নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জৰ এছ পিৰ বাসভৱনৰ পৰাই ফাদিল হৈছিল প্রশ্নকাকত

সঞ্জীত কৃষ্ণৰ ঘৰলৈ কিয় গৈছিল প্রশ্ণকাকতৰ টোপোলা

নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ চাঞ্চল্যকৰ ঘটনাৰ অভিকেন্দ্র আছিল কৰিমগঞ্জ৷ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱনৰ পৰাই এছ আই পদৰ পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল হৈছিল৷ এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে চিআইডিৰ তদন্তত৷ এছ আই পদৰ পৰীক্ষাৰ প্রশ্নকাকত ছপোৱাৰ উপ–ঠিকা লাভ কৰা বঙাইগাঁৱৰ অক্ষয় টেলিকমিউনিকেচনৰ অন্যতম অংশীদাৰ তথা দালাল ৰুবুল আলী ওৰফে ৰুবুল হাজৰিকাৰ স্বীকাৰোক্তিৰ ভিত্তিত চিআইডিৰ এটা দলে কৰিমগঞ্জৰ পৰা বৰপেটালৈ তিনি দিন পূর্বে বদলি হোৱা আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ কার্যালয় আৰু চৰকাৰী বাসগৃহত অভিযান চলোৱাৰ পিছত এই বিস্ফোৰক তথ্য লাভ কৰে৷ আৰক্ষীৰ এক শীর্ষ সূত্রই জনোৱা মতে, ধৃত দালাল ৰুবুল হাজৰিকাক লগত লৈ চিআইডিয়ে কৰিমগঞ্জৰ প্রাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ কার্যালয় আৰু বাসগৃহত দালালজনৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই আজি দুজন আৰক্ষী জোৱান আৰু এজন চালকক গ্রেপ্তাৰ কৰে৷ আৰক্ষী সূত্রটোৱে জনোৱা মতে, যোৱা ২০ ছেপ্টেম্বৰত এছ আই পদৰ আনুষ্ঠানিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ দুদিন পূর্বে গুৱাহাটীৰ পৰা কৰিমগঞ্জলৈ প্রশ্নকাকত লৈ যোৱা হৈছিল৷ প্রশ্ন কাকত লৈ যোৱা বাহনখনত গৈছিল কৰিমগঞ্জ আৰক্ষীৰ এমটি’ শাখাৰ দুই জোৱান আৰু আজি গ্রেপ্তাৰ হোৱা গাড়ীচালকজন৷ প্রশ্নকাকতৰ টোপোলা আৰক্ষী অধীক্ষকৰ কার্যালয়ত থকা ষ্ট্রং ৰুমলৈ নিয়াৰ আগতে চৰকাৰী আৱাসলৈ লৈ যোৱা হৈছিল৷ সেই সময়ৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ বাসগৃহত আধা ঘণ্টা ধৰি প্রশ্ণকাকতৰ টোপোলাটো ৰখা হৈছিল৷ সেই সময়ত উক্ত বাসগৃহত পূর্ব পৰিকল্পনা অনুসৰি উপস্থিত থকা ৰুবুল হাজৰিকাই টোপোলা খুলি ম’বাইলেৰে প্রশ্নকাকতৰে ফটো তুলিছিল৷ এইক্ষেত্রত ৰুবুলক গাড়ীচালক আৰু জোৱান দুজনে বিশেষভাৱে সহায় কৰিছিল৷ ইয়াৰ পিছতে ৰুবুল হাজৰিকাই গুৱাহাটীলৈ আহি এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ অন্যতম মাষ্টাৰ মাইণ্ড দিবন ডেকা আৰু কুখ্যাত অৱসৰপ্রাপ্ত আৰক্ষী মহাপৰিদর্শক পি কে দত্তৰে মিলি ম’বাইলত আবদ্ধ কৰি অনা প্রশ্ণকাকতৰে গুৱাহাটী, নলবাৰী আদিত ৰিহার্ছেল পৰীক্ষা পাতে৷ আৰক্ষীৰ সূত্রটোৱে জনোৱা মতে ৰিহার্ছেল পৰীক্ষাৰ অন্যতম পৰিকল্পনাকাৰী আছিল কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) প্রশান্ত কুমাৰ দত্ত৷

