নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰৰ শালনাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

 নিয়মীয়া বাৰ্তা   ২৮ জুলাই : নগাওঁ জিলাৰ শালনা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত শালনাৰ লেংটেং চাহ চাহ বাগিচাত আজি পুৱতিনিশা এটা বনৰীয়া হাতীয়ে কৰুণ মৃত্যুক সাৱটি লয়। বনৰীয়া হাতীটোৰ এনে মৃত্যুত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। জানিব পৰা মতে আজি পুৱতি নিশা প্ৰায় ৪ বজাত বাগিছাখনৰ আমগুৰি শাখাৰ ১১ নম্বৰ লাইনৰ নৰসিং লোহাৰৰ ঘৰৰ পাছফালে কঠাল খাবলৈ আহি জ্বলি থকা বিজুলীবাতিৰ তাঁৰত লাগি হাতীটোৰ মৃত্যু হয় । এনে হৃদয় বিদাৰক ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে। এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰে। ঘটনা সন্দৰ্ভত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে একাংশ লোকে বন্য জন্তুৰ পৰা নিজৰ খেতি পথাৰ ৰক্ষা কৰিবলৈ অবৈধ ভাৱে বিদ্যুৎ সংযোগ কৰি আহিছে। এনেদৰে অবৈধ ভাৱে বিদ্যুৎ সংযোগ কৰাৰ ফলত ইতিপূৰ্বেও নগাওঁ জিলাত কেইবাটাও বনৰীয়া হাতীৰ মৃত্যু হৈছে। আজি কলিয়াবৰৰ শালনাত অনুৰূপ কাৰ্যৰ পুনৰাবৃত্তি ঘটি প্ৰায় ৪০ বছৰীয়া এটা বনৰীয়া হাতীয়ে কৰুণ ভাৱে মৃত্যুক সাৱটি লব লগা হয়। প্ৰকৃতি প্ৰেমী আৰু প্ৰকৃতি প্ৰেমী সংগঠনে বনৰীয়া হাতীটোৰ কৰুণ মৃত্যুত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে।

You might also like