জিতেন দত্তক সামাজিকভাৱে বর্জনৰ সিদ্ধান্তঃ যুদ্ধবিৰত গোটৰ পৰা বহিষ্কাৰৰ দাবী
সতীর্থ হত্যাৰ অভিযোগত ৰাইজ মেলত দোষী সাব্যস্ত
নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ প্রাক্তন আলফা নেতা জিতেন দত্তক ফাঁচি দিয়াৰ দাবী উত্থাপন হ’ল দেওবাৰে কাকপথাৰৰ ৰাইজ মেলত৷ কেইমাহমান পূর্বৰ পৰা সামাজিক মাধ্যম ফেচবুকত বিপ্লৱজ্যোতি মহন নামৰ এজন যুৱকে আলফাৰ ২৮নং বেটেলিয়নৰ চি কোম্পানীৰ দায়িত্বত থকা কমাণ্ডাৰ তথা আত্মসমর্পণকাৰী আলফা জিতেন দত্তৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক তথ্য ফাদিল কৰি তোলপাৰ লগাইছিল৷ সতীর্থ হত্যা, বিভিন্ন অসামাজিক–অপৰাধমূলক কার্যত জড়িত থকা বুলি তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছিল অভিযোগ৷ প্রকৃত সত্যৰ সন্ধানত তিনিচুকীয়া জিলা আলফা শ্বহীদ পৰিয়ালৰ উদ্যোগত যোৱা ২৭ ছেপ্টেম্বৰত তালাপ–কর্দৈগুৰি অঞ্চলত এখন সভা অনুষ্ঠিত কৰা হৈছিল৷ উক্ত সভাৰ সিদ্ধান্ত অনুসৰি তিনিচুকীয়া জিলা আলফাৰ শ্বহীদ পৰিয়াল, নির্যাতিত পৰিয়ালে দেওবাৰে কাকপথাৰ ৰাজহুৱা খেলপথাৰত এখন ৰাইজ মেল আহ্বান কৰিছিল৷ উক্ত ৰাইজ মেলত শদিয়াৰ পৰা ধুবুৰীলৈ বহু শ্বহীদ পৰিয়াল, গণ্য–মান্য ব্যক্তি, বিভিন্ন জাতীয়–জনগোষ্ঠীয় দল–সংগঠন আৰু ৰাইজে অংশগ্রহণ কৰে৷ জিতেন দত্তৰ লগতে প্রবাল নেওগ, মৃণাল হাজৰিকা, বিজয় চাইনীজ, জোন ভূঞা তথা আন সদস্য–সদস্যাকো উক্ত ৰাইজ মেললৈ আমন্ত্রণ জনোৱা হৈছিল৷ কিন্তু এই প্রত্যাহ্বান গ্রহণ কৰিবলৈ তেওঁলোকে সাহস গোটাব নোৱাৰিলে৷ উপস্থিত থাকিল কেৱল মৃণাল হাজৰিকা৷ ৰাইজ মেলত অভিযুক্ত হিচাপে বিবেচিত হ’ল নিজ ভ্রাতৃৰ তেজেৰে ৰাঙলী হৈ বর্তমান বিশাল সম্পত্তিৰ গৰাকী হোৱা জিতেন দত্তৰ লগতে বিজয় চাইনীজ, প্রবাল নেওগ, জোন ভূঞা আদি৷ ৰাইজ মেলখনত মুখ্য পর্যবেক্ষক হিচাপে থাকে প্রাক্তন বায়ুসেনা বিষয়া হিমাংশু গগৈ আৰু পৰিচালনা কৰে ধর্জেন গোহায়ে৷ হিমাংশু গগৈয়ে জিতেন দত্ত সন্দর্ভত কয় যে আলফা (স্বা)–এ সভাখন পতাৰ বাবে জিতেন দত্ত ৰাইজ মেললৈ নাহিল বুলি ছ’চিয়েল মিডিয়াযোগে অৱগত কৰিছে৷ এয়া তেওঁক হত্যাৰ ষড়যন্ত্র