নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনঃ কাৰ্বি আংলঙত শূন্য হব বিৰোধীঃ ভৱেশ কলিতা

নিয়মীয়া বাৰ্তা, ২৭ মে’- অহা ৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ ত্ৰয়োদশ সাধাৰণ নিৰ্বাচন। বিভিন্ন ৰাজনৈতিক দলৰ লগতে শাসকীয় কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে । অৱশ্যে শাসকীয় দল বিজেপিৰ তুলনাত বিৰোধী দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ আশা কৰা ধৰণেৰে পৰিলক্ষিত হোৱা নাই । বিজেপি দলৰ প্ৰচাৰ অভিযানৰ লগতে দলীয় সাংগঠনিক দিশৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি কাৰ্বি আংলঙত উপস্থিত হয় বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা । সভাপতি গৰাকীয়ে প্ৰথমতে পূৱ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ডকমকাত দলীয় কৰ্মকৰ্তাৰ সৈতে আলোচনাত মিলিত হয় । ইয়াৰ পিছত পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিথুং ৰেংথামা পৰিষদীয় সমষ্টিত অৱস্থিত দলৰ জিলা কাৰ্যালয়ত উপস্থিত হৈ সভাপতি গৰাকীয়ে পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা সভাপতি ৰদীপ ৰংহাঙৰ পৌৰুহিত্যত অনুষ্ঠিত হোৱা বৈঠকত কাৰ্যকৰ্তাৰ সৈতে মিলিত হয় । আগন্তুক নিৰ্বাচনত ২৬ খন আসনতে বিজেপিৰ জয় নিশ্চিত কৰিবলৈ সাংগঠনিক দিশ সবল কৰাৰ উদ্দেশ্যৰে উক্ত সভা অনুষ্ঠিত হোৱা বুলি সভাপতি গৰাকীয়ে এই প্ৰতিবেদকক জানিবলৈ দিয়ে । ইফালে কাৰ্বি আংলং জিলাৰ ২৬ টা সমষ্টিতেই বিজেপি দলৰ জয় নিশ্চিত বুলি উল্লেখ কৰি নিৰ্বাচনত বিৰোধী আসন শূণ্য হ’ব বুলি মন্তব্য কৰাৰ লগতে দলৰ ভিতৰত কোনো বিসম্বাদ নাই বুলি সদৰি কৰে ।
প্ৰেৰক হেমন্ত কুমাৰ নাথ

You might also like