নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামপুৰৰ দুই যুৱকৰ সৈতে কাকীৰো যুৱক সন্ধানহীন

দ্বিতীয় দিনাও সন্ধান নাই অসমৰ তিনি যুৱকৰ

নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ উত্তৰাখণ্ডৰ চামোলিত সংঘটিত জলপ্রলয়ত সন্ধানহীন হোৱা অসমৰ তিনি যুৱকৰ সন্ধান উলিওৱাত ব্যর্থ হৈছে উদ্ধাৰকাৰী দল৷ হিমবাহৰ এটা অংশ ভাগি পৰাৰ ফলত হোৱা এই বর্ণনাতীত প্রাকৃতিক দুর্যোগৰ পাছতে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল যদিও আজি দ্বিতীয় দিনাও অসমৰ কামপুৰৰ দুই ভাতৃ আৰু কাকীৰ এজন যুৱকৰ কোনো শুংসূত্র লাভ কৰা নাই উদ্ধাৰকাৰী দলে৷ ফলত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সন্ধানহীন যুৱককেইজনৰ কাকী–কামপুৰৰ ঘৰত৷ উল্লেখ্য যে কামপুৰৰ উত্তৰ চাংচকী গাঁৱৰ দুই ভাতৃ অমৰজ্যোতি দাস আৰু কমলজ্যোতি দাস উত্তৰাখণ্ডৰ এটা জলবিদ্যুৎ প্রকল্পত কাম কৰিবলৈ গৈছিল৷ সেই একেটা জলবিদ্যুৎ প্রকল্পতে কাম কৰিছিল কাকীৰ ডেৰাপথাৰৰ যুৱক সুশান্ত ডালু৷ কামপুৰৰ কমলজ্যোতি দাসৰ খুলশালি হৈছে সুশান্ত৷ কিছুদিন পূর্বে ভিনীহিয়েকৰ সৈতে উত্তৰাখণ্ডলৈ কাম কৰিবলৈ গৈছিল কাকীৰ এই যুৱকজন৷ প্রাপ্ত তথ্য অনুসৰি উত্তৰাখণ্ডত আন ১৮জন লোকৰ সৈতে এটা গৃহতে বাস কৰিছিল অসমৰ তিনি যুৱকেও৷ কালি আকস্মিকভাৱে হোৱা জলপ্রলয়ত সেই গৃহটোত বাস কৰা ২১জন লোকেই সন্ধানহীন হৈছিল৷ এই দুঃখবৰ লাভ কৰাৰ লগে লগে অমৰজ্যোতি আৰু কমলজ্যোতিৰ লগতে সুশান্তৰ ঘৰত কান্দোনৰ ৰোল উঠিছিল৷ এটা সুখবৰৰ আশাত তিনিও যুৱকৰ পৰিয়ালে জনাইছিল ভগৱানৰ ওচৰত প্রার্থনা৷ কিন্তু আজিপর্যন্ত যুৱক তিনিজনৰ কোনো সন্ধান উলিয়াব নোৱাৰাত পৰিয়ালকেইটা শোকত ভাগি পৰিছে৷ কামপুৰৰ দুই যুৱকৰ মাতৃ দীপালী দাসক সাত্ব্ন্না দিবলৈ ঘৰখনত বহু লোকে ভিৰ কৰিছে যদিও শোকত তেওঁ অস্থিৰ হৈ পৰিছে৷ তদুপৰি সন্ধানহীন দুই ভাতৃৰ বিবাহিত ভগ্ণীৰ কান্দোনেও ম্রিয়মাণ কৰি তুলিছে অঞ্চলবাসীক৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে লকডাউনৰ পূর্বে অমৰজ্যোতি ঘৰলৈ আহিছিল৷ পুনৰ উত্তৰাখণ্ডলৈ উভতি যোৱাৰ সময়ত তেওঁ লগত লৈ গৈছিল ভাতৃ কমলকো৷ ঘৰখন সুচাৰুৰূপে চলোৱাৰ বাবে দুই যুৱক উত্তৰাখণ্ডলৈ গৈছিল৷ কালিৰ ঘটনাৰ পাছত যুৱক দুজনৰ সন্দর্ভত জিলা প্রশাসন অথবা ৰাজ্য চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে কোনো তথ্য পৰিয়ালটোৱে লাভ কৰা নাই বুলি সদৰী কৰিছে সংবাদ মাধ্যমক৷ অৱশ্যে আজি কামপুৰৰ সংলগ্ণ ৰাজহ চক্র বিষয়া নিকুঞ্জ দাস আৰু ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস অমৰজ্যোতি আৰু কমলজ্যোতিৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোৰ খা–খবৰ লয়৷ ইপিনে দুই পুত্র সোঁশৰীৰে ঘৰলৈ উভতি আহিব বুলি আশা পালি ৰৈ থকা মাতৃ আৰু পৰিয়ালটো আর্থিক অসুবিধাৰ বাবে উত্তৰাখণ্ডলৈ যাব পৰা নাই বুলি জানিব পৰা গৈছে৷ কেৱল ফোনযোগেহে দুই ভাতৃৰ সন্ধান সন্দর্ভত খা–খবৰ লৈ আছে পৰিয়ালটোৱে৷ ইফালে কামপুৰৰ দুই ভাতৃৰ লগতে কাকীৰ ডেৰাপথাৰৰ ডালু গাঁৱৰ সুশান্ত ডালু জলপ্রলয়ত সন্ধানহীন হোৱা বুলি আজিহে পোহৰলৈ আহিছে৷ যোৱা অক্টোবৰ মাহত তেওঁ উত্তৰাখণ্ডলৈ কামৰ বাবে গৈছিল৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিনিটা বিষয়ত লেটাৰ নম্বৰসহ প্রথম বিভাগত উত্তীর্ণ হোৱা সুশান্ত ডালু স্নাতক পৰীক্ষাতো সুখ্যাতিৰে উত্তীর্ণ হৈছিল৷ মেধাৱী ছাত্রজনে সংস্থাপনৰ কোনো পথ নোপোৱাত ভিনীহিয়েকৰ সৈতে উত্তৰাখণ্ডলৈ কাম কৰিবলৈ গৈছিল৷ কালি পুৱা ৮ বজাত তেওঁ পিতৃলৈ শেষবাৰৰ বাবে ফোন কৰিছিল বুলি জানিব পৰা গৈছে৷ পৰৱর্তী সময়ত পৰিয়ালৰ লোকে যোগাযোগ কৰিছিল যদিও সুশান্তৰ ম’বাইলৰ ছুইছ অফ হৈ থকা বাবে কোনো যোগাযোগ সম্ভৱ নহ’ল৷ এই মেধাৱী যুৱকজন সন্ধানহীন হোৱা ঘটনাই পৰিয়ালটোৰ লগতে সমগ্র অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে৷ তিনিওজন যুৱকৰ সন্ধান উলিওৱাৰ ক্ষেত্রত ক্ষিপ্র ব্যৱস্থা গ্রহণৰ বাবে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে কামপুৰ আৰু কাকীবাসীয়ে৷

You might also like