল৷ ১৯৮৩ চনৰ পৰা ১৯৮৫ চনলৈ আৰু ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈ তেওঁ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক পদৰ দায়িত্ব চম্ভালিছিল৷ পৰৱর্তী সময়ত তেওঁ ভাৰতীয় প্রশাসনিক সেৱালৈ মনোনীত হয়৷ ১৯৯২ চনৰ পৰা ১৯৯৪ চনলৈ তেওঁ নগাঁৱত উপায়ুক্ত হিচাপে কার্যনির্বাহ কৰিছিল৷ আনহাতে, ১৯৯৫–৯৬ চনত গৃহ সচিবৰ দায়িত্ব লাভ কৰিছিল জ্যোতিপ্রসাদ শইকীয়াই৷ ২০০৫ চনৰ ৩০ নৱেম্বৰত আয়ুক্ত সচিব ৰূপে অৱসৰ লোৱা প্রয়াত শইকীয়া অৱসৰৰ পাছতেই ‘দৈনিক অসম’ কাকতৰ সম্পাদকৰ দায়িত্ব গ্রহণ কৰে৷ কেইবাখনো গ্রন্থ ৰচনা কৰি যোৱা প্রয়াত শইকীয়া এগৰাকী নাট্যকাৰ, লেখক আৰু তথ্যচিত্র নির্মাতা ৰূপেও প্রসিদ্ধ৷ তেওঁৰ অন্যতম গ্রন্থ হ’ল– লেণ্ড অৱ ছেভেন ছিষ্টাৰ৷ আনহাতে, খলিল জিব্রান প্রফেট হ’ল অসমীয়ালৈ অনুবাদ কৰা গ্রন্থ৷ ১৯৭৪ চনত তেওঁৰ ৰচনাৰে দুলাল ৰয়ে নির্মাণ কৰে স্পন্দন নামৰ তথ্যচিত্রখন৷ তদুপৰি দর্পণ নামৰ এখন হিন্দী টেলিফিল্ম নির্মাণ কৰাৰ লগতে গিয়াছুদ্দিন আহমেদৰ পৰিচালনাৰে হাতী নামৰ এখন নাটক মঞ্চস্থ কৰিছিল৷ ২০১১ চনত সাঁকো (কাহিনী গ্রন্থ), ২০১২ চনত তৃতীয় মত (ভিন্নসূৰী ৰচনা সংগ্রহ) তেওঁৰ অন্যতম সৃষ্টি৷ ২০১৩ চনত বাংলাদেশ চৰকাৰে মুক্তিযোদ্ধা আন্দোলনৰ সময়ছোৱাত তেওঁ গ্রহণ কৰা ভূমিকাৰ বাবে ‘মুক্তিযোদ্ধা মৈত্রী’ সন্মানেৰে তেওঁক সন্মানিত কৰে৷ আজি প্রয়াত শইকীয়াৰ নশ্বৰ দেহ ট্রিবিউন কার্যালয়লৈ নিয়া হয়৷ তাত দৈনিক অসম কাকতৰ কর্মচাৰীসকলে শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ বিয়লি নৱগ্রহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷
মুখ্যমন্ত্রীৰ শোক
বিশিষ্ট লেখক–সাংবাদিক জ্যোতিপ্রসাদ শইকীয়াৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ এক শোকবার্তাত আজি মুখ্যমন্ত্রীয়ে কয় যে জীৱনকালত প্রয়াত জ্যোতিপ্রসাদ শইকীয়াই এগৰাকী সাংবাদিক তথা বিশিষ্ট লেখক হিচাপে সমাজলৈ বৰঙণি আগবঢ়াই গৈছে৷ প্রশাসনিক সেৱাৰ বিষয়া হিচাপেও বিভিন্ন পদবীত কার্যনির্বাহ কৰি তেওঁ যথেষ্ট সেৱা আগবঢ়াই গৈছে৷ জ্যোতিপ্রসাদ শইকীয়াৰ মৃত্যুত আমাৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ মুখ্যমন্ত্রীয়ে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত আজি জ্যোতিপ্রসাদ শইকীয়াৰ মৃত্যুত শোক প্রকাশ কৰি এখন শোকসভা অনুষ্ঠিত কৰে৷ প্রাক্তন সঞ্চালকগৰাকীৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে এক মিনিট সময় মৌন প্রার্থনা কৰে কর্মচাৰীসকলে৷ ইফালে ১৯৬২–৬৩ বর্ষৰ কটনিয়ানৰ সম্পাদক তথা প্রাক্তন প্রশাসনিক বিষয়া জ্যোতিপ্রসাদ শইকীয়াৰ মৃত্যুত কটন এলামনাই এছ’চিয়েচনৰ সভাপতি ড০ সত্যেন্দ্র কুমাৰ চৌধুৰী আৰু সাধাৰণ সম্পাদক জগদীশ দত্তই গভীৰ শোক প্রকাশ কৰিছে৷ তেওঁৰ মৃত্যু ৰাজ্যখনৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে৷

You might also like