কল্লোল সাংস্কৃতিক গোষ্ঠীৰ সোণালী জয়ন্তীৰ শুভাৰম্ভঃ নগাঁৱক আকৰ্ষণীয় স্থান হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছেঃ বিধায়ক ৰূপক শৰ্মা
বিশেষ বাৰ্তা, ৮ জুনঃ অসমৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুষ্ঠান “কল্লোল” ৰ ৫০ বছৰ হ’ল। পঞ্চাশ বষৰ্পূৰ্তি উপলক্ষে আজিৰে পৰা কল্লোলে বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপনৰ পদক্ষেপ গ্ৰহণ কৰিছে। আজি কল্লোলৰ কাৰ্যালয়ত সোণালী জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনৰে সোণালী জয়ন্তীৰ শুভাৰম্ভ কৰে কল্লোলৰ সভাপতি লোহিত কলিতাই । দিনৰ ১১ বজাৰ পৰা কল্লোলৰ সভাপতি লোহিত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয় সম্বৰ্ধনা আৰু ৰাজহুৱা সভা। সভাত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা , বিশিষ্ট সাহিত্যিক সমালোচক প্ৰভাত বৰা , কল্লোলৰ প্ৰাক্তন সভাপতি মুৰুলী শৰ্মা, শিক্ষাবিদ আদিলুজ জামান, বিমল বৰা, বিশিষ্ট অভিনেতা উপকুল বৰদলৈ আদিয়ে অংশ গ্ৰহণ কৰে। কল্লোলৰ সম্পাদক নৌচাদ আখতাৰ হাজৰিকাই আদৰণি ভাষণ দিয়া আৰু শিৱানন্দ কাকতিয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই কল্লোলৰ কাম কাজক প্ৰশংসা কৰি কয়- কল্লোল অকল নগাঁৱৰে নহয়, অসমৰ এক উল্লেখনীয় অনুষ্ঠান। কল্লোল আমাৰ সকলোৰে প্ৰাণ । বিগত সময়চোৱাত এই অনুষ্ঠানে সাংস্কৃতিক ক্ষেত্ৰখনত বিকাশৰ বাবে কাম কৰি অহাৰ লগতে নৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ বাবে কাম কৰি আহিছে। ভাষণ প্ৰসংগত বিধায়ক শৰ্মাই বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত নগাঁৱত হোৱা উন্নয়নৰ কথা উল্লেখ কৰি কয়- নগাঁৱক ৰাজ্যখনৰ ভিতৰতে এখন আকৰ্ষনীয় স্থান হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে, যাতে নগাঁৱলৈ পৰ্যটকৰ আগমন বৃদ্ধি হয়। নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলঙক নগঞাৰ প্ৰাণ বুলি উল্লেখ কৰি শৰ্মাই কয় যে নগাঁও চহৰৰ এলেকাত পৰা কলং নৈৰ খণ্ডাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কলঙৰ পাৰে পাৰে ৱাকিং জ’নৰ নিৰ্মাণৰ কামো শীঘ্ৰে আৰম্ভ কৰা হ’ব। নগাঁও চহৰৰ পানীগাও ছয়আলিত সুধাকন্ঠ ভূপেন হাজৰিকা কলাক্ষেত্ৰ নিৰ্মাণ আৰু মৰিকলং বিলৰ সৌন্দৰ্য্য বৰ্ধনৰ কামো শীঘ্ৰে আৰম্ভ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকা প্ৰণৱ বৰুৱা শিশু উদ্যানৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে আৰু এমাহৰ ভিতৰত এই শিশু উদ্যান মুকলি কৰা হ’ব বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে। সভাতেই কল্লোলৰ প্ৰতিষ্ঠা কালৰ চাৰিগৰাকী সদস্য ক্ৰমে নৌচাদ আখতাৰ হাজৰিকা, পবিত্ৰ শৰ্মা, গুনজিৎ দেবগোস্বামী আৰু প্ৰদীপ গোস্বামীক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। তদুপৰি প্ৰতিষ্ঠা কালৰ আন এগৰাকী সদস্য প্ৰয়াত ভবেশ বৰুৱাৰ পৰিয়ালকো সম্বৰ্ধনা জনোৱা হয়। লগতে কল্লোলৰ প্ৰতিষ্ঠা কালৰ সদস্য, বৰ্তমানৰ সদস্য, কল্লোলৰ লগত জড়িত শুভাকাংখী সকলক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য , ১৯৭২ চনৰ আজিৰ দিনটোত কল্লোল সাংস্কৃতিক গোষ্ঠী জন্ম হৈছিল।
প্ৰেৰক কনক হাজৰিকা