নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলপুৰত ভাইৰেল আৰক্ষী উপ–পৰিদর্শকে উৎকোচ লোৱা ভিডিঅ’

গোচৰৰ আপোচ মীমাংসাৰ বাবে লৈছিল দহ হাজাৰ টকা

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ পুনৰ অসম আৰক্ষীক লজ্জানত কৰিলে এজন সহকাৰী উপ–পৰিদর্শকে৷ কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ সহকাৰী উপ–পৰিদর্শক ধীৰেশ্বৰ কলিতাৰ উৎকোচ লোৱাৰ ভিজুৱেল ভাইৰেল হৈ পৰিছে৷ এটা গোচৰ মীমাংসাৰ বাবে ধন লয় সহকাৰী উপ–পৰিদর্শকগৰাক্৷ এই ঘটনাই কমলপুৰত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দীর্ঘদিন ধৰি কমলপুৰ থানাত কর্মৰত হৈ থকা কলিতাই প্রায়ে থানাখনলৈ অহা লোকসকলক হাৰাশাস্তি কৰি অহাৰ অভিযোগ সততে উত্থাপন হৈ আহিছিল৷ প্রায় ৯ বছৰ ধৰি একেখন থানাতে থকাৰ সুবাদতে কলিতাই এনেধৰণৰ ঘটনা সংঘটিত কৰি আহিছে বুলি একাংশ লোকে অভিযোগ কৰিছে৷ ইতিমধ্যে এটা গোচৰৰ মীমাংসাৰ বাবে বিষয়াজনে এজন লোকৰ পৰা দহ হাজাৰ টকা লৈছিল৷ ঘটনাৰ কামৰূপ জিলা আৰক্ষী অধীক্ষক পার্থসাৰথি মহন্তই তদন্ত ঘোষণা কৰিছে৷ অভিযোগ মতে, ঘোচখোৰ আৰক্ষী বিষয়াজনে আইনৰ সহায় বিচৰা লোককো কৰে অভব্য আচৰণ৷ কমলপুৰৰ স্থানীয় যুৱক এজনে বিপদত পৰাৰ পিছত সহায়ৰ বাবে কলিতাৰ সৈতে যোগাযোগ কৰাত আৰক্ষী বিষয়াগৰাকীয়ে কৰে এনে আচৰণ৷ যাৰ বাবে অঞ্চলবাসী ক্ষুব্ধ হৈ পৰিছে৷

You might also like