মনোজ কুমাৰ গোস্বামীক কলংপাৰ বঁটা
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ নগাঁৱৰ পৰা প্রকাশিত সাপ্তাহিক কলংপাৰ কাকতৰ উদ্যোগত কালি বিশিষ্ট সাংবাদিক, গল্পকাৰ মনোজ কুমাৰ গোস্বামীক মনোজ কুমাৰ গোস্বামীক কলংপাৰ বঁটা–২০২০ প্রদান কৰা হয়৷ নগাঁৱৰ তিলক প্রকাশন আৰু নগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ পৰিচালনাত নগাঁও মহাবিদ্যালয়ৰ যজ্ঞেশ্বৰ শর্মা সোঁৱৰণী প্রেক্ষাগৃহত মনোজ কুমাৰ গোস্বামীক এই বঁটা প্রদান কৰা হয়৷
মনোজ কুমাৰ গোস্বামীক এইবঁটা প্রদান কৰি অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামীয়ে নিজৰ চমু ভাষণত কয়– এটা সময়ত সাপ্তাহিক কাকতৰ বহু গুৰুত্ব আছিল৷ সেই সময়ত সাপ্তাহিক জনমভূমি, অসম বাণী, তিনিদিনীয়া অগ্রদূত, মহাজাতি আদি পঢ়িছিলোঁ৷ এই সাপ্তাহিক কাকতসমূহে সেইসময়ৰ সমকালীন সমস্যাসমূহ বিস্তাৰিত ৰূপত প্রকাশ কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিছিল৷
‘অসম বাণী’ত ‘বিচাৰক ৰাজখোৱাৰ ফাঁচি’ৰ ওপৰত প্রকাশিত বাতৰিয়ে ৰেকর্ড কৰিছিল৷ যিটো বাতৰি নিৰোদ চৌধুৰীয়ে লিখিছিল৷ দেশৰ ৰাজনৈতিক দলৰ কথা উল্লেখ কৰি অধ্যক্ষ গোস্বামীয়ে কয়– আমাৰ দেশত বিধায়ক, সাংসদ হ’বলৈ কোনো অর্হতাৰ (কোৱালিফিকেচন)প্রয়োজন নাই৷ কিন্তু পঞ্চায়তত আমি নির্দিষ্ট অর্হতা থকা লোককহে প্রতিদ্বন্দ্বিতা কৰিবলৈ সুবিধা দিছোঁ৷ বিধায়ক–সাংসদৰ ক্ষেত্রতো এই নিয়ম প্রচলন হোৱা উচিত৷