নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা কার্বি যুৱ মহোৎসৱঃ সাজু হৈ উঠিছে তাৰালাংছ’

২.২০ কোটিৰ আড়ম্বৰপূর্ণ অনুষ্ঠানত অংশ ল’ব মুখ্যমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ প্রতিবছৰেই ফেব্রুৱাৰী মাহৰ ১৫ তাৰিখৰ পৰা ১৯ তাৰিখলৈ কার্বি কালচাৰেল ছ’চাহটীয়ে আয়োজন কৰে কার্বি যুৱ মহোৎসৱ৷ কিন্তু এইবেলি সৌ সিদিনালৈকে অব্যাহত থকা ক’ভিডকেন্দ্রিক অনিশ্চয়তাৰ পৰিপ্রেক্ষিতত এই পৰম্পৰা ব্যাহত হ’ল৷ যোৱা বছৰ ক’ভিডৰ বাবেহ অনুষ্ঠিত হোৱা নাছিল কার্বি যুৱ মহোৎসৱ৷ পিছে এহবেলি ক’ভিড সম্পর্কীয় সকলো বাধ্য–বাধকতা চৰকাৰে প্রত্যাহাৰ কৰাৰ পাছত অহা ১ মার্চৰ পৰা ৫ মার্চলৈ অনুষ্ঠিত হ’ব ৪৮সংখ্যক কার্বি যুৱ মহোৎসৱ৷ তাৰালাংছ’ আকৌ প্রাণচঞ্চল হোৱাৰ সময় সমাগত৷ উত্তৰ–পূর্বাঞ্চলৰ আটাহতকৈ পুৰণি আৰু অন্যতম জনজাতীয় কার্বি যুৱ মহোৎসৱৰ কার্বি লোক–কৃষ্টি, সংস্কৃতিৰ অমিয় সুবাস বিলাবলৈ ন–কইনাৰ দৰে সাজি–পাৰি ওলাইছে কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱর্তীৰ কার্বি পিপলছ হল তথা বৃহৎ তাৰালাংছ’ৰ বাকৰি৷ এহ লৈ যুৱ মহোৎসৱটোৰ আয়োজকসকলে মহোৎসৱ উদ্যাপনৰ প্রস্তুতি তুংগত তুলিছে৷ ৮২৭ বিঘাৰ বৃহৎ ভূমিক্ষেত্রৰে আৱৰা তাৰালাংছ’ৰ বৃহৎ প্রকল্পটোত কার্বি জাতীয় জীৱনৰ সোপান আৰু ডেকা–গাভৰুৰ প্রেমাস্পদৰ অন্যতম উৎসৱ ‘কার্বি যুৱ মহোৎসৱ’ক প্রতিবছৰৰ দৰে এহ বছৰো আথেবেথে আদৰি ল’বলৈ উদগ্রীৱ হৈ পৰিছে ৪৮সংখ্যক কার্বি যুৱ মহোৎসৱ উদ্যাপন সমিতিয়ে৷ সৰু–বৰ পাহাৰৰ মনোৰম প্রাকৃতিক আৰু নৈসর্গিক পৰিৱেশৰ মাজতে মন পৰশা উতলা ফাগুনৰ সেমেকা বতাহত তাৰালাংছ’ৰ বাকৰিত উদ্ভাসিত হ’ব কার্বি পৰম্পৰাগত লোককৃষ্টি–সংস্কৃতিৰ অমিয়া সুবাস৷ জিলাখনত বসবাস কৰা প্রতিটো জনগোষ্ঠীৰ পৰম্পৰাগত কৃষ্টি–সংস্কৃতিক অগ্রাধিকাৰ দি উদ্যোক্তাসকলে তাৰালাংছ’ত সংস্কৃতিৰ পৃথিৱীখনত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে৷ ৮২৭ বিঘাজোৰা মাটিকালিৰ তাৰালাংছ’ৰ বাকৰিত শিল্পীগ্রাম, বিভাগীয় প্রদর্শনী স্থলী, বজাৰ গৃহ, ক্রীডাংগন, জনগোষ্ঠীয় আৱাস, জনগোষ্ঠীয় নৃত্য আৰু কলা প্রদর্শনীৰ বাবে (আচেথাহ) মঞ্চসমূহ বিভিন্ন আলোকসজ্জা আৰু ৰং–তুলিকাৰে ন–কহনাৰ দৰে সজাই–পৰাই তোলা হৈছে৷ ১৯৭৪ চনৰ পৰা ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা যুৱ মহোৎসৱটোৱে উত্তৰ–পূর্বাঞ্চলৰ অন্যতম শ্রেষ্ঠ আৰু পুৰণি যুৱ মহোৎসৱ হিচাপে পৰিগণিত হৈ আহিছে৷ এইবাৰ যুৱ মহোৎসৱটোৰ আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিব প্রায় ৭০ ফুট উচ্চতাৰ কার্বি মহিলাৰ কাণত পিন্ধা অলংকাৰ কার্বি নথেংপি (স্থায়ী প্রাসাদ), আৰু বৃহত্তৰ এলেকাজুৰি শিশুসকলৰ বিনোদনৰ বাবে টয় ড্রেইন আৰু হক’ পার্ক অন্যতম৷ কার্বি কালচাৰেল ছ’চাহটীৰ সভাপতি চন্দ্রছিং ক্র’ৱে আমাক দিয়া এক সাক্ষাৎকাৰত জনায় যে ৪৮সংখ্যক কার্বি যুৱ মহোৎসৱ সফল ৰূপে উদযাপন কৰিবলৈ উদ্যোক্তাসকলে দিনে–নিশাই হাড়ভগা শ্রমেৰে প্রায় ৯৫ শতাংশ কাম সম্পূর্ণ কৰি তুলিছে৷ ২ কোটি ২০ লাখ টকাৰ বাজেট লৈ উদযাপন কৰিবলগীয়া ৪৮সংখ্যক কার্বি যুৱ মহোৎসৱত এহবাৰ বুদ্ধিজীৱীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব৷ অৰুণাচল, মেঘালয়, কাছাৰ, কামৰূপ, নগাঁও আদিৰ পৰা ৫ সহস্রাধিক শিল্পীৰ অংশগ্রহণেৰে মায়ানগৰীলৈ ৰূপান্তৰিত হ’ব তাৰালাংছ’ৰ বাকৰি৷

