নিয়মীয়া বাৰ্তা, ২৯ মে’ : সমৰকলা টাইকোৱানডোত ৰাজ্যিক প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি শোণিতপুৰৰ বালিপৰালৈ গৌৰৱ কঢ়িয়ালে প্ৰতিভাৱান খেলুৱৈ কৰণ ভূমিজে । প্ৰাপ্ত তথ্য অনুসৰি, অলপতে অনুষ্ঠিত ৩৯সংখ্যক ৰাজ্যিক টাইকোৱানডো প্ৰতিযোগিতাৰ ৭৮ কিলোগ্ৰাম ঊৰ্ধ্বৰ ল’ৰাৰ শাখাত অংশগ্ৰহণ কৰি বালিপৰাৰ কৰণে প্ৰতিদ্বন্দীক হৰুৱাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে কৰণ ভূমিজ বালিপৰাৰ মোলানপুখুৰী গাঁৱৰ বাসিন্দা তথা টাইকোৱানডোৰ এ আই এছ প্ৰশিক্ষণপ্ৰাপ্ত অভিজ্ঞ প্ৰশিক্ষক হৰেণ ভূমিজৰ সুযোগ্য সন্তান। ২০১২ চনৰ পৰা কৰণে পিতৃ হৰেন, প্ৰশিক্ষক দিলীপ গুৰুং আৰু দ্বীপজ্যোতি শইকীয়াৰ পৰা টাইকোৱানডোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে । ইতিমধ্যে কৰণে অসম যুৱ অলিম্পিকত ব্ৰঞ্জৰ মেডেল, সদৌ অসম টাইকোৱানডো চেম্পিয়নশ্বিপত ছিলভাৰ মেডেল আৰু ব্ৰঞ্জৰ মেডেল, বিদ্যালয় খেলত ছিলভাৰ মেডেল, কেন্দ্ৰীয় বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাত সোণৰ পদক ( দুবাৰকৈ) লাভ কৰাৰ লগতে কেন্দ্ৰীয় বিদ্যালয়ৰ পৃষ্ঠপোষকতাত আগ্ৰাত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত খেলতো অংশগ্ৰহণ কৰিছিল। আনহাতে, কৰণে অলপতে মহাৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া ৪০ সংখ্যক ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰিছে ।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম