ৰঙিয়াত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত যুৱ সংসদ অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰী:-কামৰূপ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠন সমৃদ্ধিৰ সহযোগত আজি জিলাভিত্তিত যুৱ সংসদ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয় । ঐতিহ্যমণ্ডিত হৰদত্ত-বীৰদত্ত ভৱন প্ৰেক্ষাগৃহত নেহৰু যুৱ কেন্দ্ৰৰ বিষয়া গোপীনাথ দাসৰ তত্ত্বাৱধানত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো সঞ্চালনা কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত প্ৰশিক্ষক হিতেন্দ্ৰ শৰ্মাই । ভালেসংখ্যক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত কৃষি বিষয়া কুমুদ চৌধুৰী, ৰঙিয়া উদ্যোগ বিভাগৰ অধ্যক্ষ হেমন্ত তালুকদাৰ, ইউক্লিড গ্ৰুপ অফ ইন্সটিটিউটৰ অধ্যক্ষ ৰেকিব আহমেদ, সঞ্চালক উজ্বল ডেকা, ৰঙিয়া পৌৰসভাৰ চিপিঅ’ নিহাৰ চামাৰ, জলজীৱন মিছনৰ প্ৰগ্ৰেম কো-অৰ্ডিনেটৰ প্ৰাঞ্জল কলিতা, অৱসৰপ্ৰাপ্ত নৌ সেনা বিষয়া জনাৰ্দন ডেকাৰ লগতে যুৱ উদ্যমী মহম্মদ গুলফাম সমল ব্যক্তি হিচাপে উপস্থিত থাকি চৰকাৰীভাৱে বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহৰ ওপৰত আলোকপাত কৰে । সমল ব্যক্তিকেইগৰাকীয়ে প্ৰসংগক্ৰমে চাকৰিৰ পিছত ঘূৰি সময় নষ্ট কৰাৰ বিপৰীতে উদ্যোগ গঢ়ি তোলা অথবা দেশৰ নেতৃত্ব বহন কৰিব পৰাকৈ নিজকে গঢ়ি তুলিবলৈ যুৱক-যুৱতীসকলক আহ্বান জনায়। অসমত উদ্যোগ স্থাপনৰ যথেষ্ট সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰি ক্ষুদ্ৰ অথবা লঘু উদ্যোগ স্থাপনৰ ক্ষেত্ৰত আত্মনিয়োগ কৰাৰ লগতে সমাজক সন্মুখৰ পৰা নেতৃত্ব দি আগুৱাই নিব পৰাকৈ আত্মপ্ৰস্তুতিৰ বাবেও আহ্বান জনায় ।
প্ৰেৰক ফাৰুক হুছেইন