ইয়াৰ উপৰি বিভিন্ন জাতি–জনগোষ্ঠীৰ সাংস্কৃতিক দলেও অংশগ্রহণ কৰিব বুলি কয়৷ ইতিমধ্যে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা এক কোটি টকাৰ অনুদান আগবঢ়াইছে বুলি কোৱাৰ লগতে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ ৩০টা বিভাগৰ কর্মচাৰীসকলৰ এদিনৰ বেছিক পে’ মহোৎসৱলৈ প্রদান কৰিব যদিও ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বিভাগসমূহৰ পৰা এতিয়াও সম্পূর্ণ ধন লাভ কৰা নাই বুলি জানিবলৈ দিছে সভাপতিগৰাকীয়ে৷ কে চি এছৰ পূর্বৰ ২৫টা জ’নেলৰ বিপৰীতে এহবাৰ ৩০ জ’নেলে অংশগ্রহণ কৰিব বুলিও জানিবলৈ দিছে কে চি এছৰ সভাপতিগৰাকীয়ে৷কলাগুৰু বিষুপ্রসাদ ৰাভাহ অসমৰ কলম্বাছ আখ্যা দিয়া কার্বি সমাজৰ ঐতিহ্য–সংস্কৃতিৰ পৰিৱেশনেহ যদিওবা কার্বি যুৱ মহোৎসৱৰ মূল উপজীব্য, কার্বি যুৱ মহোৎসৱে কিন্তু ৰক্ষণশীলতাৰ শিকলি ছিঙিছে কেতিয়াবাই৷ শেহতীয়া কেহটামান বছৰত কার্বি যুৱ মহোৎসৱৰ প্রধান আকর্ষণ হৈ পৰিছে হর্ণবিল মিউজিক ফেষ্টিভেলৰ দৰেই কে ৱাই এফ ৰক কনটেষ্ট৷ এইবেলিও অহা ৩–৫ মার্চত কার্বি যুৱ মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে নেচনেল ৰক কনটেষ্ট৷

উল্লেখ্য যে যোৱা ডিচেম্বৰ মাহত হোৱা নাগালেণ্ডৰ মন জিলাৰ সেহ গণহত্যাৰ পৰিপ্রেক্ষিতত হর্ণবিল ফেষ্টিভেল আধাতে বাতিল কৰা হৈছিল৷ যোৱা বছৰ ক’ভিডৰ বাবেই হোৱা নাছিল হর্ণবিল ফেষ্টিভেল৷ ঠিক একেদৰেই শ্বিলঙত হোৱা হেপ্পীয়েষ্ট মিউজিক ফেষ্টিভেলখ্যাত এন এইচ ছেভেন উহকেণ্ডাৰো অনুষ্ঠিত নহ’ল ক’ভিডকালীন দুটা বছৰত৷ তাৰ পাছত কার্বি য়ুথ ফেষ্টিভেল নেচনেল ৰক কনটেষ্টকো সামৰি আয়োজন কৰিবলৈ লোৱাত বিশেষ উৎসাহ দেখা গৈছে অসমৰ সংগীতপ্রেমী বিশেষকৈ যুৱ প্রজন্মৰ মাজত৷ যুৱ মহোৎসৱটোৰ উদ্বোধনী অনুষ্ঠানৰ পতাকা উত্তোলন কৰিব কে চি এছ সভাপতি চন্দ্রছিং ক্র’ৱে৷ ৪৬সংখ্যক কার্বি যুৱ মহোৎসৱৰ সামৰণী অনুষ্ঠানত অসমৰ প্রভাৱশালী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আমন্ত্রণ জনোৱা হৈছে বুলি জনাহছে৷ কার্বি যুৱ মহোৎসৱৰ বাবে হতিমধ্যে গ্রীকৰ আর্হিত নির্মিত লং মির্জেং আচেথাই (মঞ্চ), চিং মিৰজেং আচেথাহ, ছেমছনচিং আচেথাহ (মঞ্চ)ও আটকধুনীয়াকৈ সজাহ–পৰাই তোলা হৈছে৷ মাঞ্জালৈ যাবলগীয়া ৰাষ্ট্রীয় ঘাইপথৰ পৰা ফালৰি কাটি ৪৬সংখ্যক কার্বি যুৱ মহোৎসৱথলীলৈ যাবলগীয়া ৪ লেনযুক্ত সমগ্র পথছোৱাৰ বাবে সৌৰচাকি, ষ্ট্রীট লাইটৰ ব্যৱস্থাও হৈছে প্রশংসনীয়৷ ইয়াৰ উপৰি যান–জঁট নিয়ন্ত্রণ কৰিবলৈ উদ্যোক্তাসকলে স্বেচ্ছাসেৱীসকলক উচিত প্রশিক্ষণ প্রদান কৰা বুলি জানিব পৰা গৈছে৷

You might also like