উল্লেখ্য যে প্রশ্নকাকত ফাদিল হোৱাৰ পিছৰে পৰা প্রশান্ত কুমাৰ দত্তই কার্যালয়ত উপস্থিত হোৱা নাই৷ এই কেলেংকাৰিত নাম সাঙোৰ খাই পৰা দত্তক চিআইডিৰ কার্যালয়ত হাজিৰ হ’বলৈ চমন দিছে৷ উক্ত কেলেংকাৰিত অতিৰিক্ত আৰক্ষী অধীক্ষক দত্ত গ্রেপ্তাৰ হোৱাটো প্রায় নিশ্চিত বুলি জানিব পৰা গৈছে৷ ইফালে, ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ তথা কৰিমগঞ্জৰ পৰা হঠাৎ বৰপেটালৈ বদলি হোৱা আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক কালি চিআইডিৰ কার্যালয় আৰু বিশেষ শাখাৰ কার্যালয়ত জেৰা কৰাৰ পিছত দত্তৰ দুই দেহৰক্ষীক আজি জেৰা কৰে৷ চিআইডিৰ কার্যালয়ত উক্ত কেলেংকাৰিৰ গোচৰৰ তদন্তকাৰী বিষয়া অৰূপ মহন্তৰ নেতৃত্বত এটা বিষয়াৰ দলে দত্তৰ দেহৰক্ষী চিণ্টু হাজৰিকা আৰু মণ্টু দাসক আটক কৰি মাৰাথন জেৰা কৰে৷ এই দুই দেহৰক্ষীয়ে তদন্তকাৰী বিষয়াৰ আগত বহু বিস্ফোৰক তথ্য সদৰী কৰা বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রটোৱে জনোৱা মতে, যোৱা ১৮ ছেপ্টেম্বৰত কুমাৰ সঞ্জীত কৃষ্ণই দিবন ডেকাৰ সৈতে যোগাযোগ স্থাপন কৰিছিল আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক প্রশান্ত কুমাৰ দত্তই অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া পি কে দত্তক এছ আই পৰীক্ষাৰ প্রশ্নকাকত যোগান ধৰিছিল৷ ইফালে, এছ আই পদৰ চাঞ্চল্যকৰ নিযুক্তি কেলেংকাৰিত নাম সাঙোৰ খাই পৰা কুমাৰ সঞ্জীত কৃষ্ণৰ ৰুবুল হাজৰিকাৰে থকা যোগাযোগ আৰু কেলেংকাৰিত জড়িত থকাৰ তথ্য উদ্ধাৰৰ বাবে কালি চিআইডিয়ে ৰুবুল হাজৰিকাৰ দুটা ম’বাইল ফোন জব্দ কৰিছে৷ আনহাতে, সঞ্জীত কৃষ্ণৰ এজন দেহৰক্ষীৰো এটা ম’বাইল ফোন জব্দ কৰা বুলি জানিব পৰা গৈছে৷ এই ম’বাইল তিনিটা পৰীক্ষা কৰাৰ অন্তত ফৰেনছিক বিজ্ঞানাগাৰলৈ প্রেৰণ কৰা হ’ব বুলি আৰক্ষী সূত্রটোৱে জানিবলৈ দিছে৷
পি কে দত্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ
ইফালে, এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পি কে দত্তক আজি ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ ৬ দিন পূর্বে নেপালৰ পৰা আত্মসমর্পণৰ বাবে অসম অভিমুখে আহি থাকোঁতে ভাৰত–নেপাল আন্তর্জাতিক সীমান্তত নাটকীয়ভাৱে আটক হৈছিল দুর্নীতিৰ সম্রাট পি কে দত্ত৷ নেপালৰ সীমান্ত আৰক্ষীয়ে দত্তক পশ্চিমবংগ আৰক্ষীক গতাই দিয়াৰ পিছত অসম আৰক্ষীৰ এটা দলে শিলিগুৰিলৈ গৈ নিজৰ জিম্মাত লোৱাৰ পিছতে গ্রেপ্তাৰ কৰিছিল৷ বিতর্কিত বিজেপি নেতা দিবন ডেকাই পি কে দত্তৰ নাম নোলোৱাকৈ দত্ত উক্ত কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড বুলি ছ’চিয়েল মিডিয়াত বিস্ফোৰক অভিযোগ কৰিছিল৷ ছদিন জিম্মাত লৈ চিআইডিয়ে দত্তক মাৰাথন জেৰা কৰি কেলেংকাৰি সংক্রান্তত বহু তথ্য উদ্ধাৰ কৰে৷ ছদিনৰ জিম্মা শেষ হোৱাত পুনৰ জিম্মাত বিচাৰি চিআইডিয়ে আবেদন নকৰাত এইজন বিতর্কিত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়াক কামৰূপ (মহানগৰ) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷
এছ আই কেলেংকাৰিঃ জিণ্টু নাথক বিজেপিৰ উপ–সভাপতি পদৰ পৰা অপসাৰণ
অৱশেষত বিজেপিৰ বেজেৰা মণ্ডল সমিতিৰ উপ–সভাপতি পদৰ পৰা জিণ্টু নাথক অপসাৰণ কৰা হয়৷ ৰাজ্য কঁপাই যোৱা আৰক্ষী উপ–পৰিদর্শক কেলেংকাৰিৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ হোৱাৰ পিছতে জিণ্টু নাথক অপসাৰণৰ সিদ্ধান্ত গ্রহণ কৰে বিজেপিৰ বেজেৰা মণ্ডল সমিতিয়ে৷ কালি মণ্ডলৰ চাংসাৰিস্থিত কার্যালয় কক্ষত সভাপতি দিলীপ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এখন জৰুৰী কার্যনির্বাহক সভাত লোৱা প্রস্তাৱমর্মে জিণ্টু নাথক বেজেৰা মণ্ডলৰ উপ–সভাপতিৰ পৰা অপসাৰণ কৰা হয় যদিও দলৰ নিয়মানুসৰি দুই–এদিনৰ ভিতৰতে ৰাজ্যিক সমিতিয়ে বিজেপিৰ প্রাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰাৰ সম্ভাৱনা আছে৷

You might also like