বুলি অজুহাত দেখুৱাই পলায়ন কৰিছে৷ জিতেন দত্তৰ সৎ সাহস নাই৷ ২০০৮ চনত লাল মৰাণক জিতেন দত্ত আৰু বিজয় চাইনীজে হত্যা কৰা বুলি লাল মৰাণৰ মাতৃ সোণেশ্বৰী মৰাণে ৰাইজ মেলত অভিযোগ কৰে৷ এই তথ্য সঁচা বুলি স্বীকাৰ কৰে আলফা নেতা পৱিত্র চেতিয়াই৷ আনহাতে, ধেমাজিৰ বাবা চেতিয়া নামৰ আলফা নেতাজনক ছিছফায়াৰৰ বাবে সন্মত নোহোৱাত জিতেন দত্তই হত্যা কৰিছিল বুলি অভিযোগ উত্থাপন হয়৷ সেইদৰে উজ্জ্বল মৰাণ নামৰ যুৱকজনক জোন ভূঞাৰ দ্বাৰা স্বাক্ষৰিত এখন পত্রত আলফাৰ বিৰুদ্ধে কাম কৰাৰ বাবে মৃত্যুদণ্ড বিহা হ’ল বুলি লিখা আছিল৷ কি অপৰাধৰ বাবে মৃত্যুদণ্ড দিয়া হ’ল আজিও উল্লেখ নকৰিলে৷ লগতে অভিযোগকাৰীসকলে কয় যে আলফাৰ বৰমূৰীয়াসকলে আজিও শ্বহীদ পৰিয়ালৰ খবৰ লোৱা নাই৷ জিতেন দত্ত কোটি কোটি টকাৰ গৰাকী কেনেকৈ হ’ল বুলিও ৰাইজ মেলত প্রশ্ন উঠে৷ অভিযোগ মতে, ২০০৪ চনত ৰুবুল হাজৰিকা নামৰ এজন যুৱকক সেনাৰ চোৰাংচোৱা বুলি হত্যা কৰে জিতেন দত্তই৷ ২০০৭ চনত বৰালিৰ শ্রীমন্ত চেতিয়াক ন–দিহিঙৰ সমীপত জিতেন দত্তই হত্যা কৰা বুলি তেওঁৰ পিতৃয়ে অভিযোগ কৰে৷ কঁঠালগুৰিৰ এগৰাকী লোকৰ ঘৰত ১৯৯৪ চনৰ ৭ এপ্রিলত আলফাই প্রতিষ্ঠা দিৱস পাতিছিল আৰু তেওঁৰ ঘৰতেই আলফা নেতা জিতেন দত্তই তেওঁৰ দ্বিতীয় দুহিতাক ধর্ষণ কৰিছিল বুলি পিতৃগৰাকীয়ে অভিযোগ কৰে৷শশাংক বৰুৱা নামৰ আলফা নেতাজনৰ বায়েকে অভিযোগ কৰে যে তেওঁৰ মৃত্যুৰ বাবে দায়ী জিতেন দত্ত৷ ২০০৮ চনত সৰুমেছাই গাঁৱৰ শিক্ষক প্রদীপ হাজৰিকাক জিতেন দত্ত–জোন ভূঞাৰ নেতৃত্বত সেনাৰ চোৰাংচোৱা বুলি ঘৰৰ পদূলিতে শূন্য দূৰত্বৰ পৰাই গুলীয়াই হত্যা কৰে৷ ইয়াৰ উপৰি আন বহু অভিযোগ উত্থাপন হয়৷ মৃণাল হাজৰিকাই প্রতিটো অভিযোগৰ জবাবদিহি হ’বলগীয়া হয়৷ ৰাইজ মেলত জিতেন দত্তক সামাজিকভাৱে বর্জনৰ সিদ্ধান্ত লোৱা হয়৷ দ্বিতীয়তে, যুদ্ধবিৰত গোট কাকপথাৰৰ পৰা উঠাই নিয়া ব্যৱস্থা কৰিব লাগে৷ তৃতীয়তে, জিতেন দত্তৰ কু–কর্মৰ বাবে যুদ্ধবিৰত গোটৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি সিদ্ধান্ত গ্রহণ কৰে৷ আনহাতে, আলফা নেতা মৃণাল হাজৰিকাকো কিছু লোকে দোষী সাব্যস্ত কৰিছে৷