নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ নৱগঠিত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তর্ৱর্তীকালীন পাৰিষদে দেওবাৰে শপতগ্রহণ কৰে৷ ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ যুটীয়া সচিবে অন্তর্ৱর্তীকালীন পৰিষদখনৰ অধ্যক্ষ হিতেশ্বৰ বর্মন, উপাধ্যক্ষ সুখেন চন্দ্র ৰায়, মুখ্য কার্যবাহী সদস্য গকুল বর্মনৰ লগতে কার্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকলক আনুষ্ঠানিকভাৱে শপত বাক্য পাঠ কৰোৱায়৷ এই শপতগ্রহণ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগু, মুখ্যমন্ত্রীৰ ৰাজনৈতিক উপদেষ্টা বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিধায়ক বিশ্বজিৎ ফুকনো উপস্থিত থাকে৷
মুখ্যমন্ত্রী ড০ শর্মাই নৱগঠিত স্বায়ত্ত পৰিষদখনৰ অন্তর্ৱর্তীকালীন পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ, মুখ্য কার্যবাহী সদস্যকে ধৰি সকলো দায়িত্বপ্রাপ্ত বিষয়ববীয়াক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ সর্বাংগীণ উত্তৰণৰ বাবে সততা আৰু নিষ্ঠাৰে কর্তব্যত ব্রতী হ’বলৈ আহ্বান জনায়৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ শক্তি একতাৰ মাজত লুকাই আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই জনগোষ্ঠীটোৰ নতুন প্রজন্মক একত্রিতভাৱে স্বজাতিৰ উত্তৰণৰ বাবে কাম কৰিবলৈ আহ্বান জনায়৷ ৰাজ্য চৰকাৰে নতুন পৰিষদখনলৈ যাৱতীয় ক্ষমতা হস্তান্তৰৰ বাবেও খৰতকীয়া পদক্ষেপ গ্রহণ কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